মোদী বনাম শক্তিহীন বিৰোধী

197
  • গণেশ বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


২০১৪ আৰু ২০১৯ত বিজেপিয়ে নিজৰ বলত লোকসভাত সংখ্যাগৰিষ্টতা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মুখ্য কাৰণ আছিল নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা। মোদীৰ কাম কৰাৰ দক্ষতা আৰু বাকপটুতা অতুলনীয়। সেইবাবে তেওঁ বিজেপিৰ অদ্বিতীয় নেতা। বিজেপিৰ এনে এটা শক্তিৰ বিৰূদ্ধে যুজিবলৈ বিৰোধী দলে বহু বেছি পৰিকল্পনা কৰাৰ প্ৰয়োজন আছিল। পাটনাত বিৰোধী দলসমূহ একগোট হোৱাৰ পিছত কিছু আশাৰ সঞ্চাৰো হৈছিল। কিন্তু কংগ্ৰেছে ইয়াৰ সুবিধা ল’ব নাজানিলে। নিতিশ কুমাৰ আতৰি গ’ল। মমতা বেনাৰ্জীয়ে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিলে। বিৰোধী দলৰ মাজত এতিয়াও আসন বুজাবুজি সম্পূৰ্ণ হোৱা নাই। ফলত নৰেন্দ্ৰ মোদী পুনৰ সুবিধাজনক স্তিতিত আছে। বিজেপিৰ শক্তিশালী প্ৰধানমন্ত্রী, শক্তিশালী নিৰ্বাচনী যন্ত্র আৰু আৰএছএছক প্ৰতিহত কৰিবলৈ কংগ্ৰেছে একবছৰ মান আগৰ পৰাই প্ৰস্তুতি চলাব লাগিছিল। বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰাৰ আগতেই ইণ্ডিয়াৰ আসন বুজাবুজি সম্পন্ন হ’ব লাগিছিল। কিন্তু বিৰোধী দলৰ অদুৰদৰ্শিতাৰ ফলত ২০২৪ত ব্যাপক জয়ৰ পিনে আগবাঢ়িছে বিজেপি। বিৰোধী দলে তামিলনাডু,কেৰেলা আৰু তেলেংগানাত কিছু আসন পাব যদিও তাক বাদ দি বেছি আশা কৰিব নোৱাৰে। ডাঙৰ প্ৰদেশ উত্তৰ প্ৰদেশ,বিহাৰ,মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত বিজেপিৰ স্তিতি মজবুট। ৰাজস্থান, মধ্যপ্ৰদেশ,গুজৰাট, অসম, কৰ্ণাটক,উৰিষ্যা, ঝাৰখণ্ড আৰু হাৰিয়াণাতো বিজেপিয়ে ভাল প্ৰদৰ্শন কৰাৰ সম্ভাবনা আছে। ৪০০ পাৰ কৰিব নোৱাৰিলেও বিজেপিয়ে অনায়াসে ২০২৪ত চৰকাৰ গঠন কৰিব পাৰিব।