শিলাদিত্যই বচালে বহুতৰে টিকট

1649

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


হোজাইৰ বিতৰ্কিত তথা জনপ্ৰিয় বিধায়ক শিলাদিত্য দেৱে কৰ’নাৰ মাজতে অসমৰ মানুহক ৰাজনীতিৰ খৱৰ চোৱাৰ প্ৰতি আগ্ৰহ জন্মাই থাকিল ।  যোৱা চাৰি বছৰে বাংলাদেশী মুছলমানৰ বিৰুদ্ধে উষ্ম বক্তব্য ৰাখি থকা শিলাদিত্য দেৱে এইবাৰ শিল নিক্ষেপ কৰিলে  নিজৰ দলৰ নেতাৰ বিপক্ষে । দলৰ এজন শক্তিশালী নেতাৰ বিৰুদ্ধে মন্তব্য ৰাখিলে , কিন্তু নেতা জনৰ নাম তেওঁ নল’লে । তেওঁ নেতা জনৰ বিৱৰণ যি ধৰণে দিলে সেই বিৱৰণ চাই অসমৰ প্ৰতিজন ৰাজনীতিৰ প্ৰতি আগ্ৰহী ৰাইজৰ বুজিবলৈ বাকী নাথাকিল মানুহ জনৰ পৰিচয় ।  বিজেপিৰ নেতাজনৰ বদনামে দলটোক বদনামী কৰিলে । কিন্তু কেন্দ্ৰ আৰু ৰাজ্যত যিহেতু একেটা দলেই ক্ষমতাত আছে সেয়ে মিডিয়াই মুকলিকৈ নেতাজনৰ নাম লোৱা নাই । শিলাদিত্য দেৱে দলৰ ইমেজক ক্ষতি কৰিলে যদিও শিলাদিত্য দেৱে বৰ্তমানৰ বহু বিধায়কক টিকট কটা যোৱাৰ পৰা ৰক্ষা কৰিলে । ২০১৬ চনত চৰকাৰ গঠন হোৱাৰ পিছতেই নেতা সকলৰ মাজত ভোগবাদৰ প্ৰতিযোগীতা চলিল । আৰু এই ভোগবাদে জন্ম দিলে বিসম্বাদৰ । বিসম্বাদে জন্ম দিলে পাখী কটা ৰাজনীতিৰ । শিলাদিত্য দেৱে উল্লেখ  কৰা মোনা লোৱা নেতাজনক সন্তুষ্ট কৰিব নোৱাৰা প্ৰতিজন বিধায়কক তেওঁ টাৰ্গেট কৰি লৈছে । অসন্ত্তষ্ট বিধায়ক সকলে নেতা জনৰ নাম ল’ব নোৱাৰাটো খুবেই আকৰ্ষণীয় বিষয় । ইয়াৰ প্ৰধান কৰাণ হৈছে বৰ্তমানৰ বিজেপি বিধায়ক সকলৰ প্ৰায় ৮০% ই বেলেগ দলৰ পৰা অহা । মুখ্যমন্ত্ৰী অগপৰ পৰা অহা আৰু হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ পৰা।  যিহেতু এই দুয়োজন নেতাৰ সাংগঠনিক কিছুমান সীমাবদ্ধতা আছে; ইয়াৰ পুৰ্ণ সুযোগ লৈছে মোনা লোৱা ব্যক্তি জনে ।  বিভিন্ন সুত্ৰই দাবী কৰা মতে ব্যক্তি জনৰ উচ্চকাংক্ষা মুখ্যমন্ত্ৰীৰ চকী খনলৈ । সেয়ে নিজৰ পচন্দৰ বিধায়কক টিকট দি ২০২‍১ চনত চৰকাৰ গঠন কৰিবলৈ পৰিকল্পনা লৈছে । কিন্তু সকলো অংকত আউল লগালে শিলাদিত্য দেৱে । শিলাদিত্য দেৱৰ স্থানত আন বিধায়ক হোৱা হেঁতেন দলৰ পৰা বহিষ্কাৰ নিশ্চিত আছিল । কিন্তু হিন্দুত্ববাদী শক্তি সকলৰ নয়নৰ মনি ব্যক্তিজনক বহিষ্কাৰ কৰিবলৈ বিজেপিৰ সাহস নাই । তেওঁৰ বহিষ্কাৰে অসমৰ প্ৰতিটো বিধান সভা সমষ্টিত ১০% ভোটৰ অংক সাল সলনি হ’লহেঁতেন । শিলাদিত্য দেৱৰ মুকলি বিদ্ৰোহৰ ফলত মোনা লোৱা ব্যক্তিজন দিল্লীৰ ৰোষত পৰিছে । ইতিমধ্যে টিকট ভাগ বিতৰণ খেল খনৰ পৰা তেওঁক আতৰায় ৰখাৰো বাতৰি ওলাইছে । কৰ’নাৰ  পিছত  তেওঁক নতুন দায়িত্ব দিলেও আচৰিত হ’ব লগীয়া একো নেথাকিব ।