গৌৰৱ গগৈৰ ৰাজনৈতিক ভবিষ্যত

349
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


সমষ্টি পুনৰনিৰ্ধাৰনৰ পিছৰে পৰা সকলোৰে মাজত এটা উৎসুকতা আছিল। গৌৰৱ গগৈয়ে ক’ৰ পৰা নিৰ্বাচন খেলিব? কাজিৰঙা , নগাওঁ নে যোৰহাট? যোৱা দুটা নিৰ্বাচনত গগৈয়ে কলিয়াবৰৰ পৰা বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈছিল। সেইসময়ত মুছলমানৰ প্ৰভাব থকা সমষ্টি অসমত আছিল ৫টা। ধুবুৰী, বৰপেটা, কৰিমগঞ্জ, নগাওঁ আৰু কলিয়াবৰ। আজমলেও মুলতঃ তিনিটা সমষ্টিত মনোনিবেশ কৰি নগাওঁ আৰু কলিয়াবৰ কংগ্ৰেছৰ বাবে এৰি দিছিল। সময় সলনি হ’ল। অসমত মুছলমানে ফলাফল নিৰ্ণয় কৰিব পৰা সমষ্টি হ্ৰাস পালে তিনিটালৈ। আজমলে এই তিনিটাৰ এটাও কংগ্ৰেছক উপহাৰ দিব নিবিচাৰিলে। ফলত সমস্যা হ’ল গগৈৰ। তেওঁ অন্তিম সময়লৈ অপেক্ষা কৰি দেখিলে যে নগাঁওৰ পৰা টিকট পাব আমিনুল ইছলামে। আমিনুল ইছলাম ধিংৰ বিধায়ক তথা এজন শক্তিশালী মুছলমান প্ৰাৰ্থী। ৬০% মুছলমানে গৌৰৱ গগৈক ভোট দিয়াতকৈ নিজৰ মাজৰে এজনক ভোট দিব বিচাৰিব। আনহাতে হিন্দুসকলে বিজেপিকে ভোট দিয়াৰ সম্ভাবনা বেছি। সকলো হিচাপ নিকাচ কৰি প্ৰাক্তন মুখ্যমন্ত্রী পুত্রজনে যোৰহাটৰ পৰা নিৰ্বাচন খেলাৰ সিদ্ধান্ত ল’লে। যোৰহাটত তপন গগৈ এজন শক্তিশালী প্ৰাৰ্থী। আছুৰ প্ৰাক্তন সম্পাদকজনে মুখেৰে কথা কম কয় যদিও সমষ্টি ত তেওঁৰ প্ৰভাব আছে। মনোনয়ন পত্র প্ৰদানৰ দিনা হোৱা মানুহৰ ভিৰে প্ৰমাণ কৰিলে যে অসমৰ হিন্দু ৰাইজে পুনৰ নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰধানমন্ত্রী হোৱাটো বিচাৰে। গৌৰৱ গগৈয়ে কিছু প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কিছু আহোম ভোটো তেওঁ পাব। কিন্তু সেয়া যঠেষ্ট নহয়। মুছলমান ভোটাৰ খুৱ কম পৰিমানে থকা যোৰহাট সমষ্টিত ৰাণা গোস্বামী প্ৰমুখ্যে বহু কংগ্ৰেছ নেতা বিজেপিলৈ গুছি গ’ল। তেনে পৰিস্থিতি গৌৰৱ গগৈ যদি ১ৰ পৰা ২ লাখ ভোটত পৰাজিত হয় তেন্তে আমি আচৰিত নহও। লোকসভা নিৰ্বাচনত পৰাজিত হ’লে গৌৰৱ গগৈ ৰাজ্যৰ ৰাজনীতিলৈ ঘুৰি অহাৰ পূৰ্ণ সম্ভাবনা আছে।