অসম আন্দোলনৰ সময়ত কিয় নুবুজিলে?

170
  • নৰেন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


অসম আন্দোলন বিৰোধিতাৰ যুক্তি প্ৰতিপন্ন কৰি প্ৰায়ে এটা কথা কোৱা হয় যে বামপন্থী বুদ্ধিজীবী সকলে
অসম আন্দোলনৰ সময়ত অসমৰ বিষয়ে যি ভবিষ্যদ্বাণী কৰিছিল, সেইবোৰ আখৰে আখৰে ফলিয়াইছে; কিন্তু এটা ভবিষ্যদ্বাণী, যিটো কৰিবলৈ বৰ বিশেষ বুদ্ধিমত্তাৰ প্ৰয়োজনো নাই, সেইটো কিয় কৰিব নোৱাৰিলে বা ইচ্ছাকৃতভাৱে নকৰাকৈ থাকিল, সেয়া চিন্তনীয়। তেতিয়াই কৰিব পৰা এটা সহজ ভৱিষ্যদ্বাণী আছিল যদিহে তেতিয়াই বিদেশী বহিষ্কাৰৰ ফলপ্ৰসূ ব্যৱস্থা লোৱা নহয়, তেনেহ’লে ভৱিষ্যতত অসমীয়া লোকসকল অসমত সংখ্যালঘুলৈ ৰূপান্তৰিত হ’ব আৰু ধীৰে ধীৰে অসমীয়াসকলৰ ৰাজনৈতিক অধিকাৰো অবৈধ বিদেশীৰ হাতলৈ যোৱাৰ উপক্ৰম হ’ব। যদিহে বিদেশী বহিষ্কাৰ আন্দোলনৰ বিৰোধিতা কৰাতকৈ সেই সময়ত আন্দোলনকাৰী অসমবাসীৰ এজন হৈ সেই আন্দোলনক লক্ষ্য অথবা পদ্ধতি কোনো ক্ষেত্ৰতে বিচ্যুত নোহোৱাকৈ ৰখাৰ বাবে প্ৰভাৱান্বিত কৰাৰ প্ৰয়াস কৰা হ’লহেঁতেন, তেনেহ’লে আহি আহি আজি হয়তো আমি এনে এটা সময়ত উপনীত হ’বলগীয়া নহ’লেহেঁতেন, হয়তো ১৯৭১লৈ অহা লাখ লাখ বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবেও অসহায় হৈ সন্মত হ’বলগীয়া নহ’লহেঁতেন। যিসকলে এটা সময়ত অবৈধ বাংলাদেশীয়ে অসমৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই অনা বুলি চিঞৰি থকা ‘আছু’ আদি কৰি অসংখ্য সচেতন অসমপ্ৰেমী লোকৰ সংশয়ত বিশেষ কোনো গুৰুত্ব প্ৰদান নকৰিলে বৰং সেয়া যে অমূলক, সেই কথাহে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিলে, ত্রিশ-পঁইত্রিশ বছৰ পিছত অকস্মাতে দেখা গ’ল সেইসকলৰ একাংশই কা আইন সন্দৰ্ভত অবৈধ হিন্দুৱে অসমৰ ভাষা-সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই অনা বুলি শংকিত হৈ উঠিছে, নিঃসন্দেহে এই হৃদয়ৰ পৰিৱৰ্তন আশাপ্রদ; অভিনন্দনযোগ্যও কিন্তু একে সময়তে কৌতূহল উদ্রেককাৰীও নহয়নে? খুব অবহেলাৰ স্বীকাৰ কৰি হলেও কব লাগিব যে এই ধৰণৰ বুদ্ধিজীবী সমুহ হৈছে বৌদ্ধিক জেহাদি ।