সৰ্বানন্দ সোণোৱাল লাহে লাহে অপ্ৰাসংগিক হৈছে?

1604
  • নৰেন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩০ অক্টোবৰত ৰাজ্যখনৰ পাঁচখন আসনত উপ-নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ কেইঘণ্টামান পিছত মঙলবাৰে অসম বিধানসভাৰ পৰা পদত্যাগ কৰে। মাজুলী আসনৰ পৰা একেৰাহে দুবাৰকৈ বিধায়ক হোৱা সোণোৱাল সোমবাৰে ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়। সোণোৱালৰ পদত্যাগৰ লগে লগে ১২৬ জনীয়া অসম বিধানসভাত বিজেপিৰ শক্তি ৫৯ লৈ হ্ৰাস পাইছে। শাসকীয় মিত্ৰদল অগপ আৰু ইউপিপিএলৰ ক্ৰমান্বয়ে ন আৰু পাঁচজন বিধায়ক আছে। বিৰোধী কংগ্ৰেছৰ ২৭ জন, এআইইউডিএফৰ ১৫ জন, বিপিএফৰ তিনিজন আৰু চিপিআই(এম)ৰ এজন বিধায়ক আছে। সদনত এজন নিৰ্দলীয় বিধায়ক আছে।
আৰম্ভণিতে, নিৰ্বাচন আয়োগে অসমৰ পাঁচখন আসন – মৰিয়নি, থাওৰা, ভাবানীপুৰ, তামুলপুৰ আৰু গোসাইগাঁওত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ তাৰিখ ঘোষণা কৰিছিল। মাজুলী সমষ্টিক এই তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল ।
ৰাজ্যসভাৰ আসনখন কিয় সোণোৱালক দিয়া হ’ল ? তেওঁ পুৰ্বতে এৰি দিয়া লক্ষীমপুৰ লোকসভা সমষ্টি কিয় ঘুৰাই নাপালে ?  নবিজেপি প্ৰদান বৰুৱাক ৰাজ্যৰ নেতৃত্বই সমষ্টিটো এৰি দিবলৈ পৰামৰ্শ দিছিল নে ?  ২০২৪ চনত অনুষ্ঠিত হন লগা লোকসভা নিৰ্বাচনত সোণোৱালৰ ভুমিকা কি হ’ব ? প্ৰাৰ্থী হৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিব নে ষ্টাৰ কেম্পেনাৰ হৈ আহিব ? নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী সভাত নিতীন গাডকাৰীৰ বাহিৰে এজনো মন্ত্ৰী নাই যিজনে ৰাজনৈতিক প্ৰভাবক বাদ দি বিভাগ চলোৱা পাৰদৰ্শীতা নিপুন । সমান্তৰাল ভাবে অসমত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত যিধৰণে কাম কৰি আছে সেই কামৰ তুলনাত পুৰ্বৰ চৰকাৰৰ কাম কাজৰ জনপ্ৰিয়তা কিছু পৰিমাণে ম্লান হৈছে । বিশেষকৈ মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পাইছে । ফুলদানিৰ ভুমিকা লৈ সোণোৱালৰ ৰাজনীতিৰ ঘোৰা কিমান দৌৰিব সেয়া বিচাৰ সময়ত হব । কিন্তু এটা কথা স্পষ্ট যে নিৰ্বাচনী ৰাজনীতিত সৰ্বানন্দ সোণোৱাল লাহে লাহে অপ্ৰাসংগিক হৈ পৰিব পাৰে । মুখ্যমন্ত্ৰীৰ পৰা কেবিনেট মন্ত্ৰী আৰু কেবিনেট মন্ত্ৰীৰ পৰা ৰাজ্যপাল হোৱাৰ পথ মসৃণ হৈ আছে সোণোৱালৰ ।