৩১ অক্টোবৰ , ১৯৮৪ চন , ৰাতিপুৱা প্ৰায় আঠ বাজি গৈছে । প্ৰিয়ংকা আৰু ৰাহুলক সাবতি ধৰি মৰম কৰিছে । নিজৰ নাতিৰ লগত সময় কটোৱাটো আছিল প্ৰথম কাম । আগ দিনা ভুৱনেশ্বৰৰ মিটিংত ঘোষণা কৰিছে , ” মই মোৰ দায়িত্ব পালন কৰি আছো । মোৰ কৰ্তব্য দেশক সেৱা কৰা । আজি মই ইয়াত ভাষণ দি আছো , অহাকালি মই বাচি নেথাকিবও
পাৰো । মোৰ কোনো আক্ষেপ নাই । মই মোৰ দায়িত্ব পালন কৰি যাম । ” এইটো আছিল ইন্দিৰা গান্ধীৰ জীৱনৰ শেষ ভাষণ । ভুৱনেশ্বৰৰ পৰা দিল্লী ঘুৰি আহোতে বহু ৰাতি হৈছিল । পিছদিনাৰ কৰ্মসূচী ৰেদি হৈ আছিল । ৰাতিপুৱা প্ৰথম এপইন্টমেন্ট আছিল সাংবাদিকৰ লগত । আইৰিছ টিভিৰ ডকুমেন্টৰিৰ কাৰণে ইন্দিৰা গান্ধীৰ লগত এপইন্টমেন্ট লৈ থোৱা আছে । ইয়াৰ পিছত জাৰ্মানীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ লগত সাক্ষাৎ কৰাৰ পিছত ৰাতিৰ ডিনাৰ কৰিব ইংলণ্ডৰ ৰাজকুমাৰী এনিৰ সৈতে । সকলো পুৰ্ব নিৰ্ধাৰিত আছিল । দিনপঞ্জী প্ৰস্তুত কৰিছিল আৰ কে ধাৱনে , ইন্দিৰা গান্ধীৰ ব্যক্তিগত সহযোগী । সময় তেতিয়া ৯ বাজিছিল । নিজৰ কোঠাৰ পৰা ওলায় আহিছে । ডকুমেন্টৰীৰ বাবে ৰৈ আছে পিটাৰ উচটিনভ । ঘৰৰ সন্মুখৰ লনেৰে খোজ কাঢ়ি গৈ আছে । পিছে পিছে আৰ কে ধাৱন আৰু হাতত ছাটি লৈ নাৰায়ন সিং ।
সময় তেতিয়া ৯ বাজি ১২ মিনিট । ইন্দিৰা গান্ধীৰ দেহৰক্ষী বিয়েন্ট সিং এ নিজৰ চাৰ্ভিচ ৰিভলভাৰ উলিয়াই গুলিয়াব ধৰে । পেট আৰু বুকুত গুলী লাগি নেহেৰু তনয়া হালি পৰিল । বিয়েন্ট সিং এ আন এজন দেহৰক্ষী সতৱন্ট সিংক চিঞৰি চিঞৰি গুলিয়াবলৈ নিৰ্দেশ দিয়ে । সতৱন্ট সিং এ নিজৰ কাৰ্বাইনটোৰে গোটেই ২৫ জাই গুলি বৰ্ষণ কৰে গান্ধীৰ ওপৰত । মাটিত পৰি থকা নিথৰ দেহটোৰ ওপৰত নিৰ্দয় ভাবে উপৰ্য্যুপৰি গুলিয়াই । লগে লগে তেওঁৰ আন সহযোগী আৰু পুত্ৰ বধু সোনিয়া গান্ধী সেই ঠাইত উপস্থিত হয় আৰু এম্বাচাডৰ গাড়ী এখনত এইমছ হস্পিতললৈ ইন্দিৰা গান্ধীক লৈ যায় ।
৯ বাজি ৩২ মিনিট , এইমছ গৈ পায় । প্ৰায় ৫ ঘন্টা ডাক্তৰে চিকিৎসা কৰে । আশী বটল তেজ ইন্দিৰা গান্ধীক দিয়া হয় । দুপৰীয়া ২ বাজি ৩২ মিনিটত বিদুষী নাৰী , বিশ্বৰ অন্যতম শক্তিশালী প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক মৃত ঘোষণা কৰে ডাক্তৰে । ‘ অল ইণ্ডিয় ৰেডিঅ ‘ ত মৃত্যুৰ খৱৰ প্ৰচাৰ কৰা নহ’ল । কাৰণ সেইসময়ত দেশৰ ৰাষ্ট্ৰপতি আছিল বিদেশত , গৃহ বিভাগৰ আয়ুক্ত আছিল দিল্লীৰ বাহিৰত আৰু পুত্ৰ ৰাজীৱ গান্ধী আছিল কলিকতাত । সাংবিধানিক নীতি নিয়মৰ বাবে প্ৰধানমন্ত্ৰী কাৰ্য্যলয়ৰ নিৰ্দেশত মৃত্যুৰ বাতৰি প্ৰচাৰ নকৰি ভজন কীৰ্তনৰ গীত মাত প্ৰচাৰ কৰি থাকিল । ৰাতি আঠ বজাৰ দুৰদৰ্শনৰ নিউজত চলমা চুলতানে ভঙা ভঙা মাতেৰে প্ৰচাৰ কৰিলে ইন্দিৰা গান্ধীৰ মৃত্যুৰ খৱৰ । পাকিস্তানক দ্বিখণ্ডিত কৰি ভাৰত বিভাজনৰ পোতক তোলা ইন্দিৰা গান্ধীয়ে নিজৰ জীৱনৰ প্ৰতি থকা ভাবুকি অনুভৱ কৰিছিল । অমৃতচৰৰ স্বৰ্ণ মন্দিৰত হোৱা অপাৰেচন ব্লুষ্টাৰৰ প্ৰতিশোধৰ জুই তেওঁ উপলব্ধি কৰিছিল ; কিন্তু নিৰপত্তা বাহিনীৰ পৰামৰ্শ প্ৰত্যাখ্যান কৰি ৰাজ ধৰ্ম পালন কৰিছিল ইন্দিৰা গান্ধীয়ে ; আৰু শিখ সম্প্ৰদায়ৰ দেহৰক্ষী বিয়েন্ট সিং আৰু সতৱন্ট সিংক লগত ৰাখিছিল । শেষত এই দুয়োজনেই ইন্দিৰা গান্ধীৰ মৃত্যুৰ কাৰণ হ’ল । ইন্দিৰা গান্ধীয়ে মৃত্যু স্বীকাৰ কৰি ৰাজধৰ্ম পালন কৰাটো হয়তো ইতিহাসত বিৰল ঘটনা ।
