ভোটদানৰ হাৰ কম হ’লে কংগ্ৰেছ জয়ী হ’ব?

258
  • ভাস্কৰ বৰা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


অনুগ্ৰহ কৰি তেওঁক পাপ্পু বুলি ভুল নকৰিব। ছদ্মবেশত তেওঁহে আমাক পাপ্পু বনাইছে! তেওঁ দেশক জাতি , ভাষা ধৰ্মৰ নামত বিভাজন কৰাৰ ষড়যন্ত্ৰ কৰিছে! ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত সংসদত ৰাহুল গান্ধীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰিছিল যে, “ভাৰতক ৰাষ্ট্ৰ হিচাপে বৰ্ণনা কৰা হোৱা নাই,ইয়াক ‘ৰাজ্যৰ সংঘ’ বুলি বৰ্ণনা কৰা হৈছে।”২০২২ চনৰ ১৫ মে’ত “কংগ্ৰেছ নৱ সংকল্প চিন্তা শিৱিৰ” অনুষ্ঠানৰ সময়ত তেওঁ একে কথাকে পুনৰবাৰ উল্লেখ কৰি কৈছিল, -” সংবিধানত ভাৰতক ৰাষ্ট্ৰ হিচাপে বৰ্ণনা কৰা হোৱা নাই, ইয়াক ‘ৰাজ্যৰ সংঘ’ বুলিহে বৰ্ণনা কৰা হৈছে।” ২০২২ চনৰ ২১ মে’ত লণ্ডনত অনুষ্ঠিত আন এক অনুষ্ঠানত তেওঁ কয়, “মই ভাৰতক ৰাজ্যৰ সংঘ বুলি বৰ্ণনা কৰিছো, আৰু সংবিধানত ভাৰতক এনেদৰে বৰ্ণনা কৰা হৈছে। সংবিধানত ভাৰতক ৰাষ্ট্ৰ হিচাপে বৰ্ণনা কৰা হোৱা নাই।”
বৃটিছ ভাৰতীয় প্ৰশাসনিক বিষয়া জন ষ্ট্ৰেচীয়ে ভাৰতৰ বিষয়ে এনেদৰে কৈছিল -“The first and most important things to learn about India is that there is not and never was an India,and it will never become a united nation.”। সেই একেই অনুভূতি প্ৰকাশ পাইছিল বৃটিছ ইতিহাসবিদ জে আৰু ছিলিৰ ভাষ্যত তেওঁ কৈছিল -“India only a geographical expression like Europe or Africa.”। বৃটিছ প্ৰধান মন্ত্ৰী উইনছটন চাৰ্চিলে কৈছিল- “India is not a country or a nation; it is rather a continent inhabited by many nations।” ইংৰাজৰ সেই বিভাজনকাৰী আখ্যান আজিও কংগ্ৰেছে জীয়াই ৰাখিছে।কেৱল সেয়াই নহয় ,হিন্দুৰ ঐক্য ৰোধ কৰিবলৈ বৃটিছে ভাৰতীয় সকলক বিভিন্ন জাতিত শ্ৰেণীভূক্ত কৰি ৰাখিছিল আৰু ক্ৰমবৰ্ধমান হিন্দুৰ ঐক্য ৰোধ কৰিবলৈ ৰাহুল গান্ধীয়েও সেই একেই প্ৰচেষ্টা অব্যাহত ৰাখিছে সেয়েহে তেওঁ কৈছে- “There are not two castes in this country, there are thousands of castes, and we want to know how many people belong to each caste.”বৃটিছে সকলোতকৈ বৃহৎ সংখ্যালঘু বৰ্গক সন্তুষ্ট কৰাৰ সমান্তৰালকৈ হিন্দুক জাতিৰ আধাৰত ভাগ কৰিছিল ।ৰাহুল গান্ধী আৰু কংগ্ৰেছেও একেই কামেই কৰিছে।এটা সাক্ষাৎকাৰত ৰাহুল গান্ধীয়ে কৈছিল – “Muslim League is a completely secular party; there is nothing non-secular about the Muslim League.”

ব্ৰিটিছ মিছনেৰীসকলে ভাষাৰ ওপৰত ভিত্তি কৰি ভাৰতীয়সকলক শ্ৰেণীবিভাজন কৰিছিল। ৰাহুল গান্ধীয়েও সেই একেই প্ৰথা অনুসৰণ কৰিছে। উত্তৰ ভাৰত-দক্ষিণ ভাৰতৰ নামত বিভাজনক ব্ৰিটিছে ইন্ধন যোগাইছিল আৰু কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰযোট দলসমূহে থিক একে কামকে কৰি আহিছে।অৱশ্যে ৰাহুল গান্ধীয়ে এখোজ আগুৱাই সশস্ত্ৰ বাহিনীৰ বিভিন্ন বিষয়া সকলৰ মাজত বিভাজন কৰাৰ চেষ্টা কৰিছে। তেওঁ কৈছিল-“In the ‘One Rank One Pension’ scheme, officers benefited more, while our soldiers received fewer benefits. At the end of the day, it’s the soldiers who are fighting.Yes, officers also fight, but soldiers fight in thousands.”তেওঁ কৰ্মচাৰীক মালিকৰ বিৰুদ্ধে ,বিক্ষোভকাৰীক শাসনযন্ত্ৰৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ উচতাই আহিছে।সমাজক বিভাজন আৰু বিশৃংখল সৃষ্টি কৰি ,তেওঁ আৰু তেওঁৰ পৰিয়ালে যাতে পুনৰ শাসন ব্যৱস্থা নিজৰ হাতলৈ নিব পাৰে তাৰ বাবে প্ৰণালীবদ্ধভাৱে চেষ্টা কৰি আহিছে। কংগ্ৰেছে ঔপনিৱেশিক শক্তিয়ে ব্যৱহাৰ কৰা একেই কৌশলকে ব্যৱহাৰ কৰিছে – “বিভাজন কৰি শাসন কৰা।”

নিৰ্বাচন আয়োগে ২০২৪ চনৰ লোক সভাৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে।ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছে এনে এক ভয়ংকৰ ষড়যন্ত্ৰৰ পৰিকল্পনা কৰিছে যাক সকলো শ্ৰেণীৰ নাগৰিকে বুজাটো অতি প্ৰয়োজনীয়। ২০০৪ চনত তেওঁলোকে এনে পৰিকল্পনা কাৰ্যকৰী কৰি সফল হৈছিল আৰু অটল বিহাৰী বাজপেয়ীজীৰ নেতৃত্বত এনডিএ ৰ নিৰ্বাচনত পৰাজিত হৈছিল। ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে ইয়াৰ পুনৰাবৃত্তি কৰা আমি লক্ষ কৰিছোঁ।ইয়াৰ আগতে প্ৰিয়ঙ্কা গান্ধীয়ে বানাৰসৰ পৰা নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে নিৰ্বাচন খেলিব বুলি কৈছিল কিন্তু অৱশেষত নিৰ্বাচনত অৱত্তীৰ্ণ নহয় বুলি হঠাৎ ঘোষণা কৰিছে।ইয়াৰ দ্বাৰা এক নেৰেটিভ চলাবলৈ বিপক্ষ ই চেষ্টা চলাইছে যে এইবাৰৰ নিৰ্বাচনত বিজেপি কোনো প্ৰতিদ্বন্দী নোহোৱাকৈ জিকিব ,থিক যেনেকৈ ২০০৪ চনত অটল বিহাৰী বাজপেয়ীজী অপৰাজেয় বুলি প্ৰচাৰ কৰিছিল। সমাজবাদী আৰু বহুজন সমাজ পাৰ্টীয়েও মোদীৰ বিৰুদ্ধে দূৰ্বল প্ৰাৰ্থী থিয় কৰাব।মোদীক বিৰোধিতা কৰা সংবাদ মাধ্যম সমূহে এইকেইদিন মোদী অপ্ৰতিৰোধ্য বুলি হঠাৎ প্ৰচাৰ চলাইছে।কংগ্ৰেছৰ সৈতে ঘনিষ্ঠ চেম প্ৰিটদিয়াই প্ৰিয়ংকা ভাৰ্দাক মোদীৰ বিৰুদ্ধে নিৰ্বাচন নেখেলিব উপদেশ দিয়াৰ কথা সংবাদ মাধ্যম সমূহে প্ৰচাৰ চলাইছে। কংগ্ৰেছ আৰু প্ৰিয়ংকাই মোডীক ভয় কৰে বুলি ৰাইজৰ মনত এক ধাৰণা সুমুৱাই দিবলৈহে কংগ্ৰেছে আৰু বিৰোধীয়ে আচলতে পূৰ্ব পৰিকল্পিতভাৱে কৌশল ৰচনা কৰিছে। আচলতে এয়া কংগ্ৰেছ দলৰ নিৰ্বাচনী কৌশলৰ এটা অংশহে ,যাতে সাধাৰণ মধ্যবিত্তীয় লোকসকলে অতি সহজতে ভাৰতীয় জনতা পাৰ্টীৰ জয়ী হব বুলি আত্মবিশ্বাসী হৈ নিৰ্বাচনৰ দিনা ভোটদানৰ বাবে নাযায়।থিক ২০০৪ চনৰ নিৰ্বাচনৰ দৰে।অটল বিহাৰী বাজপেয়ীজী জনপ্ৰিয় নোহোৱাৰ বাবে নহয় বৰঞ্চ নিৰ্বাচনৰ দিনা ৰাইজে আত্মবিশ্বাসী হৈ ভোট দিবলৈ নোযোৱাৰ বাবেহে পৰাজিত হৈছিল।কংগ্ৰেছেও একে কৌশলকে পুনৰাবৃত্তি কৰিছে। সকলো ৰাইজকে সেয়েহে অনুৰোধ জনাও যাতে তেওঁলোকে একে ভুলৰ পুনৰাবৃত্তি নকৰি বিপুল ভোটদান কৰিলেহে কংগ্ৰেছক নিৰ্মূল কৰিব পৰা যাব। আমি এবাৰ ভুল কৰি ফ্ৰেজাইল ফাইভ অৰ্থনীতিত উপনীত হৈছিলোঁ থিক একে সময়তে আনহাতে চীনে ৩ ট্ৰিলিয়ন অৰ্থনীতিৰ পৰা আগুৱাই ১৩-১৪ ট্ৰিলিয়ন অৰ্থনীতিলৈ পৰিণত হ’ল। নৰেন্দ্ৰ মোডীৰ সক্ষম নেতৃত্বত আমি ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ পৰিকল্পনা কৰিছো।সেই ভুলৰ পুনৰাবৃত্তি নকৰিব।

অনুগ্ৰহ কৰি “আয়েগা টু মোদীজী হী” মানসিকতাৰ পৰা ওলাই আহক। নিৰ্বাচনৰ দিনা ভোটাৰক ভোটদানৰ পৰা প্ৰতাৰণা কৰা এয়া কংগ্ৰেছ, বিৰোধী, বাওঁ উদাৰবাদীৰ ষড়যন্ত।