লণ্ডনৰ পৰা ৱেলছলৈ

1252
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


ইংলেণ্ড, স্কটলেণ্ড,ৱেলছ আৰু নৰ্দান আয়াৰলেণ্ডকলৈ গঠিত ইউনাইটেড কিংদম বা সংযুক্ত যুক্তৰাষ্ট। লণ্ডনত মই প্ৰায় ৫ বছৰ কাল অতিবাহিত কৰিলো যদিও ৱেলছ ভ্ৰমণ কৰা হোৱা নাছিল। কৰোণাৰ সংক্ৰমণ কিছু কমাৰ লগে লগে আমি সিদ্ধান্ত ললো আমি ৱেলছ চাবলৈ যাম। চাৰিজন বন্ধু লগ হৈ ২৮ আগষ্ট শনিবাৰে ৰাতিপুৱা ৭ বজাত লণ্ডনৰ পৰা ৱেলছলৈ ৰাওনা হলো। এখন ফৰ্দৰ চাৰিচকীয়া গাড়ী ভাৰালৈ ললো। ভাৰতৰ মুদ্ৰাৰ হিচাপত তিনিদিনৰ ভাড়া প্ৰায় ৩০ হাজাৰ টকা। ইয়াত পেট্ৰলৰ মুল্য ভাৰতৰ সমানে; লিটাৰত ১০০ টকা মান পৰে। এজন বন্ধুৰ ইংলেণ্ডত চলোৱা ড্ৰাইভিং লাইচেন্স আছে বাবে সুবিধা হ’ল। আমাৰ ঘৰৰ পৰা ৱেলছৰ লানদুদনো ২৫০ মাইল। ইয়াৰ ৰাস্তাবোৰ খুৱ আহল বহল আৰু সকলোৱে নিয়ম মানি গাড়ী চলায় বাবে ঘন্টাত ৮০ ৰ পৰা ১০০ মাইল বেগেৰে অতি সহজে যাত্রা কৰিব পাৰি। অৱশ্যে বহু ঠাইত গতি নিয়ন্ত্রনৰ ফলক লগোৱা থাকে যত কাৰৰ গতিবেগ হ্ৰাস কৰিব লগা হয়।  হাইৱেৰ ১৫-২০ মাইলৰ অন্তৰে অন্তৰে গাড়ী ৰখোৱা সুন্দৰ ব্যৱস্থা আছে। ইয়াত পেট্ৰল ভৰোৱাৰ লগতে যাত্রীৰ  খোৱাৰ বাবে ৰেষ্টুৰেন্ট, কফিৰ দোকান আৰু টইলেট আছে। আমি যাত্রাপথত দুবাৰ ৰৈ অলপ জিৰনি ললো। দুপৰীয়া প্ৰায় দুটা বজাত লানদুদনো পালো। সমুদ্ৰ তীৰত অবস্থিত ই এটা সুন্দৰ পৰ্য্যটন স্থলী। আটলান্টিক মহাসাগৰৰ পানী খুব ঠাণ্ডা। তাত গা ধুবৰ সাহস আমাৰ কাৰোৱে নহ’ল। জাহাজ এখনত উঠি সমুদ্ৰ ভ্ৰমণ কৰিলো। বতৰ ফৰকাল বাবে তাত মানুহৰ সমাগম যঠেষ্ট হৈছিল। তাৰ পিছতে গ’লো ব্ৰিটেইনৰ সকলোতকৈ দীৰ্ঘতম কেবল কাৰৰ দিশে। দিঘলীয়া শাৰীত থিয় দি প্ৰায় ১ ঘন্টা পিছত টিকট পালো। কেবল কাৰ বা ৰোপৱেদি আমাক লৈ যোৱা হ’ল পাহাৰৰ ওপৰলৈ। তাত আমি দেখা পালো আটলান্টিকৰ নৈষৰ্গিক দৃশ্য। তাৰ পিছত লানদুদনো পিয়েৰত কিছু সময় অতিবাহিত কৰিলো। ব্ৰিটেইনৰ সাগৰৰ তীৰ বিলাকত পৰ্য্যটকৰ বাবে পাৰৰ পৰা সাগৰৰ মাজলৈ আধা কিলোমিটাৰ মানৰ এখন দলং বনাই দিয়ে। ইয়াতো আছিল অনুৰূপ ব্যৱস্থা। দিনটোৰ শেষত আমি গলো মেৰিন ড্ৰাইভলৈ। লানদুদনোৰ গাতে লাগি থকা মেৰিন ড্ৰাইভ ২ মাইলৰ ৰাস্তা। সোফালে সাগৰ আৰু বাওঁফালে পাহাৰ। থেক ৰাস্তাটোৰ কিছু অন্তৰে অন্তৰে পৰ্য্যটকৰ বাবে গাড়ী ৰখাই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰা আৰু ফটো লোৱাৰ ব্যৱস্থা আছে। সন্ধিয়া ৭ বজাত আমি যাত্রা কৰিলো হেছৱেললৈ যত আমি ৰাতি থকাৰ বাবে এয়াৰ বিএনবিৰ(Air BNB) যোগেদি বুকিং কৰিছিলো। আমাৰ ভ্ৰমণ পৰিকল্পনা কৰাত কিছু দেৰি হোৱা বাবে লানদুদনোৰ কোনো হোটেল খালি নাই। সেয়েহে ইয়াৰ ৪৫ মিনিট দুৰৰ হেছৱেলত থাকিব লগা হৈছে। অবশ্যে নিজা গাড়ী থাকিলে কোনো অসুবিধা নাই। আমি আছিলো এহাল পৰিয়ালৰ ঘৰত। ৰিছাৰ্ড আৰু ক্লডিয়াই আমি গৈ পোৱাৰ লগে লগে আমাক নিজৰ ৰূম কেইটা দেখুৱাই দিলে। ৰিছাৰ্দ বোটানীৰ শিক্ষক আৰু ক্লডিয়া স্কুলৰ ক্লাৰ্ক। দুয়ো অবসৰ লৈছে। ঘৰত এটা মেকুৰী আছে যাক তেওঁলোকে খুৱ মৰম কৰে। দুটা সন্তানে বিয়া বাৰু কৰাই নিজৰ বেলেগ ঘৰত থাকে। মেকুৰীটোৱে বুঢ়া বুঢ়ীৰ সংগী। তেওঁলোকে দুদিনত আমাৰ লগত বহুতো কথা পাতিলে।
২৯ আগষ্ট ৰবিবাৰে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আমি ওলাই গলো কনৱে কাছল (Castle) চাবলৈ। ৱেলছত বহু কাছল আছে কিন্তু সময়ৰ অভাবৰ বাবে আমি বাচি ললো সকলোতকৈ জনপ্ৰিয় কাছল কনৱে। কাছল আৰু ইয়াৰ চাৰিওফালৰ দৃশ্য ইমান মনোমোহা আছিল যে ভাষাৰে বুজাব নোৱাৰি। তাৰ পিছত আমি স্নদানিয়া নেছনেল পাৰ্কলৈ যাত্রা কৰিলো। swallow falls, Fairy Glenn আছিল খুব সুন্দৰ। আমি জিপ ৱৰ্লডলৈও গৈছিলো। শিশু আৰু চেমনীয়া সকলৰ বাবে ইয়াতকৈ আকৰ্ষনীয় ঠাই একো হ’ব নোৱাৰে। আদহীয়াসকলৰ বাবেও ইয়াত বিভিন্ত এদভেনছাৰ ৰাইদ আছে। দিনটোৰ শেষত আমি গ’লো লানবেৰিছ ষ্টেছনলৈ। তাৰ পৰা আমি যাত্রা কৰিলো দেশৰ উচ্চতম পাহাৰৰ শিখৰলৈ। টিকট আগতীয়াকৈ বুকিং কৰিব লাগে। আমি দেখিছিলো বহুতে ট্ৰেকিং কৰি ওপৰলৈ উঠি গৈছে। ৰেলখন প্ৰায় ৪৫ মিনিট ধৰি যাত্রা কৰি আমাক স্নোদানিয়াৰ পিকলৈ লৈ গ’ল। আধাঘন্টা আমাক ঘুৰি ফটো তুলিবলৈ দি পুনৰ লানবেৰিছ ষ্টেছনলৈ লৈ আহিল। এই অভিজ্ঞতা আছিল খুৱ ৰোমাঞ্চকৰ। সন্ধিয়া প্ৰায় ৮ বজাত আমি ৰিছাৰ্দৰ ঘৰলৈ উভতি গ’লো।
৩০ আগষ্টৰ ৰাতিপুৱা আমি যাত্রা কৰিলো লিভাৰপুললৈ। হেছৱেলৰ পৰা লিভাৰপুল মাত্র ৩০ মিনিটৰ ৰাস্তা। ৰাস্তাটো বনাইছে নদীৰ তলেৰে সেয়ে ৫০০টকাৰ টোল দি পাৰ হ’ব লগা হল। বিকল্প ৰাস্তাৰে গ’লে ২ ঘন্টা সময় লাগে। লিভাৰপুলত ভ্ৰমণ কৰিলো এলবাৰ্ট ডেক। সাগৰৰ তীৰত খুব সুন্দৰকৈ সজাই থৈছে সকলো। লিভাৰপুল মিউজিয়াম, ৰেদিঅ’ ষ্টেছন আদি  আছে এলবাৰ্ট ডকত। আমি ক্ৰজ এখনত উঠি লিভাৰপুলৰ সৌন্দৰ্য উপভোগ কৰিলো। প্ৰায় ১ ঘন্টাৰ এই যাত্রাপথত গাইডে বুজাই গ’ল লিভাৰপুলৰ সকলো ঐতিহ্যৰ কথা। শেষত চাবলৈ গলো কেথেদ্ৰেল গীৰ্জা। এইটো ইংলেণ্ডৰ সকলোতকৈ ডাঙৰ গীৰ্জাঘৰ। গীৰ্জাৰ ভিতৰত আছিল এটা সুবিশাল লাইট, ইয়াৰ নীলা অভ্ৰই সকলোকে আলোকিত কৰি তুলিছিল। ৱেলছ আৰু লিভাৰপুলক বিদায় জনাই দুপৰীয়া ২টা বজাত লণ্ডন অভিমুখে গতি কৰিলো। লগত লৈ আহিলো বহুতো ভাল লগা স্মৃতি।