মোদীৰ আচ্ছে দিনত পেট্ৰল ১০৪ টকা

1266
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


গুৱাহাটীত পেট্ৰল ১০৪ আৰু ডিজেল ৯৬ টকাত বিক্ৰী হৈছে। ৰন্ধন গেছৰ দাম ৯৫০ টকা আৰু মিঠাতেলৰ দাম ২৫০ৰ ওচৰা ওচৰি। তৰকাৰীৰ দামেও নতুন ৰেকৰ্ড গঢ়িছে।  দুখীয়া আৰু নিম্ন মধ্যবৃত্ত শ্ৰেণীৰ অবস্থা দুখলাগা।  মনত পৰিছে মোদীৰ সেই ভাষন_ বহুত হুৱা মেহংগাই কা মাৰ, অবকি বাৰ মোদী চৰকাৰ। বিৰোধীত থাকোতে নৰেন্দ্ৰ মোদীৰ মন মোহনীয়া ভাষন। এতিয়া নিজে একো কোৱাৰ ৰাস্তা নেদেখি কেবিনেট মন্ত্রীসকলক ৰাইজৰ জ্ঞান বৰ্দ্ধন কৰাত ন্যস্ত কৰি দিছে। সদায় কিছুমান বাহানা লৈ ৰাইজৰ ওচৰ চাপে। কংগ্ৰেছে হেনো কিবা অইল বণ্ড লৈ থৈছে, মোদী চৰকাৰে সেয়া পৰিষোধ কৰিব লগা হৈছে। এজনে আকৌ কয় প্ৰদূষন মুক্ত কৰি ই- ভেহিকলক উৎসাহ যোগাবলৈ পেট্ৰলৰ দাম বৃদ্ধি কৰা হৈছে। বহুতো মোদী ভক্তই মানিও লৈছে। এইসকলৰ মতে মোদী চৰকাৰৰ বচন মানে সত্য বচন। কোনোবাই কিয় প্ৰশ্ন নকৰে_ অপোনালোকক চৰকাৰত বহুৱালো কিয়? নিশ্চয় সমস্যাৰ সমাধান কৰিবৰ বাবে, ৰাইজক সকাহ দিবৰ বাবে,কংগ্ৰেছৰ বদনাম কৰি দাম বৃদ্ধিৰ বাবে। অসমৰ চৰকাৰী পক্ষৰ নেতা সকলৰ আকৌ নিৰ্লজ্জ্বতাৰ সীমা নাই। মটৰ চাইকেলত তিনিজন বহাৰ পৰামৰ্শ দিয়ে। যি ৰাইজৰ ভোটেৰে মন্ত্রী বিধায়ক হ’ল সেই ৰাইজকে উপলুঙা কৰাৰ সাহস কৰিছে। বিনাশ কালে বিপৰীত বুদ্ধি। মধ্যপ্ৰদেশ আদিৰ অবস্থা অসমতকৈও বেয়া। কোনো কোনো ঠাইত পেট্ৰলৰ মূল্য ১১৪টকা পৰ্য্যন্ত পাইছে। অসমৰ মুখ্যমন্ত্রীজনে এইকথাতে সন্ত্তষ্ট যে ইয়াত দাম অন্য ৰাজ্যতকৈ দুই চাৰিটকা কম। প্ৰধানমন্ত্রী জনেতো মৌন ব্ৰতেই ধাৰণ কৰিছে। পেট্ৰল ডিজেলৰ মুল্যবৃদ্ধিৰ গইনা লৈ অন্য অত্যাবশ্যকীয় সামগ্ৰীৰো মুল্য হোৰাহোৰে বৃদ্ধি পাইছে। তৰকাৰীৰ দোকানত দাম শুনি চকু কপালত উঠে। চৰকাৰলৈ আহ্বান বিৰোধীৰ দুৰ্বলতাকে ৰাইজৰ দুৰ্বলতা বুলি নাভাবিব। বয় বস্তুৰ দাম এনেকৈ বাঢ়ি থাকিলে কিন্তু ৰাইজে আজমলকো ভয় নকৰা হ’ব। সময় থাকোতে এই বিষয়ত মনোযোগ দিয়ক। ৰাইজে গাদীত বহুৱাবও জানে, গাদীৰ পৰা নমাই আনিবও জানে।