গুৱাহাটীঃ বিদেশীৰ সমীক্ষাত অত্যধিক গুৰুত্ব কিয়?

127
  • ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


সমগ্ৰ বিশ্বৰ ভিতৰতে গুৱাহাটী মহানগৰ দ্বিতীয় প্ৰদুষিত ঠাই বুলি প্ৰকাশ পোৱা বাতৰি এটা ৰজনজনাই গৈছে ৷ঘোষণাটো কৰিছে চুইজাৰলেণ্ডৰ IQ air নামৰ সংস্থা এটাই ৷ ই সংবাদ পত্ৰৰ শিৰোণাম দখল কৰিছে , প্ৰথম পৃষ্ঠাৰ হেডলাইন হৈ পৰিছে ৷ বাতৰি পঢ়িয়েই বহুতৰ শ্বাসকষ্ট হৈছে ৷ নি:সন্দেহে গুৱাহাটীত বায়ু প্ৰদুষণ আছে ৷ বহু লেতেৰা এলেকা আছে ৷ কিন্তু বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত লেতেৰাৰ ক্ষেত্ৰত ? বিশ্বৰ এশখন লেতেৰা ঠাইৰ ৮৩ খনেই ভাৰতৰ ৷ অলপ খটকা লাগে ৷
বিদেশৰ কোনোবাই আমাৰ দেশ বা ঠাইখন বেয়া বুলি কʼলে আমি এচাম সহজতে উৎফুল্লিত হৈ উঠোঁ ৷ চিনিকেল আনন্দহীন জীৱনত এইবোৰেই আমাৰ যেন আনন্দৰ উৎস ৷ দেশীয় কোনো সংস্থাই কʼলে হয়তো আমি উৰুৱাই দিব পাৰিলোহেতেঁন , জাঙুৰ খাইও উঠিব পাৰিলোহেতেঁন ৷ কিন্তু সুদূৰৰ বিদেশী সংস্থাই কৈছে ৷ বৃটিছৰ দিনৰ পৰা মন-মগজুত স্তৰীভূত হোৱা দাসত্বৰ গেদবোৰ এতিয়াও মচি পেলাব পৰা নাই ৷ সেয়েহে বগা চামৰাৰ লোকৰ কথাই এতিয়াও আমাৰ বাবে ঈশ্বৰৰ মুখ-নি:সৃত সত্য ৷ বিদেশৰ তত্ব , বিদেশৰ দৰ্শন , বিদেশৰ জ্ঞান , বিদেশৰ স্বীকৃতি , বিদেশৰ বঁটা সকলোৰে প্ৰতি আমাৰ সন্দেহমুক্ত সমৰ্পন ৷ এই খবৰটোৱে সংবাদ পত্ৰত মাত্ৰাধিক গুৰুত্ব লাভৰ আঁৰত আমাৰ এনে কোনো দাসত্বৰ মানসিকতাই কাম কৰিছে নেকি ?
ছুইজাৰলেণ্ডৰ দুজন ভায়েকৰ এজনৰ এজমা ৷ এজমাৰ এটা কাৰণ যেহেতু বায়ু প্ৰদুষণ , সেয়েহে বায়ু প্ৰদুষণৰ মাত্ৰা কমাবলৈ তেওঁলোকে ফিল্টাৰকে আদি কৰি সা-সজুলি নিৰ্মাণ কৰি এক ব্যৱসায় আৰম্ভ কৰিলে ৷ দেউতাকৰ পিছত সন্তানসকলে সেই পাৰিবাৰিক ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটালে ৷ এছিয়াত ব্যৱসায় বৃদ্ধিৰ বাবে কাৰ্যালয়ো খুলিলে ৷ পৰিয়ালকেন্দ্ৰিক ব্যৱসায় বাবে , তেওঁলোকৰ আয়-ব্যয় ৰাজহুৱা কৰাৰো দায়-দায়িত্ব নাই , কৰো দিব নালাগে সম্ভৱ ৷ তেওঁলোকৰেই সমীক্ষা ৷ বিশ্বসুন্দৰী প্ৰতিযোগিতাত বোলে যি দেশত স্পন্ছৰসকলৰ ফেশ্যন- ব্যৱসায় সম্প্ৰসাৰণৰ উদ্দেশ্য থাকে , সাধাৰণতে সেই দেশৰ প্ৰতিযোগীকে বিশ্ব-সুন্দৰীৰ খিটাপ দিয়া বুলি চৰ্চিত ৷ IQ Air ৰ সমীক্ষাৰ আঁৰতো ভাৰতবৰ্ষ তথা অসমত IQ Air ৰ সামগ্ৰীৰ এখন বজাৰৰ ক্ষেত্ৰ প্ৰস্তুত কৰাৰ পৰিকল্পনা নহয়তো ৷
প্ৰদুষণৰ প্ৰতি আমাৰ সজাগতা বৃদ্ধি হওক , গুৱাহাটী এখন প্ৰদুষণ মু্ক্ত চহৰ হওক ৷এয়া আমাৰ কাম্য ৷ কিন্তু ছুইজাৰলেণ্ডৰ এটা পৰিয়ালকেন্দ্ৰিক অনুষ্ঠানৰ সমীক্ষাৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপৰ আঁৰত আমাৰ বগা-চামৰাৰ প্ৰতি দাসত্বৰ মনোভাৱ বা বিদেশী ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা বা বিদেশৰ ঔদ্যোগিক প্ৰদুষণৰ পৰা দৃষ্টি আতৰোৱা বা আমাৰ ঔদ্যোগিকৰণৰ বিৰুদ্ধে লোকক উচটনি দিয়া বা নিজৰ ঠাই বা দেশৰ নিন্দাত উল্লসিত হোৱাৰ এক বিকৃত মানসিকতায়ো কাজ কৰিছে নেকি , সেয়া ভাবি চাবলগীয়া ৷