হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন কিয় নেখেলে ?

1726
  • কংকন আচাৰ্য (দিল্লীৰ পৰা প্ৰকাশিত শ্ৰৱ্য ৱেবচাইট www.earshot.inৰ জ্যেষ্ঠ সহকাৰী সম্পাদক)

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


Politics is an art of story telling  ৰাজনীতিত যিয়ে মনোগ্ৰাহী আৰু বিশ্বাসযোগ্য কাহিনী কয় তেওঁ নিৰ্বাচন জিকে।এই কাহিনীবোৰত সচৰাচৰ একোজন নায়ক আৰু একোজন খলনায়ক থাকে আৰু থাকে Damsel in distress ; হিন্দী ছবিত যিদৰে নায়কে বিপদত পৰা নাৰীক উদ্ধাৰ কৰে, এই কাহিনীবোৰতো এনে উদ্ধাৰ অভিযান চলায় নায়কে। অসমৰ এইবাৰ নিৰ্বাচনত বিজেপি দলে ঠিক এই জাতীয় কাহিনী কবলৈ আৰম্ভ কৰিছে। এই কাহিনীৰ নায়ক সৰ্বানন্দ সোণোৱাল আৰু খলনায়ক হল বদৰুদ্দিন আজমল। এই কাহিনীত নায়ক সোনোৱালে অসমীয়া ৰাইজক বদৰুদ্দিন আজমলৰ পৰা উদ্ধাৰ কৰিব, বীৰদৰ্পে। এই বীৰ ৰসৰ কাহিনীৰ বিষয়ে এতিয়া সকলোৱে জানে। কিন্তু আমি আজি এই কাহিনীৰ বিষয়ে আলোচনা নকৰো।আলোচনা কৰিম এই কাহিনীৰ ৰচয়িতা, অসমৰ সাম্প্ৰতিক ৰাজনীতিৰ সৰ্বশ্ৰেষ্ঠ গল্পকাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে। হিমন্ত বিশ্ব শৰ্মাই কিয় ২০২১ চনৰ বিধানসভা নিৰ্বাচনত নিজে প্ৰাৰ্থী হিচাবে অৱতীৰ্ণ নহয় বুলি ঘোষণা কৰিছে? কি হব তেওঁৰ ভৱিষ্যত? এতিয়া এই প্ৰশ্নবোৰে অসমৰ ৰাজনীতিৰ চাকনৈয়াত পাক ঘুৰণী খাই ফুৰিছে। এই প্ৰশ্নবোৰ উঠাৰ চাৰিটা প্ৰধান কাৰণ আছে। সেয়া তলত দিয়া ধৰণৰ:

  • এইবাৰ নিৰ্বাচনত সমীকৰণৰ বিশেষ সাল সলনি নহলে বিজেপি জয়ী হব বুলি মোটামুটি সকলোৱে নিশ্চিত। নহলে হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে আন কেতবোৰ প্ৰশ্নহে উত্থাপন হলহেঁতেন।
  • বিগত সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মাৰ অসংখ্য ৰূপ অসমবাসীয়ে দেখিছে। কিন্তু প্ৰতিটো ৰূপ ধাৰণ কৰাৰ পিছতে তেওঁৰ ৰাজনৈতিক শক্তি বৃদ্ধি হৈছে। ২০১৫  চনত তেওঁ হিন্দুত্ববাদীৰ ৰূপ ললেকিন্তু ইয়াৰ পিছত তেওঁৰ ৰাজনৈতিক পদোন্নতি বিশেষ একো হোৱা নাই। কংগ্ৰেছৰ দিনতো তেওঁ মন্ত্ৰী আছিল আৰু এতিয়াও মন্ত্ৰী। গতিকে ইয়াৰ পিছত তেওঁৰ কত কিদৰে পদোন্নতি হব তাক লৈ জল্পনা কল্পনা চলিছে।
  • হিমন্ত বিশ্ব শৰ্মাৰ কেৰিয়াৰ সদায় মুখ্যমন্ত্ৰীৰ চকীখনৰ কেউদিশে একেটা কক্ষপথত ঘূৰি ফুৰিছে। মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ আমোলত তেওঁৰ ঘনিষ্ঠ, প্ৰফুল্ল কুমাৰ মহন্তৰ আমোলত তেওঁৰ ঘনিষ্ঠ, তৰুণ গগৈৰ আমোলত তেওঁৰ ঘনিষ্ঠ আৰু সৰ্বানন্দ সোনোৱালৰ আমোলত তেওঁৰ সহযোগী। গতিকে এইবাৰ তেওঁ অৱশেষত এই প্ৰদক্ষিণ এৰি মুখ্যমন্ত্ৰীৰ চকীত বহিব নেকি? এই প্ৰশ্নইও এতিয়া কৌতুহলৰ জন্ম দিছে।
  • কোৱা হয় যে অসমৰ ৰাজনীতি যদি এখন পালতৰা নাও হয়, তেনেহলে এই নাওৰ পাল হব হিমন্ত বিশ্ব শৰ্মা। ৰাজনীতিৰ বতাহ যি দিশে বলে তেওঁ সেই দিশে নিজৰ পাল পোনাই নিজৰ কেৰিয়াৰৰ পথ নিৰ্ধাৰণ কৰে।

গতিকে তেওঁ ৰাজনীতিৰ বতাহৰ খবৰ অলপ আগতীয়াকৈ পায়।তেওঁ নির্বাচনী ৰাজনীতিত অৱতীৰ্ণ নহয় বুলি কোৱা কথাষাৰ ভৱিষ্যতে হবলগীয়া কোনো ৰাজনৈতিক পট পৰিৱৰ্তনৰ  ইঙ্গিত নেকি? এই প্ৰশ্নইও বহুতৰ মনত দোলা দি গৈছে।

কিন্তু এই প্ৰশ্নবোৰলৈ যোৱাৰ আগতে এবাৰ চাওঁ আহক ২০২১ চনৰ নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ কেৰিয়াৰৰ কম্পাছ কোনকেইটা দিশত ঘূৰিব পাৰে। কোন কেইটা সম্ভাৱনাৰ দুৱাৰ তেওঁৰ বাবে খোলা আছে।

  • তেওঁ বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হব পাৰে
  • তেওঁক কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী হিচাবে দলে পদোন্নতি দিব পাৰে।
  • তেওঁক দলে ৰাষ্ট্ৰীয় দায়িত্ব থকা পদৱী  দিব পাৰে।
  • বিজেপি নেতৃত্বাধীন মিত্ৰজোতে যদি ২০২১ চনৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা নাপায় তেনেহলে তেওঁ কংগ্ৰেছ আৰু এ আই ইউ দি এফ সমৰ্থিত এখন সান মিহলি চৰকাৰৰ মুখ্যমন্ত্ৰী হ’ব পাৰে।

এতিয়া চাওঁ আহক ওপৰত উল্লেখিত সম্ভাৱনাবোৰৰ প্ৰতিটো বাস্তবলৈ ৰূপান্তৰিত হোৱাৰ ক্ষেত্ৰত তেওঁৰ সন্মুখত কি কি বাধা আছে আৰু তেওঁৰ পক্ষত কোনবোৰ ফেক্টৰ আছে।

বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী:

অকল দক্ষতাই যদি বিজেপিৰ বাবে মুখ্যমন্ত্ৰী বাছনিৰ একমাত্ৰ মাপকাঠি হয়, তেনেহলে হিমন্ত বিশ্ব শৰ্মা অপ্ৰতিদ্বন্দী। কিয়নো তেওঁৰ সমান দূৰদৰ্শী আৰু দক্ষ নেতা অসমত দ্বিতীয়জন পাবলৈ নাই। কিন্তু বাস্তৱত দেখা যায় যে বিজেপিয়ে তেনে লোককহে মুখ্যমন্ত্ৰী পাতে যি সংশ্লিষ্ট ৰাজ্যখনৰ হিন্দুসকলৰ একান্ত বিশ্বসী নেতা হয়। হিমন্ত বিশ্ব শৰ্মাক অসমৰ হিন্দু সমাজে কিমান বিশ্বাস কৰে সেয়া পাঠকে জানে। বিজেপিয়ে অসমত হিন্দুসকলক ৰাজনৈতিকভাবে ঐক্যবদ্ধ কৰাৰ কাম কৰি আছে। ইয়াৰ বাবে দলটোৱে অসমীয়া জাতীয়তাবাদৰ চোলাটো পিন্ধি লৈছে। গতিকে মুখ্যমন্ত্ৰী পদত দলটোক এজন জাতীয়তাবাদী নেতা লাগে। হিমন্ত বিশ্ব শৰ্মাৰ এই ইমেজ নাই।

অসমৰ মানুহে দম্ভালি বেয়া পায়। ভণ্ডামিপূর্ণ হলেও বিনয়হে ভাল পায়

বিনয়ী নেতাই সহজে জনতাক নিয়ন্ত্ৰণ কৰিব পাৰে। আসন্ন চাৰিটা বছৰ অসমৰ পৰা শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা বিয়পি থকাটো বিজেপিৰ বাবে একান্ত জৰুৰী। গতিকে দলত যিমানে দক্ষ নেতা নাথাকক কিয় বিজেপিয়ে এনে লোককহে নিয়োগ কৰিব যি সহজে ৰাইজৰ মন ভুলাই থাকিব পাৰিব। ৰাইজক ক্ষুব্ধ কৰি তোলা মানুহক নিশ্চয় বিজেপিয়ে মুখ্যমন্ত্ৰী নাপাতে।

কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী 

আকৌ কৈছো যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাত তেওঁৰ শত্ৰুৱেও সন্দেহ কৰিব নোৱাৰে। কিন্তু সেয়ে হলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেটত তেওঁ বহাৰ ক্ষেত্ৰত কিছু বাধা আছে। সেয়া এনে ধৰণৰ:
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দুৰ্নীতিৰ কোনো অভিযোগ প্ৰমাণ হোৱা নাই। কিন্তু মোদী কেবিনেটৰ সদস্য হব লাগিলে যিধৰণৰ ইমেজ লাগে, ঠিক সেইধৰণৰ ইমেজ তেওঁৰ আছে বুলিও কব নোৱাৰি। গতিকে এয়া তেওঁৰ বাবে অন্তৰায় হব পাৰে।
মোদী মন্ত্রীসভাৰ এটা বৈশিষ্ট্য হল যে প্ৰতিজন মন্ত্ৰীয়ে ইংৰাজী অথবা হিন্দী ভাষাত পাকৈত।গতিকে কেন্দ্ৰীয় চৰকাৰৰ একোজন মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক যিদৰে বুজাব পাৰিব লাগে, সেইদৰে তেওঁলোকে বুজাব পাৰে। হিমন্ত বিশ্ব শৰ্মাই সলসলীয়াকৈ ইংৰাজী অথবা হিন্দী কোৱাৰ ক্ষেত্ৰত বিশেষ দক্ষতা আহৰণ কৰিবলগীয়া আছে।
পিছে ৰাজনীতিত কেতিয়াবা দুৰ্বলতাও সবলতালৈ পৰিণত হয়। হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া অসমীয়া যেন লগা হিন্দী আৰু ইংৰাজী উচ্চাৰণ তেওঁৰ পক্ষতো থিয় দিব পাৰে। বিজেপিয়ে তেওঁক মোদীৰ মন্ত্ৰীসভাত লৈ দেশজুৰি এনে এটা বাৰ্তা দিবলৈ চেষ্টা কৰিব পাৰে- ভাৰতবৰ্ষৰ বিভিন্ন পিছপৰা অঞ্চলৰ লোকক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি দেশত ৰাষ্ট্ৰীয়তাবাদ সবল কৰাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰ ক্ষেত্ৰত থকা বাধাক আওকাণ কৰা হৈছে।

দলৰ ৰাষ্ট্ৰীয় দায়িত্ব:

এনে দায়িত্ব গ্ৰহণ কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত কোনো বাধা নাই বুলি কব পাৰি। ইয়াৰ কাৰণবোৰ তলত দিয়া ধৰণৰ:

  • তেওঁৰ অপৰিসীম সাংগঠনিক দক্ষতা আছে।
  • এনে দায়িত্ব গ্ৰহণৰ বাবে ইংৰাজী অথবা হিন্দী ভাষাত অতি উচ্চমান বিশিষ্ট দক্ষতা নালাগে। কিয়নো এনে দায়িত্বত থাকিলে ৰাষ্ট্ৰীয় মিডিয়াৰ লগত বৰ বেছি যোগাযোগ ৰখাৰ কথা নাথাকে।
  • তেওঁৰ অসমৰ দৰে অতি জটিল ৰাজ্য এখনত দুটাকৈ দলৰ ৰাজনীতি পৰিচালনাৰ অভিজ্ঞতা আছে। তেওঁৰ এই অভিজ্ঞতা বিজেপিৰ বাবে অতি মূল্যবান। বিজেপিয়ে এই অভিজ্ঞতাক দলত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে।
অ-বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী:

যদি কোনো কাৰণত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠত নাপায়, তেনেহলে হিমন্ত বিশ্ব শৰ্মাৰ বাবে কংগ্ৰেছ এ আই ইউ ডি এফ সমৰ্থিত এখন অ-বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হৈ পৰিব। অৱশ্যে এতিয়া বদৰুদ্দিন আজমলৰ নামত সাতকিল মৰা হিমন্ত বিশ্ব শৰ্মাই যদি ২০২১ চনত মৌলানা চাহাবৰ লগ লাগি চৰকাৰ গঠন কৰে, তাৰ পিছৰ নিৰ্বাচনত তেওঁ অসমবাসীক কি ৰাজনৈতিক কাহিনী শুনাব সেয়াহে লক্ষণীয় হব।

এতিয়া মূল প্ৰশ্নটোলৈ আহো-হিমন্ত বিশ্ব শৰ্মাই অহা বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দিতা নকৰো বুলি কোৱাৰ কাৰণ কি? দৰাচলতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰিলে আমাৰ গল্পকাৰজনৰ বিশেষ কোনো ক্ষয় ক্ষতি নহয়। ইয়াৰ কাৰণবোৰ তলত দিয়া ধৰণৰ।

  1. হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক উত্তৰণৰ এনে এক পৰ্যায়ত উপনীত হৈছে যত তেওঁৰ কেৰিয়াৰ এতিয়া নিৰ্বাচনী ৰাজনীতিৰ ওপৰত নিৰ্ভৰশীল নহয়। গতিকে এই অনুষ্ঠানিকতাক লৈ তেওঁ বৰ মূৰৰ কামোৰণী লৈ থকাৰ বিশেষ কোনো যুক্তিও নাই।ভাৰতৰ ৰাজনীতিত এনে বহু নেতা আছে যি নিজে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই কিন্তু ৰাজনৈতিক সাফল্যৰ চৰম শিখৰত উপনীত হৈছেগৈ।
  2. নিৰ্বাচন নেখেলো বুলি কৈ তেওঁ দলত নিজৰ ষ্টেটাছ বিজেপিৰ সকলো মন্ত্ৰী বা বিধায়কতকৈ পৃথক কৰি ললে। তেওঁ বুজাই দিলে যে বিজেপিৰ শ,শ মন্ত্ৰী বিধায়ক থাকিব পাৰে। কিন্তু আনতকৈ  তেওঁৰ স্থান আৰু গুৰুত্ব বেলেগ।
  3. এই সিদ্ধান্ত ঘোষণাৰ ফলত দলীয় নেতৃত্বই এটা বাৰ্তা পাব যে হিমন্ত বিশ্ব শৰ্মাক পুনৰ  মন্ত্ৰী ,বিধায়কৰ পদ দি সন্তুষ্ট কৰি ৰাখিব নোৱাৰি

কিন্তু প্ৰশ্নটো হল যে হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তক দলীয় নেতৃত্বই কি ভাবে লব? ইয়াৰ উত্তৰ সময়ত পোৱা যাব।