ভেকচিন আহিবলৈ সময় লাগিব..

1283
  • বুবুল ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কৰ’না ভাইৰাছৰ নব্য সংযোজন কোভিড 19 এ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে।চীনৰ ৱুহান চহৰত জন্ম লৈ সমগ্ৰ বিশ্বত বিয়পি পৰা ভাইৰাছটোৱে নিত্য নতুন লক্ষণেৰে বিশ্বৰ বিজ্ঞানী সমাজক বাৰুকৈয়ে জুৰুলা কৰি আছে।প্ৰাপ্ত তথ্য মতে মিজিলছ ভাইৰাছৰ ভেকচিন আবিষ্কাৰ কৰিবলৈ সময় লাগিছিল ছয় বছৰ। যি একেবাৰে কম সময় বুলি বিজ্ঞানী মহলে দাবী কৰে।তেন্তে সমগ্ৰ বিশ্বৰ মেডিয়াই দেখুৱাই থকা বাতৰি বোৰৰ সত্যতা সন্দেহৰ অৱৰ্তত।মেডিয়া বোৰৰ মতে ভেকচিনৰ প্ৰসৱ বেদনা আৰম্ভ হৈছে।অতি সোনকালে জন্ম লাভ কৰিবলৈ শুভ ক্ষণৰ বাবে বাট চাই আছে।কিন্তু এইয়া কিমানদূৰ সত্য সেইয়া সময়েহে ক’ব!চীন,আমেৰিকা,ব্ৰিটেইন, ৰাছিয়া,ইটালী, স্পেইনৰ দৰে উন্নত চিকিৎসা ব্যৱস্থা থকা দেশবোৰত হোৱা মৃত্যুৰ হাৰ ভাৰতৰ দৰে উন্নয়নশীল দেশৰ মৃত্যুৰ হাৰতকৈ বহু বেছি বুলি চৰকাৰে দাবী কৰিছে। অসমৰ দৰে ৰাজ্যত আৰোগ্যৰ হাৰ প্ৰায় একসত্তৰ শতাংশ।আমাৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সন্মুখৰ পৰা নেতৃত্ব দি যুঁজি আছে।তাতো বহু প্ৰশ্নৰ অৱকাশ আহি পৰিছে-পজিটিভ-নিগেটিভৰ বিতৰ্ক বৰ্তমান মেডিয়াৰ হট কেকৰ দৰে হৈ পৰিছে।প্ৰায় ডেৰ শ কোটিৰ জনসংখ্যাৰ দেশ ভাৰতে কোভিড 19 ৰ বিৰুদ্ধে যুঁজিছে চৰকাৰ আৰু জনগণৰ প্ৰত্যক্ষ কিম্বা পাৰস্পৰিক সহযোগত।দিল্লীৰ এইমচত ভেকচিনৰ ট্ৰায়েল হৈছে।সেইদৰে অক্সফোৰ্ড ইউনিভাৰ্চিটি,ৰাছিয়া,আমেৰিকাতো ট্ৰায়েল আৰম্ভ হৈছে।কিন্তু জনামতে ভেকচিনৰ ট্ৰায়েল বহু কেইটা ফেজত হয় আৰু বহু সময়ৰ দৰকাৰ হয়।ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবে ডেংগুৰ দৰে ৰোগৰ ভেকচিন উলিয়াই ও পিছত বাদ দিব লগীয়া হৈছিল।গতিকে কোভিড 19 ভাইৰাছৰ ভেকচিন খুব সোনকালে ওলাব বুলি ভবাটো কিমানদূৰ সমীচীন আমি হয়তো কব নোৱাৰিম।তথাপিও আমি আশাবাদী।অন্ধবিশ্বাসক জয় কৰি বিজ্ঞানক সংগী কৰি লোৱা আমিবোৰ সঁচাই আশাবাদী যে এদিন মুখৰ পৰা মাস্কবোৰ আঁতৰিব,পকেটৰ পৰা চেনিটাইজাৰৰ বটল উলিয়াই থব পাৰিম ইত্যাদি!
উপসংহাৰ:
কোভিড 19 ৰ লগত যুদ্ধ কৰি কৰি অৰ্থনৈতিক যুদ্ধ খনত আমি বাৰুকৈয়ে ভাগৰুৱা হৈ পৰিছো।লাখ লাখ প্ৰব্ৰজিত শ্ৰমিকে দেশৰ প্ৰতি খন ৰাজ্যত আহুকালৰ সন্মুখীন হৈছে।বহুতে জীৱনটো লৈ নিজৰ ঘৰ গৈ নাপালে।নানা ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ গ’ল।ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ ছাটাই হ’ল।কি সুদূৰ প্ৰসাৰি পদক্ষেপ লয় চৰকাৰে সেয়া লক্ষণীয় হ’ব!
দেশৰ প্ৰতি গৰাকী ডাক্তৰ,নাৰ্ছ,লেব টেকনেছিয়ান,প্ৰশাসনৰ লোক সাংবাদিক,দুৰ্যোগ প্রশমনৰ বিষয়া-কৰ্মচাৰী, আৰু এই যুদ্ধৰ বিৰুদ্ধে সন্মুখ সমৰত নামি নেতৃত্ব দিয়া প্ৰতি গৰাকীলৈ এই চেগতে আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
ভেকচিনৰ জন্ম হওক,সকলোৰে দুখবোৰৰ অন্ত হওক সকলোৱে মুক্ত বিহংগৰ দৰে আগৰ দৰে উৰিব পৰা হওক এয়াই আমাৰ আশা।