‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
এতিয়া কংগ্ৰেছ বচাবলৈ বহুতো নতুন নেতাৰ আবিৰ্ভাব হৈছে। অসমত অখিল গগৈয়ে দলটোক বচাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাইজৰ দলৰ লগত মিত্রতা কৰিবলৈ সুযোগ দি অখিলে কংগ্ৰেছক উদ্ধাৰ কৰিবলৈ যত্ন কৰিছে। ২৮ চেপ্তেম্বৰত দুজন যুৱ নেতাই কংগ্ৰেছত যোগদান কৰে। বিহাৰৰ কানহাইয়া কুমাৰে কংগ্ৰেছত যোদগান কৰি কয় যে _কংগ্ৰেছ ভাৰতৰ সৰ্ব বৃহৎ বিৰোধী দল, কংগ্ৰেছক বচাব নোৱাৰিলে দেশক বচাব পৰা নাযাব। ২০১৬ত জে.এন.ইউত আফজাল গুৰুৰ সমৰ্থনত শ্লোগান দিয়াৰ অভিযোগত কানহাইয়াক গ্ৰেপ্তাৰ কৰা হৈছিল। জামিনত মুক্তি পোৱা কানহাইয়াই ২০১৯ত বিহাৰৰ বেগুচৰাই লোকসভা সমষ্টিৰ পৰা চি.পি.আই দলৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ বিজেপিৰ গিৰিৰাজ সিংৰ হাতত ৪ লাখৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল। পৰাজয়ৰ এটা কাৰণ অৱশ্যে ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰাৰ্থী তনবিৰ হাছানো আছিল। আৰ.জে.দিয়ে কানহাইয়াক সমৰ্থন নকৰাৰ কাৰণ আছিল তেওঁৰ প্ৰতি লালু পুত্রৰ ভয়। কানহাইয়াক নিজৰ ভৰিৰ তলৰ মাটি দিয়াত অপৰাগ আছিল তেজস্বী যাদব। পৰাজয়ৰ পিছত বহুদিন নিৰবে আছিল কানহাইয়া। পিছত কা আৰু এন.আৰ.চিৰ বিৰোধত ভাষণ ৰাখিবলৈ আৰম্ভ কৰে। তেওঁক চাবলৈ মানুহৰ ভিৰ হৈছিল বিভিন্ন ঠাইত। কিছুমানত অবশ্যে ৰাইজৰ আক্ৰমনৰো বলি হৈছিল। সেইজন কানহাইয়াই কংগ্ৰেছত যোগদান কৰি নিজৰ ভবিষ্যত ৰাজনীতিৰ বাবে প্ৰস্তুতি চলাব। তেওঁৰ ভাষাৰে _ নিজৰ মিত্র চিনাক্ত কৰাৰ আগতে নিজৰ শত্ৰুক চিনি পাব লাগিব। কংগ্ৰেছত যোগদান কৰা আন এজন নেতা হ’ল গুজৰাটৰ জিগনেছ মিৱানী। দলিত সম্প্ৰদায়ৰ জিগনেছে বিভিন্ন সময়ত দলিতৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰূদ্ধে মাত মাতি আহিছে। যোৱা গুজৰাট বিধানসভা নিৰ্বাচনত জিগনেছে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অবতীৰ্ণ হৈ বিশাল ভোটৰ ব্যবধানত জয়ী হ’বলৈ সক্ষম হৈছিল। ভবা হৈছে যে জিগনেছৰ যোগদানে কংগ্ৰেছক গুজৰাটত সহায় কৰিব। গুজৰাটত সদ্য পৌৰসভাৰ নিৰ্বাচনত আম আদমী পাৰ্টীৰ সাফল্যই কংগ্ৰেছক বিৰোধী দলৰ মৰ্য্যাদাৰ পৰাও অপসাৰিত কৰাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। তেনে ক্ষেত্রত এজন শক্তিশালী দলিত চেহেৰাই কংগ্ৰেছক উৎসাহিত কৰিব। দুজন যুৱ নেতাৰ যোগদানে দলত যে কিছু আশাৰ সঞ্চাৰ কৰিছে সেয়া ধুৰূপ।