বৰ্তমানৰ শাসকৰ ৰাজনৈতিক বিকল্প বিচাৰোঁ

298
  • পৰাগ পৱন শৰ্মা বৰা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


বহুতে সোধে ইলেকচনত কি হ’ব।মই কঁওযে এই বিষয়ে চিন্তা কৰাই নাই। অনেকে মোৰ কথাত অবাক হয়।আচলতে চিন্তা কৰা নাই নহয়, এইটো ইলেকচনকলৈ এতিয়া চিন্তা কৰিব লগীয়া একো নাইয়েই।মুঠতে ধন জনৰ জোৰ যাল এই মুলুকো তাৰ।ধনৰ কাচে গোপাল নাচে বুলি এষাৰ কথা আছে।এতিয়া আমাৰ দেশত ধনৰ ওচৰত জনতা জনাৰ্দনো নাচিবলৈ লৈছে। চৰকাৰৰ হিতাধিকাৰী ৰাজনীতিৰ কামাল এইটো। আমাৰ দৰে গণতন্ত্ৰ মূল্যবোধ জনমুক্তিকামী বা জনকল্যাণকামী আদৰ্শত বিশ্বাসী মানুহবোৰ দিনকদিনে সংখ্যালঘু হৈ এতিয়া দেশৰ ৰাজনীতিত একেবাৰে অপ্ৰাসংগিক হৈ আহিছে।কেতিয়াবা বাতৰি কাকতত একলম লেখি বা ফেচবুক সামাজিক মাধ্যমত এহালিচা লেখি বা কাৰোবাৰ লগত চুলিচিগা তৰ্ক বিতৰ্কত সময় শক্তি খৰচ কৰি মনৰ অক্ষম ক্ষোভ শাম কটাব লগীয়া হৈছে।গণতন্ত্ৰ সুস্থ সক্ষম আৰু কাৰ্যক্ষম হৈ থাকিবলৈ হ’লে বিৰোধী পক্ষৰ শক্তিশালী অবস্থান থাকিব লাগিব।এইবাবেই আমি ঐক্যবদ্ধ বিৰোধী পক্ষৰ নিৰ্বাচনী সফলতা কামনা কৰোঁ। ইয়াতকৈ ডাঙৰ কথা আমি বৰ্তমানৰ শাসকবৰ্গৰ ৰাজনৈতিক বিকল্প বিচাৰোঁ।এই বিকল্প কেৱল দলটোৰ বা ৰাজনৈতিক শিবিৰৰ নামটো পৃথক হোৱা চাইনবৰ্ডৰ বিকল্প নহৈ নেতা আৰু নীতিৰ প্ৰকৃত বিকল্প হ’ব লাগিব।এইখিনিতে এতিয়া আচল সমস্যাৰ সৃষ্টি হৈছে।বামপন্থী সকলক বাদ আমাৰ দেশৰ বিৰোধী ৰাজনৈতিক দল বিলাক প্ৰকৃততে এতিয়াৰ শাসক দলটোৰ বিকল্প নে বি টিম এই কথাটোৱেই এতিয়া ধৰিবলৈ টান হৈ পৰিছে।আগদিনা এটা দলত থাকি মঞ্চ কঁপাই থকা এটা দলৰ মুখৰ নেতাজন পিছদিনখন কোনটো ৰাজনৈতিক দলত থাকিব এতিয়া ধৰিবলৈকে টান হৈ পৰিছে।নিচক ব্যক্তিস্বাৰ্থ আৰু নিকৃষ্ট সুবিধাবাদৰ বাহিৰে এতিয়া ভাৰতীয় ৰাজনীতিত আন একো আদৰ্শই নোহোৱা হৈ পৰিছে।আগদিনা ঘোৰ চেকুলাৰ হৈ থকা নেতাজন পিছদিনা ঘোৰ হিন্দুত্ববাদী হৈ পৰে। মুকলিকৈ নিলৰ্জভাবে সংখ্যালঘু তুষ্টীকৰণৰ ৰাজনীতি কৰাজন পিছদিনা উগ্ৰহিন্দুত্ববাদী হৈ পৰি আটাহ পাৰিবলৈ ধৰে।গতিকে এতিয়া আমাৰ দৰে ভোটাবুদ্ধিৰ ঘোলা চকুৰে চাই গোটেইখন একেবাৰে ধোঁৱাকোৱা দেখিছোঁ।
দেশৰ মূলসুঁতিৰ ৰাজনৈতিক দল সমূহৰ বিপৰীতে দেশৰ বামপন্থী সকলৰ মাজতে ৰাজনৈতিক সূচিতা ক্ষীয়মান হলেও এতিয়াও বৰ্তি আছে।পিছে ইও এতিয়া আশাতো বাদে সান্তনাৰ বিষয় হৈও থকা নাই।ইয়াৰ কাৰণ হৈছে এতিয়া এইখন দেশত প্ৰথাগত বামপন্থী ৰাজনীতি বা ৰাজনৈতিক আ-আন্দোলনবোৰো এতিয়া বীৰ্যহীন হৈ পৰিছে।ইয়াৰ কাৰণ নিশ্চয় বামপন্থী সকলৰ মতান্ধতা অৰ্থাৎ আত্মসমীক্ষণ তথা আত্মসংশোধনৰ বাবে আত্মিক প্ৰচেষ্টাৰ অভাৱ।দেশৰ মাটিত তেঁওলোকৰ নিজৰৈ সবল অবস্থান নথকাৰ বাবে বিৰোধীদলৰ যুক্তফ্ৰণ্ট গঢ়াৰ ক্ষেত্ৰতো তেঁওলোকে কোনো নিৰ্ণায়ক প্ৰভাবশালী ভুমিকা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে।নীতিহীন সুবিধাবাদী বিৰোধী বুৰ্জোৱা ৰাজনৈতিক দলবোৰক সংযত কৰি শাসনত ৰাখিব পৰাকৈ বামপন্থী সকল নিজে শক্তিশালী হৈ নেথাকিলে যুক্তফ্ৰণ্টৰ ৰাজনীতি কেতিয়াও সফল নহয়।ফলত বামপন্থী সকল নিজেহে নিজৰ ভেটি হেৰুৱাই বুৰ্জোৱা সুবিধাবাদী ৰাজনীতিৰ ঢৌত উটি যাব লগীয়া হয়।এতিয়া আমাৰ দেশত এইটোৱেই হৈছে। এইবাৰৰ বৰপেটাৰ লোকসভাৰ আসনখন যোগ্যবান বামপন্থী প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক এৰি দিব লাগে বুলি আমাৰ একাংশ পুজ্য বাম গণতান্ত্ৰিক লেখক বুদ্ধিজীৱিয়ে জনোৱা আকুল আহ্বান বৃদ্ধাংগুষ্ঠ দেখুৱাই কংগ্ৰেছ দলে প্ৰত্যাখ্যান কৰিছে।ই অবশ্যে একেবাৰে স্বাভাৱিক কথা।কাৰণ কংগ্ৰেছ এতিয়া নীতি আদৰ্শৰ বাবে যুজঁ কৰা তাহানিৰ স্বাধীনতা সংগ্ৰামী সকলৰ দল নহয়, গাদী আৰু ক্ষমতাৰ বাবে লালায়িত হৈ মৰা স্বাৰ্থপৰ সুবিধাবাদী লোকেৰে ভৰপুৰ এটা তৰল বুৰ্জোৱা ৰাজনৈতিক দল।ইয়াৰ পৰা অধিক আশা কৰা আমাৰ বাম গণতান্ত্ৰিক বৌদ্ধিক শিবিৰৰ এক বোকামী বুলিহে ক’ব লাগিব।ইয়াৰ লগতে দেশৰ প্ৰধান বামপন্থী ৰাজনৈতিক দলৰ বিশিষ্ট নেতৃত্বৰ মহামুঢ়তাৰ সাম্প্ৰতিক কালৰ এটা তাজা উদাহৰণ দাঙি ধৰিব খুজিছোঁ।কেৰেলাৰ বামফ্ৰণ্ট চৰকাৰৰ মুখ্যমন্ত্ৰী বিজয়নে ইউৰেকা ইউৰেকা বুলি এটা মহা আবিষ্কাৰ কৰি কৈছে যে “ভাৰত মাতা কি জয়’ বোলা শ্লগানটো চিপাহী বিদ্ৰোহৰ সময়ত এজন মুছলমান লোকেহে প্ৰথম দিছিল বাবে এতিয়া হিন্দুত্ববাদী বি জে পি দলে এইটো ব্যৱহাৰ কৰাটো বোলে ঠিক কথা হোৱা নাই।চিপাহী বিদ্ৰোহত মোগল মাৰাঠা হিন্দু মুছলমান সকলো একত্ৰিত হৈ বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল।ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত যুৱছাত্ৰ কংগ্ৰেছী মুক্তিযোদ্ধা সকলেও “ভাৰত মাতা কি জয়” “বন্দে মাতৰম” শ্লগান দিছিল।একাংশ ধৰ্মান্ধ মুছলমান লোকেহে পৌত্তালিকতা বুলি ভাৰত মাতাৰ ধাৰণাটোৰ বিৰোধিতা কৰি বন্দে।মাতৰম গীতটো বা শ্লগানটোৰ বিৰোধিতা কৰি আহিছে।সেয়ে স্বাধীনতাৰ পিছত চেকুলাৰিজিমৰ নামত সংখ্যালঘু সাম্প্ৰদায়িকতাৰ তুষ্টীকৰণৰ ৰাজনীতি কৰা কংগ্ৰেছ কমিউনিষ্ট সকলে “ভাৰত মাতা কি জয়” “বন্দে মাতৰম” আদি জনগণৰ মন হৃদয় উদ্বেলিত কৰা দেশাত্মবোধক ধ্বনি বিলাক পৰিত্যাগ কৰিবলৈ লোৱাত এইবোৰ এতিয়া দেশৰ হিন্দুত্ববাদী সাম্প্ৰদায়িক ৰাজনৈতিক শিবিৰৰ একাধিকাৰ থকা সম্পত্তিত পৰিণত হৈছে।কেৰেলাৰ দৰে বামপন্থী শাসিত ৰাজ্যতহে আটাইতকৈ বেছি সংখ্যক শিক্ষিত যুৱক যুৱতী জাকিৰ নায়কৰ কথা শুনি ইছলামিক উগ্ৰবাদী আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত হৈছে।কেৰেলাৰ বহুত উগ্ৰবাদী মুছলমান লোকে জাতীয় পতাকা উত্তোলন আৰু ৰাষ্ট্ৰীয় সংগীত “জনগণ মন–” গোৱাৰো বিৰোধিতা কৰি অহাৰ খবৰ প্ৰচাৰ মাধ্যমত প্ৰচাৰ হৈ থাকে।গতিকে কেৰেলাৰ বয়োবৃদ্ধ বামপন্থী মুখ্যমন্ত্ৰী গৰাকীয়ে জানিব লাগিছিল যে দেশৰ হিন্দুত্ববাদী ৰাজনীতিৰ অগ্ৰগতি বাধা দিয়াৰ বাবে ইছলাম ধৰ্মাৱলম্বী সকলৰ নহয় ইছলামিক উগ্ৰবাদ সাম্প্ৰদায়িকতাবাদৰো দৃঢ় বিৰোধিতা কৰাৰ প্ৰয়োজন।কাৰণ আমাৰ দেশত।হিন্দু মুছলমান ধৰ্মীয় উগ্ৰবাদ তথা সাম্প্ৰদায়িকতাবাদ ইটো সিটোৰ বিৰোধী নহয় পৰিপুৰকহে।
মুঠতে শেষত কঁওযে বিৰোধী বুৰ্জোৱা ৰাজনৈতিক দল সমূহ তথা ৰাজনীতিক সকলৰ নিকৃষ্ট সুবিধাবাদ তথা নীতিহীনতাৰ লগত বামপন্থী সকলৰ মহামুঢ়তাৰ ফলত দেশৰ বিৰোধী ৰাজনীতিত এক গতিহীনতাৰ সৃষ্টি হৈছে। স্বৈৰাচাৰী শাসক দলৰ মদমত্ততাই সীমা চেৰাই গৈছে।ইয়াৰ এতিয়া আমাৰ দেশৰ গণতন্ত্ৰ মহাবিপদৰ সন্মুখীন হৈছে। পৰিস্থিতিটো অতি হতাশজনক হোৱাৰ বাবে তাহানিতে পঢ়া বাৰ্টল্ড ব্ৰেখটৰ কবিতা এফাঁকিহে মনলৈ আহিছে-
” সঁচাই আজি আমি বাচি আছোঁ
এক অন্ধকাৰ যুগত–”