ভানুৰ লগত কুইজ মাষ্টৰ

1656

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


এসময়ৰ প্ৰবল প্ৰতাপী আই.এ.এছ বিষয়া আৰু যোৱা লোকসভা নিৰ্বাচনত তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী এম.জি.ভি.কে ভানুৱে কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত বিভিন্ন সংবাদ মাধ্যমত মনৰ কথা কয় ।  অসমৰ বহু মন্ত্রী-বিধায়কৰ লগত কাম কৰাৰ সুবাদতে তেখেতে সকলোকে ভালকৈ চিনি পায়। তেখেতে কোৱা কথাৰ আঁত ধৰি  পাঠকৰ জ্ঞাতাৰ্থে
  _______
১) অসমৰ আটাইতকৈ  দুৰদৰ্শী মুখ্যমন্ত্রী কোন ?
উত্তৰঃ হিতেশ্বৰ শইকীয়া
২) হিতেশ্বৰ শইকীয়াই ৰাতি কিমান বজালৈ কাম কৰিছিল?
উত্তৰঃ ৰাতি দুই বজালৈ
৩) আই.এ.এছ বিষয়াক উকা কাগজত চহী কৰি দি বিশ্বাসৰ পৰিচয় দিয়া মুখ্যমন্ত্রী জনৰ নাম কি?
উত্তৰঃ তৰুণ গগৈ
৪) হিমন্ত বিশ্ব শৰ্মা ?
উত্তৰঃ তিনি ৰাতি নুশুৱাকৈ থাকিব পৰে
৫) কাৰ কথা মতে ৰাষ্ট্ৰীয় খেলৰ বাবে সৰুসজাইক নিৰ্বাচিত কৰা হৈছিল?
উত্তৰঃ ভানু
৬) প্ৰফুল্ল মহন্তৰ ভাল গুণ কি?
উত্তৰঃ তেখেতে সকলোৰে কথা মনোযোগেৰে শুনে
৭) হিমন্ত বিশ্ব শৰ্মাৰ সকলোতকৈ ভাল গুণ কি?
উত্তৰঃ তেখেতে যাকে লগ পায় সকলোৰে পৰা কিবা নহয় কিবা শিকে
৮) তৰুণ গগৈ ডাঙৰীয়াৰ ভাল গুণ কি?
উত্তৰঃ তেখেতে কাৰো প্ৰতি মনত বৈৰী ভাব নাৰাখে
৯) কাৰ আচাৰ ব্যৱহাৰ  সকলোতকৈ ভাল?
উত্তৰঃ সৰ্বানন্দ সোণোৱাল
১০) পৰবৰ্তী কংগ্ৰেছ সভাপতিৰ বাবে সকলোতকৈ যোগ্য কোন?
উত্তৰঃ ভূপেন বৰা