মই যি বাটেৰে ওলালো আজি….

2785

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী তথা অসমৰ প্ৰথম ৰাজনৈতিক ই- আলোচনী ৰাজনীতি অসমৰ অন্যতম পৰামৰ্শদাতা হেমন্ত কুমাৰ দত্তই যোৱা ১৭ চেপ্তেম্বৰ ২০১৯ ত গুৱাহাটীৰ হায়াত হাস্পতালত অন্তিম নিশ্বাস ত্যাগ কৰে। প্ৰয়াত দত্তই বহুকেইখন কিতাপ ৰচনা-সম্পাদনা কৰাৰ লগতে বহুতো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। প্ৰয়াত দত্তদেৱে ৰাজনীতি অসমত নিয়মিত ভাবে লেখি আছিল। তেখেতৰ মৃত্যুত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালকে ধৰি অান বহুতো নেতা, সাহিত্যিক তথা সমাজকৰ্মীয়ে শোক প্ৰকাশ কৰে। তেখেতৰ দুমহীয়া মৃত্যু তিথিৰ লগত সংগতি ৰাখি যোৱা ১৭ নবেম্বৰ ২০১৯ত তেখেতৰ জীৱন আৰু কৃতিক সামৰি “জীৱন তৰংগৰ সুবাস” নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰা হয়। সেই গ্ৰন্থখনত প্ৰকাশ পোৱা কেইটামান উল্লেখযোগ্য লেখনিক লৈ আমাৰ এক প্ৰতিবেদনঃ
মানৱতাবাদী হেমন্ত কুমাৰ দত্তৰ স্মৃতিত শ্ৰদ্ধাঞ্জলিঃ কনকসেন ডেকা
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই প্ৰয়াত দত্তৰ লগত থকা সু- সম্পৰ্কৰ স্মৃতি ৰোমন্থন কৰি কয় যে ” আমি অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্বত থকা সময়ছোৱাত হেমন্ত কুমাৰ দত্ত কাৰ্যনিৰ্বাহকৰ সদস্য আছিল। তেওঁ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা হেতুকে সভাৰ নিৰ্বাচন পৰিচালনাৰ গুৰু দায়িত্ব তেওঁৰ ওপৰত অৰ্পণ কৰা হৈছিল। সাহিত্যানুৰাগী দত্তই অতি দক্ষতাৰে সেই কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হোৱা হেতুকে তেওঁ সকলো ফালৰ পৰা প্ৰশংসিত হৈছিল। তদুপৰি তেওঁ লেখা প্ৰবন্ধ-পাতিও উচ্চ মানৰ আছিল। “
বিশিষ্ট সাহিত্যিক ড° বসন্ত কুমাৰ ভট্টাচাৰ্যই লেখে ” ইংৰাজী বিষয়ৰ  খ্যতিমন্ত শিক্ষক, নিঃস্বাৰ্থ সমাজসেৱক আৰু অফুৰন্ত সৃজনশীল প্ৰতিভাৰ গৰাকী প্ৰয়াত দত্ত আছিল সদালাপী, সৰবৰহী, মানৱতাবাদী, কৰ্মতৎপৰ আৰু নীতিপৰায়ণ ব্যক্তি।
অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা সাহিত্যিক ৰিজু হাজৰিকাই “কত পাম এনে বন্ধু!” শিৰোনামাৰে তেখেতৰ লগত প্ৰয়াত দত্তৰ থকা বন্ধুত্বৰ কথা ব্যক্ত কৰে।
বিশিষ্ট চিকিৎসক তথা সুসাহিত্যিক ডাঃ শুভ্ৰ কিংকৰ গোস্বামীয়ে গুৰুজী আদ্য শৰ্মাৰ আৰ্ট স্কুলৰ নতুন ভবন নিৰ্মানত হেমন্ত কুমাৰ দত্ত দেৱৰ অবদানৰ কথা সোঁৱৰে। শিৰোনামা “দত্ত গ্ৰুপঃ এক আত্মিক সংযোজন”
বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই দত্তদেৱৰ লগত তেখেতৰ অনুভবৰ কথা ব্যক্ত কৰে। দত্ত দেৱে দুখীয়া ছাত্রী বিলাকক নিজৰ পকেটৰ ধন ভাঙি নামভৰ্তিত সহায় কৰিছিল। হেমন্ত কুমাৰ দত্তৰ বন্ধু আছিল প্ৰাক্তন আলফা নেত্রী প্ৰণতি ডেকাৰ পিতৃ প্ৰয়াত চন্দ্ৰকান্ত ডেকা। ধ্ৰুৱজ্যোতি শৰ্মাই লেখে ” ডেকাৰ মুখেৰে তেওঁ যেতিয়া জানিলে বিদেশত আলফাৰ অন্যতম শীৰ্ষ পদত থকা দুহিতাৰ বাবে সেনা আৰক্ষীয়ে ডেকাৰ ঘৰখনক মানসিক অাতিশয্য দিছে তেতিয়া বৰ বেজাৰ অনুভব কৰিলে। পিছদিনাই তেও বন্ধু ডেকাক লগত লৈ উপায়ুক্ত আৰু আৰক্ষী অধিক্ষকক সাক্ষাৎ কৰিলে _ এচ পিক নিৰ্ভীকভাবে কলে _ চাওক এচ পি . নলবাৰীৰ মানুহে বন্দুক নহয় কলম লৈ জন্ম লাভ কৰে। কলম চলাই আহিছে নলবৰীয়াই যুগৰ পৰা যুগলৈ । এই যে বন্দুক লৈছে ল’ৰাবোৰে তাৰবাবে পিতৃ মাতৃ দায়ী নহয় , দায়ী আমাৰ চিষ্টেম। চিষ্টেমটো শুদ্ধীকৰণ কৰক। দেখিব – ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহিছে । বিস্ময়ত হতবাক এচ.পিয়ে চাই ৰ’ল তেওঁৰ অকুতোভয় অভিব্যক্তিৰে উজ্জ্বল মুখখনলৈ”
গিৰীন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সম্পাদনা কৰা গ্ৰন্থখনত মাহতাব উদ্দিন আহমেদ, শ্যাম সুন্দৰ জালান, জিতেন শৰ্মা, মুৰাৰী মোহন দত্ত, চিৰঞ্জীৱ জৈন, ডাঃ নন্দিতা চৌধুৰীকে ধৰি মুঠ ১২৬ জন ব্যক্তিৰ হেমন্ত কুমাৰ দত্তৰ ওপৰত লেখা সান্নিবিষ্ট কৰা হয়।

এই গ্ৰন্থখনত ৰাজনীতি অসমৰ মুখ্য সম্পাদক পাৰ্থ সাৰথি দত্ত আৰু সম্পাদক পাৰ্থ প্ৰতীম লহকৰে হেমন্ত কুমাৰ দত্তক শ্ৰদ্ধাৰে সোঁৱৰে।


প্ৰেৰণাৰ উৎস দেউতা
পাৰ্থ সাৰথি দত্ত
২০০৪ চন, বাংগালোৰ,  মই এটা চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবলৈ যাওঁ । এটা কোঠাত আমি ১৫ জন  মান চাকৰি প্ৰত্যাশী। কিছুসময় পিছত কোম্পানীৰ মানুহ এজন আহিল। ”  সকলোৱে এটা বিষয়ৰ ওপৰত ২ মিনিটকৈ কব লাগিব। এই ৰাউণ্ডত যিসকলে ভাল প্ৰদৰ্শন কৰিব তেওঁলোকক দ্বিতীয় ৰাউণ্ডলৈ নিৰ্বাচিত কৰা হ’ব। দ্বিতীয় ৰাউণ্ড হ’ব technical । ” এনে এটা পৰিস্হিতিৰ বাবে একেবাৰে প্ৰস্ত্তত নাছিলো। ইংৰাজীত কথা কোৱাত সিমান সিদ্ধসস্ত নাছিলো , তাৰ উপৰি কিবা বিষয় দিয়ে..মনটো উগুল-থুগুল লাগি আছিল।
– Today’s topic is “your ideal person” সাক্ষাৎকাৰ গ্ৰহণকৰ্তা জনে ডাঙৰকৈ ঘোষণা কৰিলে।
এজন দুজনকৈ সকলোৱে কথা কোৱা আৰম্ভ কৰিলে। নেলচন মেণ্ডেলা , অমিতাভ বচ্চন, শচীন তেণ্ডুলকাৰ আদিৰ নাম উচ্চাৰিত হ’ল। মোৰ পাল আহিল। লাহেকৈ ঠিয় দিলো।  ” My father is my ideal person” , নিজে নিজে মুখৰ পৰা দেউতাৰ নামটো ওঁলাই আহিল। তাৰ পিছৰ দুই মিনিট মোৰ স্মৃতিৰ খিৰিকী খুলি দেউতাৰ বিষয়ে কৈ গ’লো।
সচাকৈয়ে আমাৰ দেউতাৰ ব্যক্তিত্ব আছিল অনন্য। আমি সৰু থাকোতে দেউতাই আমাক খুব শাসন কৰিছিল। খুব ভয় কৰিছিলো তেখেতক। পঢ়া টেবুলত সময়মতে নবহাৰ বাবে আমি বহুবাৰ গালিও খাবলগীয়া হৈছিল। অবশ্যে মই নবম শ্ৰেণী পোৱাৰ পিছত দেউতাই শাসন কৰিবলৈ এৰি দিলে। পিছতহে বুজিলো সৰু কালৰ এই অনুশাসন কিমান প্ৰয়োজনীয় আছিল। নবম মানৰ পৰা যেতিয়া দেখিলে আমি নিজে নিজে দায়িত্বশীল হৈছো দেউতাই শাসন কৰাৰ প্ৰয়োজনীয়তা নাথাকিল। দেউতাই আমি যি বিচাৰিছিলো সেয়া দিছিল। সেইবাবে দেউতাৰ লগত বজাৰলৈ গৈ খুব আনন্দ পাইছিলো। তৰকাৰি বা শাক পাচলিৰ দোকানীৰ লগত কেতিয়াও দৰদাম কৰা নেদেখিলো। এদিন মই দেউতাক এই বিষয়ে সোধাত দেউতাই কলে যে এইসকল মানুহ খুব দৰিদ্ৰ । “এওঁলোকৰ পৰা এটকা -দুটকা ৰাহি কৰি ধনী হবলৈ মোৰ মন নাই। ” দেউতাৰ প্ৰতি যেন মোৰ সন্মান দুগুনে বৃদ্ধি পাইছিল।
দেউতাই সমাজৰ কাম কৰিছিল খুব আন্তৰিকতাৰে। প্ৰয়োজনত নিজৰ গাঠিৰ ধন ভাঙি খৰচ কৰিছিল। কোনোবাই দেউতাৰ পৰা প্ৰয়োজনত টকা বিচাৰি আহিলে কেতিয়াও বিমুখ নহৈছিল। মায়ে দেউতাক সমাজ সেৱা কৰাত বাধা দিয়া নাছিল যদিও মাৰ আমাক লৈ অলপ চিন্তা হৈছিল। সাচতীয়া ধন নাথাকিলে যে লৰা ছোৱালীক উচ্চ শিক্ষা দিয়াত সমস্যাৰ সৃষ্টি হ’ব পাৰে সেয়া মায়ে অনুধাবন কৰিছিল। কিন্তু দেউতাই হেলাৰঙে সকলো সমস্যাৰ মোকাবিলা কৰিছিল। দেউতাই সমাজৰ কাম কৰাৰ লগতে আমাৰ পঢ়াৰো যত্ন লৈছিল। উচ্চতৰ মাধ্যমিকত যেতিয়া দেউতাৰ পৰা ইংৰাজী শিকিছিলো তেতিয়া বুজিছিলো দেউতাৰ শিক্ষক হিচাবে ইমান সমাদৰ কিয়। প্ৰতিটো অধ্যায় ব্যবহাৰিক কথাৰে ইমান সুন্দৰকৈ বুজাই দিয়ে যে কেতিয়া সময় পাৰ হৈ যায় গমকে নাপাইছিলো।
নিজৰ আত্মীয় স্বজনৰ প্ৰতিও তেখেতৰ আছিল অগাধ মৰম। আমাৰ সম্বন্ধীয় ভাই ভনী বহুতে দেউতাৰ ওচৰলৈ পঢ়িবলৈ আহিছিল। দেউতাই খুব আনন্দ মনেৰে সকলোকে আমাৰ লগত বহুৱাই পাঠদান কৰিছিল লগতে উপহাৰো দিছিল। আমাৰ ঘৰত এটা সুন্দৰ পঢ়াৰ পৰিবেশ আছিল।
দেউতাক লেখা মেলা কৰি থকা দেখি মই বহুত প্ৰেৰণা পাইছিলো। ষষ্ঠ শ্ৰেণীত থাকোতে মই এটা গল্প লিখি পেপাৰলৈ পোষ্ট কৰি দিও। ঘৰত কাকো কোৱা নাছিলো। দুসপ্তাহ পিছত যেতিয়া গল্পটো পেপাৰত প্ৰকাশ পায় তেতিয়া দেউতাক চাৰপ্ৰাইজ দিছিলো। সেইদিনা দেউতাৰ মনটো আনন্দেৰে ভৰি গৈছিল। ঘৰলৈ অহা সকলোকে নিজে মাতি গল্পটো শুনাইছিল। পিছত পেপাৰৰ পৰা কাটি লেমিনেছন কৰি বন্ধাই থৈছিল।দেউতাৰ অনুপ্ৰেৰণাৰ বাবে ব্যস্ততাৰ মাজতো মই লিখা মেলা কৰি আছিলো। দেউতাৰ দিহা পৰামৰ্শ লৈ ২০১৮ চনত আমি আৰম্ভ কৰো অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ৰাজনীতি অসমৰ। ৰাজনীতি অসমত নিয়মিত ভাবে লেখাৰ উপৰিও তেখেতে আমাক দিছিল বহু মূল্যবান উপদেশ। তেখেতৰ কৃপাতে ৰাজনীতি অসমে মাত্র ডেৰ বছৰতে ১.২৫ লাখ পঢ়ুৱৈৰ সংখ্যা অতিক্ৰম কৰে।
দেউতাই ২০০০ চনত মোক বাংগালোৰলৈ পঢ়িবলৈ লৈ আহিছিল। বাংগালোৰলৈ আহি ইয়াৰ স্থানীয় কথাবোৰ জনাৰ হাবিয়াহ কৰিছিল। বন্ধু বান্ধব বহুতলৈ চিঠি লিখিছিল নিজৰ অনুভবৰ কথা জনাই। বাংগালোৰৰ বাংৰা মাছটো দেউতাৰ খুব প্ৰিয় আছিল। পিছত অসমলৈ যাওঁতে এই মাছবিধ মাজে মাজে লৈ গৈছিলো। দেউতাই নিজেও তৃপ্তিৰে খাইছিল আৰু আনকো খুৱাইছিল। বাংগালোৰৰ মোৰ বন্ধুবৰ্গৰ লগত দেউতাক চিনাকি কৰি দিছিলো। দক্ষিণ ভাৰতৰ লৰা কেইজনক দেউতাই নিজৰ কথাৰে মুগ্ধ কৰিছিল। আজিও লগপালে সিহতে মোক দেউতাৰ কথা সোধে।
মোৰ চাকৰিৰ প্ৰথম মাহৰ দৰমহাৰে দেউতাই ওচৰ চুবুৰিয়াক এসাজ খুৱাই আশীৰ্বাদ লৈছিল। দেউতাই মোৰ কৰ্মস্হান বাংগালোৰলৈ বহুবাৰ আহিছিল। শেষৰ বাৰ আহিছিল ২০১৭ চনত। সেইবাৰ দেউতাই সকলোতকৈ বেছি আনন্দ পাইছিল। নাতিৰ সতে mallত গৈ বজাৰ কৰা, ভিডিও গেম খেলা, ৭ ডি চিনেমা চোৱা, মাছাজ চকীত বহি গা মালিছ কৰা আদি নতুন অভিজ্ঞতা লাভ কৰিছিল। ঘৰৰ সকলোলৈকে বজাৰ কৰিছিল। আনকি কাম কৰা মানুহ দুজনলৈও কাপোৰ কিনিছিল।
দেউতাক হায়াত হাস্পতালত ভৰ্তি কৰা হয় ৩ চেপ্তেম্বৰত। গোটেই আগষ্ট মাহটো মই চুটিত আছিলো। দাদা আৰু মই দেউতাক চেক আপৰ বাবে কলিকতালৈ লৈ গৈ তাত চাৰি দিন মান আছিলো। ডাক্তৰে তাত দেউতাক সুস্থ বুলি কোৱাত দেউতাই মনত খুব আনন্দ লাভ কৰিছিল। কিডনীৰ অসুখত ভুগি থকা মানুহজনৰ মনত আশাৰ সঞ্চাৰ জাগিছিল। ঘৰলৈ ওভোতাৰ পিছতো দেউতাৰ মনটো উৎফুল্লিত হৈ আছিল। জীবনক ভালপোৱা আমাৰ দেউতাৰ এই আনন্দ আছিল ক্ষণস্হায়ী। হায়াত হাস্পতালত ভৰ্তি কৰাৰ দুদিন মান পিছত দেউতাই বুজিছিল যে ঘৰলৈ সুস্হ হৈ ঘূৰি যোৱাৰ সম্ভাবনা ক্ষীণ। হাস্পতাললৈ দেউতাৰ খবৰ লবলৈ অহা প্ৰতিজন ব্যক্তিক দেউতাই আশীৰ্বাদ কৰিছিল। জীবনৰ শেষ মুহূৰ্তলৈ সকলোৰে মংগলৰ বাবে চিন্তা কৰা দেউতাক হেৰুৱাই আমি বাকৰুদ্ধ। এই দুখ সহজে মনৰ পৰা আতৰ নহয়। ভগবানৰ ওপৰত সদায় এক আখেজ থাকি যাব।

ভেচপা স্কুটাৰ
পাৰ্থ প্ৰতীম লহকৰ
হেমন্ত কুমাৰ দত্ত , হেমন্ত হৈছে ঋতু আৰু এই ঋতুৰ অধিকাৰীজন হৈছে হেমন্ত কুমাৰ । আমি আচলতে হেমন্ত বা হেমন্ত কুমাৰ এজনকো বুজা নাছিলো । মাত্ৰ জানিছিলোঁ এজন সাধাৰণ কলেজৰ শিক্ষকক ; যিজন অধ্যাপকৰ এখন ভেচপা স্কুটাৰ আছিল । ঈষৎ সেউজীয়া ৰংৰ এখন স্কুটাৰ । আজিৰ পৰা প্ৰায় পঁচিশ বছৰমান আগৰ কথা , যিটো সময়ত স্কুটাৰ বা গাড়ী চলাবলৈ ড্ৰাইভিং লাইচেঞ্চ থকা বা নথকাৰ প্ৰয়োজনবোধ কৰা নাছিলো । এদিন চাৰৰ সৰু পুত্ৰ বন্ধু পাৰ্থই ক’লে, ” এটা দৰকাৰী কামত বৰভাগলৈ যাব লাগিব । ” মই সুধিছিলোঁ , ” বৰভাগ মানে ! ক’ত ? “
“আমি বৰবৰীলৈ যাম , তুমি দুপৰীয়া তিনিটামানত আহিবা ” , পাৰ্থই কৈছিল । কথা মতেই কাম । কলেজৰ পৰা ঘৰ  আৰু ঘৰৰ পৰা সত্ৰ এম ভি স্কুল । চাইকেলখন পাৰ্থহতঁৰ ঘৰৰ সন্মুখৰ আমডালৰ গাতে গা লগাই থলোঁ । কাৰণ চাইকেলৰ ষ্টেণ্ডডাল বেয়া হৈ আছিল । পাৰ্থই ক’লে, ” দেউতা কলেজৰ পৰা আহি পাইছে ,ব’লা স্কুটাৰখনতেই যাওঁ ।”
মই স্কুটাৰ চলাব নেজানো । পাৰ্থই ভেচপা ষ্টাৰ্ট দিলে । লক্ষ্য স্থান বৰবৰী । সেইসময়ত বাইক বুলিলে আৰ এক্স ১০০ , হিৰো হণ্ডা আৰু  দুই এখন বুলেট । নলবাৰী চহৰৰ  কোনজন মানুহৰ কি বাইক আছে একেবাৰে নখ দৰ্পনত। স্কুটাৰ মানেই বাজাজ সেটক আৰু ভেচপা । আচলতে বাইক কিনা মানেই আছিল দু: সাহস। কাৰণ কোন সময়ত সশস্ত্ৰ সংগঠনৰ নেতাই বাইক বিচাৰি সংগ্ৰামী শুভেচ্ছা দিয়ে তাৰ থিক নাই । আমাৰ ভেচপাই টেৰেচিয়া পাৰ হৈ বালিলেছা মন্দিৰ পালে । বালিলেছা মন্দিৰত দুৰৰ পৰাই সেৱা জনায় আমাৰ যাত্ৰা চলি থাকিল । অলপ সময় পিছতে পাগলাদিয়া নদীৰ ওপৰৰ মুৰকোণা ঘাট দলং পালোঁ । সন্মুখৰ পৰা অহা ৰিক্সা এখনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই ভেচপাত খুন্দা মাৰো মাৰো । কিন্তু কি ভাগ্যত ৰিক্সাখনৰ লগত মুখামুখি সংঘৰ্ষৰ পৰা হাত সাৰিছিলোঁ আজিও সাঁথৰ । এই ঘটনাৰ বহুদিন পিছত ভাব আহিছিল __ দুৰ্ঘটনা হ’লে স্কুটাৰখনৰ কি হ’লহেতেঁন ? স্কুটাৰৰ মালিকে জানো জানিছিল , আমি বৰবৰীলৈ অহা বুলি ; এনেকুৱা ভালেমান কথা আজিও
 উত্তৰবিহীন ।
তামোল : ” মানুহজনে তামোল বহুত খাইছিল , ইমান তামোল খোৱা মানুহ বহুত কম আছে ” , শিক্ষাবিদ বসন্ত কুমাৰ ভট্টাচাৰ্য্য চাৰে এদিন আমাক কৈছিল ।  হেমন্ত কুমাৰ দত্ত চাৰৰ মুখত তামোলখন আছিল সকলোৰে চিনাকী । কলেজৰ শিক্ষা প্ৰায় শেষ হওঁ হওঁ । সেইখিনি সময়ছোৱাত চাৰৰ অধ্যাপক জীৱনৰ অৱসৰলৈ ৪-৫ বছৰ বাকী আছিল   । আগতে ঘৰত ছাঁটোকে নেদেখা মানুহজনক এতিয়া অলপ অলপ লগ পোৱা যায় ।   আধা ঘন্টা – পঞ্চল্লিছ মিনিট  সময় চাৰক লগ পোৱা হ’লো । ৰঞ্জিতা দত্ত জেঁঠীক সৰুৰে পৰা পাইছিলোঁ । জেঁঠী মোৰ ‘মা’ৰ সহকৰ্মী আছিল । জেঁঠীৰ,  “লহকৰ , ঘৰত ভালে আছে   ? “, এই কথাফাঁকি সদায় মনত থাকিব । আচলতে জেঁঠীয়ে মোক উপাধিৰে সম্বোধন কৰিছিল ।হয়টো জেঁঠীৰ ল’ৰাৰ নাম আৰু মোৰ নাম একে হোৱা বাবে তেনেদৰে মাতিছিল নে কি সেয়া কৌতূহল হৈয়ে থাকিব ।  জেঁঠীৰ মৃত্যুৰ পিছত ঘৰখন খালী হৈ গ’ল আৰু  ইমান মৰমত ‘লহকৰ ‘ বুলি সম্বোধন কৰা মানুহজনক হেৰুৱাই বুজিলোঁ যে শব্দই ব্ৰহ্ম ।
ফাঁচি কাঠত ৰাজখোৱা : উপেন্দ্ৰ চন্দ্ৰ ৰাজখোৱা , উচ্চ ন্যায়ালয়ে ৰাজোৱাৰ ফাঁচীৰ ৰায়দান দিয়ে আৰু এই হত্যাকাণ্ডৰ লগত জড়িত সমগ্ৰ ঘটনাক নতুন প্ৰজন্মক চিনাকী কৰাই  দিছিল ভবেন বৰুৱা ৰচিত নাটক ‘ ফাঁচি কাঠত ৰাজখোৱা ‘ নাটকৰ দ্বাৰা ।  মাধবদেৱ থিয়েটাৰ , গৰ্ডন স্কুল ফিল্ডত শেষ নিশাৰ নাটক ‘ ফাঁচি কাঠত ৰাজখোৱা ‘ , খুব সম্ভৱ ৯৪-৯৫ চনৰ কথা ; যদিহে স্মৃতিয়ে ভুল কৰা নাই ।  পৰেশ গোস্বামী ৰাজখোৱাৰ ভুমিকাত বলিষ্ঠ অভিনয় । ৰাজখোৱাৰ চৰিত্ৰই মঞ্চত ইংৰাজী আওঁৰায় । অপৰাধী এলাপেচা নাছিল , গোৱাপাৰা জিলা আৰু সত্ৰ ন্যায়াধিশৰ ন্যায়াধিশ । ভবেন বৰুৱাৰ নলবাৰী ষ্টেচন ৰ’ডত থকা অসম আৰ্হিৰ ঘৰটোত সংলাপ লেখা হৈছিল আৰু ইংৰাজীৰ সংলাপবিলাক লেখিছিল হেমন্ত দত্ত চাৰে । নাটকৰ আৰম্ভণীত নাম ‘ কাষ্টিং ‘ৰ সময়ত যেতিয়া কৃতজ্ঞতা স্বীকাৰত ‘ হেমন্ত কুমাৰ
 দত্ত ‘ নামটো দেখিছিলোঁ , সেইসময়ত  গেলাৰীত থকা আমাক ( চাৰৰ পুত্ৰ পাৰ্থ , বন্ধু সীমান্ত , ৰঞ্জিত , অনুপম , দিপেছ , বিশ্ব , নবজ্যোতি , গৌতম ) ৰোমাঞ্চিত কৰিছিল ।
পাভ মাছ : সময়বিলাক বাগৰি গৈ থাকিল । স্কুলীয়া দিনত ছাঁটোকে নেদেখা মানুহজনক , কলেজৰ দিনবোৰত অলপ সময়ৰ কাৰণে হ’লেও ঘৰত লগ পোৱা হ’লো । চাৰে চাকৰি জীৱনৰ পৰা অৱসৰ ল’লে , আমিও ভাত মুঠিৰ যোগাৰ কৰিবলৈ চাকৰিত সোমালো । লাহে লাহে চাৰৰ গা বেয়া হ’বলৈ ধৰিলে । এতিয়া সেই ছাঁটোকে দেখা নোপোৱা দত্ত চাৰৰ কাষত বহি ঘন্টাৰ পিছত ঘন্টা কথা পাতিবলৈ সময় পোৱা যায় ।আমি আৰম্ভ কৰা অসমৰ প্ৰথম ৰাজনৈতিক আলোচনী ৰাজনীতি অসমক লৈ তেখেত অত্যন্ত উৎসাহী। আমাক দিহা পৰামৰ্শ দি কয় “তোমালোকে বৰ ভাল কাম কৰিছা। সদায় ৰাইজৰ পক্ষত থাকিবা, তোমালোকৰ মংগল হ’ব”।  বৃক্ক ৰোগত আক্ৰান্ত চাৰ অত্যন্ত সাহসী । জীৱনক চাৰে ভাল পায় । জীৱন যেন সংগ্ৰাম নহয়, জীৱন মাথো এক যাত্ৰা । চিকিৎসাৰ কাৰণে কলিকতালৈ যাব । দুইযোৰ নতুন কুৰ্ত- পায়জামা কিনিলে । নতুন কাপোৰ নতুন উদ্যমত কলিকতা গ’ল । প্ৰায় এসপ্তাহমান পিছত ঘুৰি আহিল ।
” চাৰ কলিকতাৰ ইলিছ খালে নে ? “,
 সুধিলোঁ ।
” ভাল লাগিছে হে , কলিকতাত মাছ খাবলৈ ভাল । “
” ইলিছৰ কাইট থাকে যে , এইবাৰ ‘পাভ ‘ ই খালোঁ । “
অসমীয়া কবিতা
‘ নাৰ বাট পাভ মাছ আৰু এটি কাছ ,  বাৰ টকাত কিনি আনি  কিয় বাৰু নাচ? ‘  , পদ্যটো মনত পৰি গ’ল ।
” দুইসাঁজ মান পাভ মাছেই খালোঁ ” , চাৰে ক’লে ।
অকল নিজেই খোৱাই নহয় , ঘৰলৈও লৈ আহিছিল । কেইটামান ভজা আৰু কেইটামান  আঞ্জা বনাই আনিছিল ।
” আঞ্জাৰ বাচনটো এয়াৰপোৰ্টৰ চিকিউৰিটি চেকত ফচি গ’ল বুজিছানে , নহ’লে কলিকতাৰ পাভৰ সোৱাদ ল’ব
পাৰিলাহেতেঁন ।