বলিউড __মায়া জগত নে নিচা জগত ?

1125

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


সুশান্ত সিংৰ মৃত্যুৰ লগত জড়িত হৈ পৰা অভিনেত্ৰী ৰিয়া চক্ৰবৰ্তীৰ মতে বলিউদৰ প্ৰায় ৮০% অভিনেতা-অভিনেত্ৰী ড্ৰাগচ আসক্ত । চ’চিয়েল মিডিয়া আৰু ইলেক্ট্ৰনিক নিউজ চেনেলৰ প্ৰভাবত কিশোৰৰ পৰা বৃদ্ধলৈ প্ৰতিজন মানুহে নিজৰ প্ৰিয় অভিনেত্ৰীসকলক অনুসন্ধানকাৰী সন্থাই তলব কৰা লাইভ দেখা পালে ।
চাইফ অলি খানৰ জীয়ৰী , শক্তি কাপুৰৰ জীয়ৰী শ্ৰদ্ধা কাপুৰ , দিপিকা পাদুকন আদি বহ কেইজন অভিনেত্ৰীয়ে ড্ৰাগছৰ লগত থকা সম্পৰ্কৰ কথা তদন্তকাৰী সন্থাক জনোৱা বুলি খৱৰ আহিছে । অৱশ্যে তেওঁলোকে নিজে কেতিয়াও ড্ৰাগচ সেৱন কৰি পোৱা নাই বুলি জনাইছে । যদি নিজে সেৱন কৰা নাই তেন্তে প্ৰশ্ন উত্থাপন হয় যে তেওঁলোক ড্ৰাগছৰ ব্যৱসায়ী নেকি ? ৱাইন চ’পৰ দোকানীজনে মদ নেখাব পাৰে , সাধাৰণ কথা । কিন্তু ৱাইন চ’পৰ মালিক মানে তেওঁ মদ ব্যৱসায়ী । বলিউদত চলা ড্ৰাগচ পাৰ্টীৰ কথা পোহৰালৈ অহাৰ বাবে কংকণা ৰাণাৱটে উল্লেখযোগ্য ভুমিকা লৈছে । যাৰ ফলশ্ৰুতিত মহাৰাষ্ট্ৰ চৰকাৰৰ ৰোষৰ বলি হৈছে কংকণা । একমাত্ৰ মহাৰাষ্ট্ৰ চৰকাৰেই নহয় অমিতাভ বচ্চনৰ পত্নী জয়া বচ্চনেও কংকণাক সমালোচনা কৰি ৰাজ্য সভাত ভাষণ দিছে । উল্লেখ্য যে সুশান্ত সিংৰ সন্দেহজনক মৃত্যুৰ পিছত কিন্তু জয়া বচ্চনৰ মুখেৰে এটা শব্দও ওলোৱা নাছিল ।
ফাৰদিন খান , বিজয় ৰাজ , দিপিকা পাডুকনে , শ্বাহৰুখ খানৰ পত্নী গৌৰী , ঋ্ৰৃত্তিক ৰোচনৰ প্ৰাক্তন পত্নী চুজেইন , সঞ্জয় দত্ত আদি তাৰকা বিভিন্ন সময়ত ড্ৰাগছৰ লগত লগত জড়িত হৈছিল । বিশেষকৈ সঞ্জয় দত্তৰ ব্যাক্তি অকল ড্ৰাগছেই নহয় দেশৰ শত্ৰু ডাউদ ইব্ৰাহিমৰ লগত থকা সম্পৰ্ক আৰু মু্ম্বাই বিস্ফোৰণৰ গোচৰত টাডা আইনৰ আওতাত গ্ৰেপ্তাৰ পৰ্যন্ত হৈছিল। দেশৰ শত্ৰুক প্ৰাধান্য দিয়া ঘটনা বলিউডত নতুন নহয় । কিন্তু সুশান্ত সিংৰ মৃত্যু আৰু ইলেকট্ৰনিক মিডিয়াৰ বহুল জনপ্ৰিয়তাৰ ফলত মু্ম্বাইৰ মায়া জগত যে আচলতে নিচা জগত সকলোৱে উপলব্ধি কৰিলে ।