‘ কেব ‘ শূন্য লাভ লোকচান __ এশ শতাংশ ৰাজনীতি

2732

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


বিজেপি নেতৃত্বৰ ভাৰত চৰকাৰে পুনৰবাৰ নাৰিকত্ব সংশোধনী বিল আনিবলৈ প্ৰস্তুতি চলাইছে । একাংশ অসমীয়া ভাষী জাতীয় সংগঠন , আঞ্চলিক দল আৰু মুছলমান সংগঠনে ইয়াক বিৰোধ কৰিব আৰু হিন্দুত্বত বিশ্বাসী সংগঠন কিছুমানে ইয়াক সমৰ্থন দিব । সাধাৰণ ৰাইজৰ সামগ্ৰিক মতামত জনা অসম্ভৱ , যিহেতু ভাৰতত গণভোট নাই । বিজেপি দলৰ স্থিতি সুস্পষ্ট ___ ৰাম মন্দিৰ , ধাৰা ৩৭০ ,ইউনিফৰ্ম চিভিল ক’ড আৰু ভাৰত বিভাজনে ৰাষ্ট্ৰহীন কৰা হিন্দুৰ পুনৰ সংস্থাপন বিষয় কেইটা আজিৰ নহয় । জনসংঘৰ সময়ৰ পৰাই এই কেইটা বিষয়ত সিদ্ধান্ত অটল হৈ আছে । কেব বিৰোধ আৰু সমৰ্থন হৈছে এচামৰ কাৰণে  ৰাজনীতি আৰু এচামৰ কাৰণে আদৰ্শ । অমিত শ্বাহে  ‘কেব ‘ আনিব  আৰু সমুজ্জ্বল ভট্টাচাৰ্য্যই  ‘ কেব ‘ ক বিৰোধ কৰাটো আদৰ্শগত বিষয় । কিন্তু হিৰেণ গোহাঁই , আমছু , মাদানি , কংগ্ৰেছ , বাওঁপন্থী সকলে ‘কেব ‘ ক বিৰোধীতা কৰাটো ৰাজনীতি ।
হিৰেণ গোহাঁই :
এন আৰ চিত বাংলাদেশী মুছলমান বাদ পৰাৰ ভয়ত দিল্লীত প্ৰেছ মিট কৰিলে , মিঞা কবিতাক সমৰ্থন দিলে , আল জাজিৰাৰ দৰে বিদেশী নিউজ চেনেলত ভাৰতক বদনাম কৰিলে , নিজৰ সন্তান – নাতি পুতিক নিৰাপদ দুৰত থৈ ৮০ বছৰ বয়সত অসম স্বাধীন কৰাৰ বাবে উচতনি দিলে । কিন্তু এন আৰ চি ৰ চুড়ান্ত তালিকা প্ৰকাশ হ’ল , হিৰেণ গোহাঁই মৌণ হৈ থাকিল । কাৰণ বাদ পৰিল মাত্ৰ ১৯ লাখ মানুহ ; ১৯ লাখৰ ৪ লাখে এপ্লাই নকৰিলে আৰু বাকী থকা খিনিৰ ৯ লাখ মান মানুহ হিন্দু নেপালী আৰু বঙালী খৱৰ ওলাইছে  ।
আমছু :
পুৰ্ব বংগীয় মুলৰ মুছলমান ছাত্ৰ সংগঠন । অসম চুক্তি বিৰোধ  , অসম আন্দোলন বিৰোধ এওঁলোকৰ ইতিহাস । যেতিয়া চুক্তিৰ কপি হাতে হাতে পালে , অগপক সমৰ্থন কৰিলে । আমছুৰ থিংক টেংক আব্দুল মুহিব মজুমদাৰ অগপ মন্ত্ৰীসভাৰ মন্ত্ৰী হ’ল । ২০১০ , ২১ জুলাই বৰপেটাত এন আৰ চি পাইলট প্ৰজেক্ট বন্ধ কৰি দিয়া হ’ল । তৰুণ গগৈ মুৰ্দাবাদ , সমুজ্জ্বল মুৰ্দাবাদ দিলে । এতিয়া এন আৰ চি আৰু হাজেলাৰ একান্ত ভক্ত সংগঠন ।  এফালে পুৰ্ব বংগত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ আৰু আনফালে একেই মুলৰ মানুহৰ দ্বাৰা নেতৃত্ব দিয়া সংগঠনৰ কেব বিৰোধ কাৰু-কাৰ্য ।
মাদানি : নামেই যাৰ পৰিচয় । বন্দে মাতৰম বিৰোধী , তিনি তালাক সমৰ্থক ।  মুখৰ ভাষা উৰ্দু আৰু কেব বিৰোধ কৰি ৰক্ষা কৰিব অসমীয়া ভাষাক ।
কংগ্ৰেছ :
সাপ হৈ খুতি বেজ হৈ জৰা ফুকা ।  প্ৰধানমন্ত্ৰীত্বৰ লোভত দেশ বিভাজন , ভাষাৰ নামত ৰাজ্য বিভাজন , ৬২ ৰ যুদ্ধত নিজৰ নেতাৰ দ্বাৰা অসমক বিদায় সম্ভাষণ , ধৰ্ম নিৰপেক্ষ দেশত মুছলমানৰ কাৰণে পৃথক আইন , ভুল নীতিৰ বাবে কাশ্মীৰ সমস্যা , ভুল নীতিৰ চীনৰ  তীব্বত দখল , ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী  সমুহৰ মাজত অৰিয়াঅৰি লগায় শাসনৰ গাদী দখল আদি অজস্ৰ বিশ্বাসঘাটক ঘটনাৰ লগত জড়িত । বৰাকত কেবক সমৰ্থন কৰে আৰু গুৱাহাটীত কেব বিৰোধ কৰে ।
বাওঁপন্থী : দেশৰ জনগণ দুখীয়া হোৱা মানেই দলৰ ক্ষমতা বৃদ্ধি হোৱা নীতিত অটল । অসম আন্দোলনৰ বিৰোধীতা , চীনা যুদ্ধৰ সময়ত বেইজিংৰ পক্ষত থিয় দিয়া ভুমিহীন কথা সৰ্বস্ব দল । কৰ্মীতকৈ নেতাৰ সংখ্যা অধিক আছিল কিছুবছৰ আগলৈ , এতিয়া নিৰ্বাচনত পোৱা ভোটৰ সংখ্যাতকৈ নেতাৰ সংখ্যা অধিক হ’ল ।  তথাপি কাকত , আলোচনী , বিশ্ব বিদ্যালয় , মহাবিদ্যালয়ত লাখ টকা দৰমহা লৈ সৰ্বহাৰাৰ কবিতা লিখা সয়ম্ভু চিন্তাবিদখিনিৰ মাজত এইদলটো এতিয়াও জনপ্ৰিয় ।
সমুজ্জ্বল ভট্টাচাৰ্য্য :
এফালে ঘৰিয়াল আনফালে বিষাক্ত সাপ । ‘ কেব ‘ ৰ লাভ লোকচান যে একো নাই সেইটো চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষ দুয়োটাই জানে । অসমীয়াভাষী মানুহ যদি সংখ্যালঘু ( এতিয়া যদিহে সংখ্যাগুৰু ) হয় ভৱিষ্যতে কেব আনিলেও হ’ব আৰু কেব নাহিলেও হ’ব । চৰকাৰী স্কুল এতিয়া আইচিউত । অসমীয়া কিতাপৰ বিক্ৰি নাই , বাতৰি কাকতৰ চাৰ্কুলেচন বেয়া , ডাঙৰ ডাঙৰ সাহিত্যিকৰ নাতি- নাতিনীয়ে অসমীয়া পঢ়িব নোৱাৰে ,’ ক ‘ মান ‘ খ ‘ মানত ঠাই ল’লে প্লে আৰু নাৰ্চাৰীয়ে । চৰত যিদৰে অসমীয়াভাষী সংখ্যাহীন , একেদৰে শিলচৰটো একেই অৱস্থা ।  অসম চুক্তিয়ে ২০ বছৰ পিছুৱাই আনিলে নাগৰিকত্বৰ ভিত্তি বৰ্ষক , একমাত্ৰ অসমৰ কাৰণে । অসম চুক্তিৰ পিছত ৬ ষ্ঠ অনুসূচী গঠন হ’ল অসমৰ বিশেষ অঞ্চল সামৰি । বিশেষ অঞ্চলবোৰত ভুমি অধিকাৰ হেৰুৱালে অনুসূচীৰ এলেকাৰ বাহিৰৰ অসমীয়াই আৰু বহু ক্ষেত্ৰত এলেকাৰ ভিতৰৰ মানুহৰ মাটিৰ দলিল কাগজো হৈ গ’ল পুৰণি পাঁচশ টকীয়া নোট ।  ৰাজনৈতিক অধিকাৰ হেৰুৱালে । তথাপি আছু মৌণ ।মৌণ নেথাকিও উপায় নাই । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত । এতিয়া ‘কেব ‘ সমৰ্থন কৰিলে ইমেজ শেষ আৰু বিৰোধ কৰাৰ পিছতো যে  বিলখন পাছ নহ’ব সেইটোৰ যুক্তি নাই ।  তেওঁ জানে বিলখন পাছ হোৱা মানেই  নিজৰ স্থিতি শেষ । পৰৱৰ্তী সময়ত এনেকুৱা ঘটনাও নঘটে যে কেতিয়াবা বিজেপি ক্ষমতাচ্ছ্যুত হ’লে কংগ্ৰেছ বা আন দলে কেবখন সংসদত খাৰিজ কৰিব ।
অমিত শ্বাহ :
কংগ্ৰেছৰ মুছলমান ভোটবেংক ৰাজনীতিৰ ভয়ৰ পৰা অমিত শ্বাহ আৰু বিজেপি মুক্ত হ’ব পৰা নাই । এতিয়াও মুছলমান ভোটৰ বৃহৎ অংশ কংগ্ৰেছৰ লগতেই আছে । ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ভোট শ্বেয়াৰৰ মাজত পাৰ্থক্য অহা নাই । সেয়ে  ৰাস্তা ঘাট , দলং বনোৱা অৰ্থনীতিক  নিমিষতে ধ্বংস কৰিব পাৰে কংগ্ৰেছৰ ভোট বেংকে । কাৰণ আজিও ভাৰতীয় গণতন্ত্ৰৰ নিৰ্বাচন জাত – পাত , ধৰ্মৰ উৰ্ধত নহয় । বিজেপি  চৰকাৰত থাকিবলৈ অন্তত: আৰু পোন্ধৰ বছৰ  হিন্দুত্বৰ ৰাজনীতিৰ পৰা আঁতৰি আহিব নোৱাৰে । সংখ্যালঘু ভাষিক বা ধৰ্মীয় যিয়েই নহওঁক একত্ৰিত কৰা সহজ , কিন্তু সংখ্যাগুৰুক একত্ৰিত কৰি ৰখাটো অতি কঠিন । সেয়ে হিন্দুক ৰাজনৈতিক ভাবে একত্ৰিত কৰি ৰাখিবলৈ এন আৰ চি , কেব , জনসংখ্যা নীতি আদি ইচ্ছুক অমিত শ্বাহে প্ৰাধান্য দিছে । গোটেই ভাৰতত ১৯৫১ চনৰ ভিত্তিত এন আৰ চি উন্নিতকৰণৰ কথা চলিছে , ৫১ কিয় ১৯৪৭ হ’লেও একো হৰণ ভগণ নহয় । সত্তৰ বছৰ বাস কৰি থকা এটা প্ৰজন্মৰ মানুহক ৰাষ্ট্ৰহীন কৰাটো অসম্ভৱ । কিন্তু মুল কথা হ’ল লোহাই লোহাক কাটে । কংগ্ৰেছ , সমাজবাদীৰ মুছলমান ভোটবেংক ৰাজনীতিক প্ৰত্যাহ্বান জনাবলৈ একমাত্ৰ পথ হিন্দুত্বৰ ৰাজনীতি ।