বঙালীসকল উগ্ৰ জাতীয়তাবাদী নেকি ?

1160
  • প্ৰিয়াংকু নাৰায়ণ বৰুৱা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


বিশাল ভাৰতীয় চেতনাৰ উৰ্বৰতাৰে উজ্জীৱিত হৈ অসমীয়া সত্বাৰ সমান্তৰাল বিন্যাস উপযোগী।চেতনাৰ অৱদমনৰ প্ৰয়াস ক্ষয়ংকৰ আৰু ছুনামীৰ ভূমিকাধাৰক।বিপৰীত অৰ্থত চেতনাৰ সুসংহত মিশ্ৰনৰ বোধযুক্ত কৌশল অদ্যাপি বিৰাট প্ৰত্যাহ্বান।মগজুবোৰৰ কঠোৰ শ্ৰম ইতিবাচক বৌদ্ধিক ফচল উৎপাদনৰ বাবে বিৰাট জৰুৰী।সময়ৰ আহ্বান।অন্যথাই প্ৰতিৰোধ অথবা প্ৰত্যাক্ৰমন আদিৰ ধামখুমীয়াত নিৰ্ধাৰিত সমীকৰণ হেৰাই গ’লে ই হ’ব আন এক আত্মজাহ।।
সমসাময়িক সামাজিক জীৱাশ্ম সদৃশ অতীতৰ অভিজ্ঞতা সামৰি মানুহৰ অনুভৱ বোৰক বাস্তৱৰ সৈতে সংপৃক্তকৰণ এক কঠিন দিকদৰ্শী প্ৰত্যাহ্বান।।অন্যাৰ্থত সুনিৰ্ধাৰিত প্ৰেক্ষাপটত জাতীয় সুৰক্ষাৰ দৃঢ়তা সাপেক্ষে ৰাষ্ট্ৰবাদী সকলৰ লক্ষ্য স্থিৰ হোৱাটো অৱধাৰিত।অবৈধ আগ্ৰাসন প্ৰতিৰোধী স্থিতিৰ ভিত্তিগত আহ্বান।। অসমৰ অৰ্থ-সামাজিক সুৰক্ষাৰ প্ৰয়োজনত সম মানসিক স্থিতিৰ সৰলৰৈখিক অৱস্থানত”Political Consensus Development”ৰাজনৈতিক ঐক্যমতৰ বিকাশ বাস্তৱ পৰিস্থিতিৰ ঐকান্তিক প্ৰয়োজনীয়তা।।এই ঐক্যমতৰ বিকাশ সম্ভৱনে?
শেহতীয়াকৈ নগেন শইকীয়া চাৰে উষ্মাত বৰাক পৃথক কৰি দিয়াৰ চিন্তা চৰ্চা প্ৰসংগ উত্থাপন কৰাত আমি টিঙিৰিতুলা হৈছো।হ’মেই ন!কিন্তু বৰাকতকৈও নিকট বহু অঞ্চল ইতিমধ্যেই এৰি দিছে ইতিমধ্যেই?কোনে,কিয় আৰু কেতিয়া চৰ্চাৰ অৱকাশ আছেনে?ইমানদিনে অসমীয়া নামৰ ভাষিক ভাৱে গৌৰৱী জাতিটোৰ এই দিশবোৰত কাণষাৰ নাছিল নে আত্মসমৰ্পন কৰা এটা ধাৰা সৃষ্টিৰে চলাৰ অভ্যাস গঢ় লৈ উঠিছে?
এতিয়াও হাজাৰ হাজাৰ বিঘা সীমান্ত অঞ্চল সীমামূৰীয়া ৰাজ্য অথবা সীমাভাগী দেশৰ কৱলত!সেইদিশত জাগৰণ নাই কিয়?ৰাজনৈতিক কাৰচাজিপূৰ্ণ-উগ্ৰ জ্যাতাভিমানী বিশেষ কিছুসংখ্যক অসমীয়া জাতীয় কাণ্ডাৰীয়ে ভাষিক বিনিময়-বিতৰণৰ দিশত লোৱা পদক্ষেপৰ এখন সৱল দীঘলীয়া আৰু সফল তালিকা চাবলৈ মন যায়?”কাছাৰক কেঞ্চাৰ”বুলি উপলুঙা কৰা বিশিষ্টসকলে কাছাৰক অসমভূমিৰ লজ্জাভূষণ বুলি ক’বলৈ কিয় সাহস নহ’ল।বৰাকৰ বঙালীৰ ভাষিক সংবেদনশীলতাৰ লগত একাংশ অতিকাঙ্খা থকা বাঙালীবাবুৰ চয়তানীৰ লগতে কিন্তু বৰককাই হিচাপে অসমৰ লগত মিলিব খোজা সাধাৰণ বঙালীখিনিক আস্থা আৰু নিৰাপত্তাৰে আকোঁৱালি ল’ব নোৱাৰাৰ দোষো আছে।একাংশ অসমীয়া জাতীয়তাবাদীৰ মুখাধাৰী মাতব্বৰৰ ভাষাৰ নামত বেপাৰ চলাই যোৱাৰ মানসিকতাৰ কথা এটাও ফঁহিয়াই চোৱা দৰকাৰ।অতীতলৈ যদি উভটি চাওঁ দেখা যাব যে,আগ্ৰাসনকাৰী বিদেশীৰ বিৰুদ্ধে বৃহত্তম জাগৰণ ৰূপে পৰিগণিত অসম আন্দোলনৰ এক নেতিবাচক দিশো বহু ইতিহাসবিদে পোনপটীয়াকৈ দেখাই গৈছে।আমি এঠাইত পঢ়া মনত আছে এই বাক্যখিনি যাৰ দ্বাৰা অনুমান কৰিব পাৰি প্ৰদীপ দত্ত ৰয়,গৰ্গ চেটাৰ্জী অথবা নগেন শইকীয়া চাৰ অথবা অন্য অসমীয়া বুদ্ধিজীৱি কিম্বা অইন কোনোবাৰ উক্তি-যুক্তিৰো বহুপূৰ্বেই বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমন্বয় যাত্ৰা বাধাগ্ৰস্ত হৈছে আৰু ক্ৰমশঃ আৱেগিক-ৰাজনৈতিক কাৰচাজিত এই ঘাঁ টুকুৰা বহল হৈ পৰিছে।পূৰ্বে আমি উপস্থাপন কৰা বাক্যকেইশাৰী এনেধৰণৰ” কোৱা বাহুল্য যে অসম আন্দোলনৰ সময়ৰে পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত ভাঙোন আৰম্ভ হ’ল।
অভিবাসী মুছলমানকে ধৰি বিভিন্ন জাতি উপজাতি, জনজাতিৰ লোক সকল, যি সকলে স্ব ইচ্ছাৰে অসমীয়া জাতিত চামিল হ’বলৈ আগবাঢ়ি আহিছিল, তেওঁলোক আটায়ে শংকিত হৈ পৰিল। জাতি জনগোষ্ঠী সমূহৰ মাজতো সন্দেহৰ পৰিৱেশৰ সৃষ্টি হ’ল। উগ্ৰ অসমীয়া জাতীয়তাবোধেৰে সমৃদ্ধ আন্দোলনটোৰ নেতৃবৰ্গই আন জাতি জনগোষ্ঠীৰ মানুহক আশ্বস্ত কৰাত ব্যৰ্থ হ’ল। সেয়েহে সেই সময়ৰ পৰাই বড়ো, কাৰ্বি আদি জনজাতিৰ মাজত বিচ্ছিন্নতাবাদী চিন্তা চৰ্চাই প্ৰাধান্য পাবলৈ ধৰিলে। অভিবাসী মুছলমান সকলে নিজৰ বংগীয় মূলক লৈ সচেতন হৈ উঠিল আৰু নিজকে অসমৰ মূল সুঁতিৰ পৰা বিচ্ছিন্ন বুলি ভাবিবলৈ ল’লে। বৰাক উপত্যকাৰ বঙালী হিন্দু সকলেও নিজকে অসমৰ পৰা বিচ্ছিন্ন বুলি ভাবিবলৈ ল’লে।“এই বাক্যকেইশাৰীৰ প্ৰতিটো শব্দত কিন্তু গভীৰতা আছে আৰু প্ৰৱল যুক্তিশীল সকলে অন্ততঃ এই সত্যক নস্যাৎ কৰিব নোৱাৰে।অসমৰ জাতীয় সূৰুয যিদিনাই অস্তাচলত মেলানি মাগিব সিদিনাই অভিবাসী মূছলমান আৰু স্বাভিমানী বঙালীয়ে নিজ নিজ এলেকা বাচি লৈ জয়ৰ নিচান তুলি ধৰিব।জ্যাতাভিমানী অসমীয়াবোৰ শুই গ’ল।সাৰে থাকিল মাত্ৰ বিশালকায় নাসিকাৰ ভয়ংকৰ শব্দ।তথ্যই বহন কৰা এই সত্য সাম্প্ৰতিক ঘটনা ৰাজিৰ বিচাৰ-বিশ্লেষণ সাপেক্ষ অথবা উদ্বেগহীন অসমীয়াৰ স্বভাৱজাত সন্তুষ্টিৰ বিপৰীতে জাতীয় দৈন্যৰ স্মাৰক হ’ব পাৰে।প্ৰসংগক্ৰমে ভাষা ৰক্ষাৰ নামত দেৱালত চুণ দিয়াৰ কু প্ৰথা কোনে আৰম্ভ কৰিছিল বোলোতে কাৰ কথা মনলৈ আহে বাৰু?বাঙালীৰ ঘৰে ঘৰে শিশুৰ মুখত বাঙালী সম্প্ৰদায়ৰ শ্বহীদৰ নাম আখৈ ফুটাদি ফুটে!আমাৰ কেইজনে খৰ্গেশ্বৰ-ৰঞ্জিত বৰপূজাৰীৰ জ্ঞান উত্তৰ প্ৰজন্মক দিছো অথবা আমিয়েইবা কিমান জানো?আত্মসমৰ্পনৰ ধাৰা সৃষ্টিৰে ইতিহাস গঢ়ি থোৱা অসমীয়াই গালি পাৰে বঙালীক উগ্ৰ জাতীয়তাবাদী বুলি?কিন্তু আমি ক’ম অসমীয়াই বঙালীৰ জাতীয় স্বাভিমানৰ পৰা শিকিবলগীয়া বহুত।দিনত জাতীয়তাবাদৰ ফটা লেকছাৰ ঝাৰি নিশা এপৰলৈ নেতা-মন্ত্ৰীৰ তৈলমৰ্দন কৰা বিয়োগোম জাতীয় পুৰোধাৰ হাতত কিমান সুৰক্ষিত জাতীয় জীৱন?শইকীয়া ছাৰ অথবা চক্ৰৱৰ্তী ছাৰে ভৱিষ্যত দেখিছে আৰু সেই আপাহতেই এইধৰণৰ মন্তব্য বুলি অনুমান কৰিব পাৰিনে।ঠিক একেদৰেই অসমৰ বিচক্ষণ মুখ্যমন্ত্ৰীগৰাকীয়েও পোনছাটে নগেন শইকীয়া ছাৰৰ মন্তব্যক ব্যক্তিগত মন্তব্য বুলি বিষয়টো সংক্ষিপ্ত কৰিছে।এইসকল সাহিত্য-সমাজ অথবা ৰাজনীতিৰ দিগগজে বুজিছে তাহানিতেই হেমাংগ বিশ্বাস-ভূপেন হাজৰিকা যুঁটিৰ সম্বন্বয় যাত্ৰাত কাঁইট সিঁচি বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত স্বতন্ত্ৰ আৰু পৃথক সত্বা তৈয়াৰৰ এখন মঞ্চ ইতিমধ্যেই এই দুই ভূমিৰ এচাম স্বাৰ্থান্বেষী সত্বাই ক্ষুদ্ৰ স্বাৰ্থপূৰণৰ তাড়নাত সাজি উলিয়াইছে অতি মজবুতকৈ।এই মায়াবী মঞ্চখন ভাঙি সম্বন্বয়ৰ সাঁকো তৈয়াৰ এক বৃহত্তম প্ৰত্যাহ্বান।অৱশ্যে এয়াও সত্য ভাষিকভাৱে সংবেদনশীল হ’লেও বৰাক-অথবা ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহখিনিৰ মনলৈ বিচ্ছিন্নতাভাৱ অহা নাই যদিও ঐতিহাসিক ভাৱে বৰাকৰ হিন্দু মানুহখিনিয়ে একালৰ কঁকালত খোৱা কোবটো মনত পৰিলে ক্ষোভিত-শংকিত হয়।সেইখিনি দুৰ্বল সময়তেই হয়তো দুইটা উপত্যকাৰ সেইসকল শ্ৰেষ্ঠ বুদ্ধিমানে ভাষিক সংবেদনশীলতাৰ গইনা লৈ পৃথকত্বৰ চৰ্চাত উদ্গনি দিয়ে।অৱশ্যেই এই বিচ্ছিন্নতাবাদী চিন্তা অথবা পৃথকত্ববাদী ধ্যাণ ধাৰণাৰ আৰত তেখেতসকলৰ স্বয়ম্ভূ জাতীয় অভিভাৱকৰ ইগ’ নে কাৰোবাৰ পৃষ্ঠপোষকতা সেয়া অদ্যাপি কৌতুহলৰ বিষয়।প্ৰসংগত আন এক গুৰুত্বপূৰ্ণ প্ৰশ্ন”ফলা বাঁহ জোৰা লগোৱাৰ”দুঃসাহসিকতা আৰু উদ্যম কাৰ?