ৰাইবেৰেলিৰ পৰা কোন?

192
  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


লোকসভা এৰি ৰাজ্যসভালৈ যাব ছোনিয়া গান্ধী। বুধবাৰে ছোনিয়া গান্ধীয়ে ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ মননোয়ন দাখিল কৰাৰ পাছতে চৰ্চিত হৈ থকা এই কথা নিশ্চিত হয়। ইয়াৰ পাছতে এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে ৰাইবেলৰীত ছোনিয়াৰ উত্তৰাধিকাৰী কোন হ’ব?

সুদীৰ্ঘ সময়ধৰি ৰাইবেৰলীৰ পৰা ছোনিয়া গান্ধীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি নিৰ্বাচিত হৈ অহাৰ লগতে কংগ্ৰেছৰ এক দূৰ্গলৈ ৰূপান্তৰ কৰিছে। কংগ্ৰেছৰ বেয়া দিনটো ৰাইবেৰলীত ছোনিয়া গান্ধীক লৰাব পৰা নাই বিজেপিয়ে ,

কিন্তু এইবাৰ এই সমষ্টিৰ কি হ’ব? চৰ্চা অনুসৰি ৰাইবেৰলীত প্ৰিয়ংকা গান্ধী ভদ্ৰাক কংগ্ৰেছে প্ৰক্ষেপ কৰিব। কিন্তু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে যদিও প্ৰিয়ংকাক নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা দেখিবলৈ পোৱা নাই।

এনে পৰিস্থিতিত এতিয়া প্ৰশ্ন হৈছে ৰাইবেৰলীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ’ব? একেদৰে কংগ্ৰেছৰ আন এক দূৰ্গ আমেঠি সমষ্টিত কি হ’ব? বিগত লোকসভা নিৰ্বাচনত ৰাহুল গান্ধী এই সমষ্টিত স্মৃতি ইৰাণীৰ হাতত পৰাস্ত হৈছিল যদিও এই সমষ্টিত কংগ্ৰেছৰ শক্তিশালী গণভিত্তি আছে।

এনে পৰিস্থিতিত এই দুই সমষ্টিক লৈ ৰাজনৈতিক বিশ্লেষকসকলৰ উৎসুকতা বৃদ্ধি পাইছে। তাৰ বিপৰীতে মৌন হৈ আছে কংগ্ৰেছ নেতৃত্ব। পাঁচবাৰ লোকসভাৰ সাংসদ হোৱাৰ পাছত বুধবাৰে ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ মনোনয়ন দাখিল কৰিলে।

প্ৰথম ৫ বছৰ তেওঁ আমেঠি লোকসভা সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছিল। তাৰ পাছত তেওঁ ২০ বছৰ ৰাইবেৰলীৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে ছোনিয়া গান্ধী। ৰাহুল গান্ধীয়ে বিগত লোকসভা নিৰ্বাচনত আমেঠিৰ পৰা প্ৰতিদ্বন্দিতা কৰি পৰাস্ত হৈছিল।

কেৰালাৰ ৱায়ানাড সমষ্টিৰ পৰাহে তেওঁ নিৰ্বাচিত হৈছিল। কংগ্ৰেছৰ শীৰ্ষ সূত্ৰৰ খবৰ অনুসৰি ৰাহুল গান্ধী এইবাৰো কেৰালাৰ ৱায়ানাডৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। কিন্তু ইয়াৰ সমান্তৰালকৈ আমেঠি বা ৰায়বেৰলীৰ পৰা প্ৰতিদ্বন্দিতা কৰিবনে নাই তাৰ উত্তৰ কোনেও দিয়া নাই।

কংগ্ৰেছৰ গৰিষ্ঠসংখ্যকে প্ৰিয়ংকা গান্ধী ভদ্ৰাক ৰাইবেৰলীত প্ৰাৰ্থী হোৱাটো বিচাৰিছে। সমাজবাদী পাৰ্টীয়েও এই ৰাইবেৰলী আৰু আমেঠিত কংগ্ৰেছক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ আঁৰত আছে আন এক ৰাজনীতি।

উত্তৰ প্ৰদেশৰ ৰাইবেৰলী আৰু আমেঠি এই দুই সমষ্টিত গান্ধী পৰিয়ালৰ কোনে সদস্যই প্ৰতিদ্বন্দিতা নকৰিলে উত্তৰ ভাৰতৰ বাবে এক ভুল বাৰ্তা যাব পাৰে। যিহেতু ছোনিয়া গান্ধীয়ে লোকসভা এৰি ৰাজ্যসভালৈ যোৱাটো নিশ্চিত হ’ল সেয়েহে ৰাহুল আৰু প্ৰিয়ংকাক তেওঁলোকে এই সমষ্টিত বিচাৰিছে।

ইফালে ছোনিয়া গান্ধীয়ে লোকসভা এৰি ৰাজ্যসভালৈ যোৱাৰ কথা নিশ্চিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছোনিয়া গান্ধীৰ নাম নোলোৱাকৈ কটাক্ষ কৰি কয়, কোনো কোনোৱে পৰাজিত হোৱাৰ ভয়তে ৰাজ্যসভালৈ যাবলৈ বিচাৰিছে। বিহাৰৰ বিজেপি নেতা সম্ৰাট চৌধুৰীয়ে কটাক্ষ কৰি কয়, ইয়াৰ পাছত ৰাহুল গান্ধীয়েও ৰাজ্যসভাৰ পৰা সাংসদ হ’ব লাগিব। কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে সমালোচনা কৰি কয়, ছোনিয়া গান্ধী ক্লান্ত হৈ পৰিছে নে কংগ্ৰেছ ক্লান্ত হৈ পৰিছে সেয়া জনতাই ঠিক কৰিব।