উদ্ধবৰ নতুন শ্লোগান __ মাতা কি জয়

1715

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম (www.rajnitiaxom.com)


বিজেপি-এন.চি.পিৰ চৰকাৰ হ’ল। চাৰিদিনত চৰকাৰ ভাঙিল। সেনা-কংগ্ৰেছ -এন.চি.পিৰ চৰকাৰ হ’ল। প্ৰথমতে ভবা হৈছিল থাকৰে ঠগ খালে; পিছত আকৌ খবৰ আহিল সকলো পাৱাৰৰ খেল। মুঠতে মহাৰাষ্ট্ৰৰ মহা নাটকৰ চাচপেন্স কোনো বলিউদৰ চিনেমাতকৈ কম নাছিল। কিন্তু প্ৰশ্ন হয় শিৱসেনা, এন.চি.পি আৰু কংগ্ৰেছে সখি বান্ধিবলৈ ইমান কিয় দেৰি কৰিছিল? আমাৰ হাতলৈ অহা ভিতৰুৱা খবৰ মতে থাকৰেক পাৱাৰে দিছিল ১০টা চৰ্ত :
১) শিৱসেনাৰ নাম সলনি কৰি চেকু(চেকুলাৰ) সেনা কৰিব লাগিব।
২) থাকৰে দিনত দহবাৰ পাৱাৰৰ সেৱা কৰিব লাগিব।
৩) আলোচনী চামনাৰ নাম সলনি কৰি সুপ্ৰিয়া কৰিব লাগিব।
৪) সোম, বুধ , শুক্ৰ সেনাৰ মুখ্যমন্ত্রী, মংগল-বৃহস্পতি পাৱাৰৰ মুখ্যমন্ত্রী আৰু শনি-ৰবি হাতৰ মুখ্যমন্ত্রী হ’ব লাগে।
৫) সেনাই মুখ্যমন্ত্রী পালে বাকী দুটা দলে ১০ জনকৈ উপ মুখ্যমন্ত্রী পাব লাগে।
৬) সেনাৰ নতুন গান হ’ব ‘হৰ ঘড়ী বদল ৰহী হে ধূপ জিন্দেগী’ আৰু ‘মেৰে হাতো মে ন ন চুড়িয়া হে’
৭) থাকৰে সপ্তাহত এদিন ওৱেছিৰ ঘৰত ভাত খাব লাগিব।
৮) উদ্ধৱে গেৰুৱাৰ ঠাইত বগা বা সেউজীয়া কুৰ্টা পিন্ধিব লাগিব।
৯) সেনাই ‘ভাৰত মাতা কি জয়’ৰ সলনি কব লাগিব ‘মাতা কি জয়’
১০) আদিত্য আৰু ৰাহুলে লগ হৈ নতুন গান  ‘মহাৰাষ্ট্ৰ কো য়ে ঘড়ী পচন্দ হে”  গাব লাগিব