মধ্য অসমত খেলা হ’ব

1467

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


২০২১ অসম বিধানসভা নিৰ্বাচনত পঞ্চিমবংগৰ পৰা ‘খেলা  হ’বে’ শ্লোগান আহি পালে। সচাকৈয়ে এইবাৰ নিৰ্বাচনত খেলা হৈছে। সমসাময়িক নিৰ্বাচনত অসমত ধৰ্মৰ আধাৰত ইমান বেছিকৈ খেলা হোৱা আমি দেখা নাছিলো। বিজেপি এনেই এইবোৰত পাকৈত। তাৰোপৰি কংগ্ৰেছে আনি দিছে সুবিধা। বদৰুদ্দিন আজমলৰ লগত কংগ্ৰেছ লগ লগাৰ পিছত গোটেই নিৰ্বাচনটো বিজেপিয়ে আজমলময় কৰি পেলাইছে। ইয়াৰ সকলোতকৈ বেছি প্ৰভাব পৰিছে কলিয়াবৰ আৰু নগাঁঅ লোক সভাৰ অধিনৰ ১৯টা বিধানসভা সমষ্টিত। অৱশ্যে ২০১৯টো এই দুখন আসনত আজমলে প্ৰাৰ্থী থিয় কৰোৱা নাছিল। তাৰ ফলত ধিং আৰু ৰূপহীত গৌৰৱ গগৈয়ে মুছলমানৰ একচেটিয়া ভোট পাইছিল। ২০১৯ত গৌৰৱে ধিং আৰু ৰুপহীৰ পৰা ১,৭৬,৪৭৮ আৰু ১,৪৪,৩৮৪টা ভোট পোৱাৰ বিপৰিতে অগপৰ মণি মাধবে পাইছিল মাত্র ১৫,৯৯২ আৰু ২২,৪৯৫টা ভোট। একেদৰে প্ৰদ্যুত বৰদলৈয়ে লাহৰীঘাটত ১,০৮,৮২৪ আৰু যমুনামূখত ১,৪১,০৯৬ টা ভোট লাভ কৰিছিল। ৰূপক শৰ্মাই পাইছিল ক্ৰমে ৪১,৪৬৮ আৰু ২৫,২৯৮টা ভোট। ধিং, ৰূপহী, লাহৰীঘাট , যমুনামূখ আৰু চামগুৰিকলৈ বিজেপিয়ে কোনো আশা কৰা নাই। সেয়েহে ভোট দানৰ আগতে বিজয় নিশ্চিত আমিনুল ইছলাম, নুৰুল হুদা, আচিফ মোহম্মদ নজৰ, চিৰাজুদ্দিন আজমল আৰু ৰকিবুল হুছেইনৰ।
আনফালে কংগ্ৰেছৰ দুৰ্বল প্ৰাৰ্থী আৰু ধৰ্মীয় মেৰুকৰণৰ বাবে নিৰ্বাচনত জয়ৰ বাবে চিন্তা কৰিবলগীয়া হোৱা নাই কলিয়াবৰত কেশৱ মহন্ত, বোকাখাটত অতুল বৰা, হোজাইত ৰামকৃঞ্চ ঘোষ আৰু লামডিংত শিবু মিশ্ৰই। এই চাৰিটা সমষ্টিত ২০১৯ত বিজেপি আৰু কংগ্ৰেছে লাভ কৰা ভোট আছিল এনে ধৰণৰ:
কলিয়াবৰ: ৭৪,০৭২- ৩৫,৮৩৯
বোকাখাতঃ ৭২,৩৫১- ৩০,২৬৮
হোজাইঃ ১,২৭,৪৮০ – ৭৮,৯২০
লামডিংঃ ৯৬,৬৫৩- ৬৬,৯৩৬
কলিয়াবৰত কংগ্ৰেছৰ প্ৰশান্ত কুমাৰ শইকীয়া আৰু বোকাখাতত  আঞ্চলিক গণ মৰ্চাৰ প্ৰণৱ দলে ৰাইজৰ মাজত কোনো প্ৰভাব বিস্তাৰ কৰিব পৰা নাই। এই দুজন অগপ মন্ত্রীৰ বিৰূদ্ধে কিয় শক্তিশালী প্ৰাৰ্থী দিব নোৱাৰিলে বুলি সাধাৰণ ৰাইজে প্ৰশ্ন কৰিছে।
হোজাই আৰু লামডিংত তুলনামুলক ভাবে  কংগ্ৰেছৰ প্ৰাৰ্থী দেবব্ৰত সাহা আৰু স্বপন কৰ শক্তিশালী যদিও ধৰ্মীয় মেৰুকৰণৰ বাবে তেওঁলোকৰ অসুবিধা হৈছে। শিলাদিত্যৰ সমৰ্থন অবিহনেও ৰামকৃঞ্চ ঘোষ আগবাঢ়ি আছে।
জাগীৰোড,মৰিগাওঁ আৰু খুমটাইত কিছু প্ৰতিদ্বন্দ্বিতা হৈছে যদিও বিজেপি আগবাঢ়ি আছে। জাগীৰোডত পিযুষ হাজৰিকা বনাম স্বপন কুমাৰ মণ্ডলৰ মাজত যুঁজ হৈছে। বঙালী সম্প্ৰদায়ৰ বুজন সংখ্যক ভোটাৰ থকা সমষ্টিটোত তেওঁলোকৰ মাজৰ পৰা প্ৰাৰ্থী দিয়াটো কংগ্ৰেছৰ সঠিক সিদ্ধান্ত আছিল। কিন্তু বিজেপিৰ প্ৰাৰ্থীজন তেওঁৰ কাৰণে বেছি শক্তিশালী হৈছে। হিন্দু বঙালী বিজেপিৰ পক্ষত দেখা গৈছে। মৰিগাওঁত  বিতৰ্কিত ৰমাকান্ত দেউৰীক ভাল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে চি.পি.আইৰ মুনীন মহন্তই। কিন্তু মেৰুকৰণৰ অংকই মহন্তক বিপদত পেলোৱা যেন অনুমান হয়। খুমটাইত মৃণাল শইকীয়াই নিজৰ কামৰ ফলত ভোট পাইছে। তেওঁ সমষ্টিৰ এজন জনপ্ৰিয় বিধায়ক। ভোটৰ অংকত তেওঁ কংগ্ৰেছৰ বিস্মিতা গগৈতকৈ বহু আগবাঢ়ি আছে। ২০১৯ৰ লোকসভাত এই তিনিটা সমষ্টিত বিজেপি আৰু কংগ্ৰেছে পোৱা ভোটৰ পৰিমাণ আছিল এনে ধৰণৰঃ
জাগীৰোডঃ ১,০৩,৯২৯- ৭৪,৭১৫
মৰিগাওঁ ঃ ৮৭,০৫৯ – ৫৮,৬৯৮
খুমটাইঃ ৫৭, ১৪৬ – ৩৯,৮৯৮
দেখা গ’ল যে নগাঁঅ আৰু কলিয়াবৰ লোকসভাৰ অন্তৰ্গত ১৯ টা বিধানসভা সমষ্টিৰ ভিতৰৰ ১২টাৰ ফলাফল জানিবলৈ আমি ২ মেলৈ অপেক্ষা কৰিবলগীয়া নহয়। বাকী থকা ৭টাৰ ভিতৰত আকৰ্ষনীয় হৈছিল বটদ্ৰবাৰ যুঁজ। ইয়াত বিজেপিৰ আঙুৰলতা ডেকা আৰু কংগ্ৰেছৰ শিৱামণি বৰাৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে। ২০১৬ত আঙুৰলতাই ৪৬৩৪৩, কংগ্ৰেছৰ গৌতম বৰাই ৩৮,৪৫৮ আৰু এ.আই.ইউ.দি.এফৰ নাজিৰুদ্দিন আহমেদে ৩৩০২২ ভোট পাইছিল। ২০১৯ লোকসভাত কংগ্ৰেছে ৭৮,৮০৫ আৰু অগপই ৪৭,৪০৬টা ভোট লাভ কৰিছিল। সেইফালৰ পৰা চাব গ’লে কংগ্ৰেছ- আজমলৰ মিত্রতাৰ পিছত কংগ্ৰেছৰ কাৰণে আসনখন সুৰক্ষিত আছিল। কিন্ত নাজিৰুদ্দিনে নিৰ্দলীয় খেলাৰ লগে লগে কংগ্ৰেছৰ অংকত আউল লাগিছে। আমাৰ খবৰমতে নাজিৰুদ্দিনে সংখ্যালঘুৰ কিছু ভোট পাব যদিও শিৱামণি বৰা জয়ী হোৱাটো প্ৰায় নিশ্চিত।
সৰুপথাৰত যোৱাবাৰ কংগ্ৰেছৰ ৰোজলীনা তিৰ্কী জয়ী হৈছিল। তেওঁ ৬৭,১৫০ আৰু অগপৰ বিনোদ গোৱালাই ৬৪,২২৩টা ভোট পাইছিল। যোৱাবাৰ টিকট নাপাই বিজেপিৰ বিশ্বজিত ফুকনে নিৰ্দলীয় খেলি ৩০,০০০ৰো অধিক ভোট আজুৰি আনিছিল। এইবাৰ বিশ্বজিত ফুকন বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী। ২০১৯ত কংগ্ৰেছে ইয়াত ৭৫,৪৭২ আৰু বিজেপিয়ে ১,০৫,১৩২টা ভোট লাভ কৰিছিল। সমষ্টিটোত খ্ৰীষ্টান চাহ বনুৱা বুজন সংখ্যক হোৱা বাবে ৰোজলীনা আৰু তেওঁৰ পিতৃ আকলীয়াছ তিৰ্কী মিলি ৪ বাৰ বিধায়ক হৈছে। অগপৰ বিনোদ গোৱালা যি ইয়াৰ পৰা ৪ বাৰ বিধায়ক হৈছে ফুকনক পূৰ্ণ সহযোগিতা কৰিছে। ফুকন ইয়াৰ পৰা জয়ী হ’ব বুলি সৰহসংখ্যক লোকৰ ধাৰণা।
গোলাঘাটত ২০১৬ চনৰ প্ৰাৰ্থী দুজনেই আছে কেৱল মাত্র চিহ্ন সলনি হৈছে। ২০১৬ত কংগ্ৰেছৰ অজন্তা নেওগে বিজেপিৰ বিতোপন শইকীয়াক ৫২১৩টা ভোটৰ ব্যবধানত পৰাজিত কৰিছিল। ২০১৯ লোকসভাত কংগ্ৰেছে ইয়াত ৭৬,১৪৪ আৰু বিজেপিয়ে ৬৫,০৯৮টা ভোট লাভ কৰিছিল। আনকি পঞ্চায়ত নিৰ্বাচনতো কংগ্ৰেছে বিজেপিতকৈ ভাল ফল দেখুৱাইছিল। সেইকাৰণে বহু চিন্তা চৰ্চা কৰি বিজেপিয়ে অজন্তা নেওগক দললৈ আনিছিল। বিতোপনৰ সমষ্টিত প্ৰভাব আছে যদিও  নিকা ভাবমুৰ্তিৰ বাবে অজন্তা নেওগৰে জয়ৰ সম্ভাবনা অধিক।
২০১৬ত দেৰগাওঁত অগপৰ ভবেন্দ্ৰ নাথ ভৰালীয়ে কংগ্ৰেছৰ আৰতি হাজৰিকা কছাৰীক ১৬,২৭২টা ভোটৰ ব্যবধানত পৰাজিত কৰিছিল। ২০১৯ত কংগ্ৰেছে ৪৯,৯২৭ আৰু অগপই ৬১,৮২৩টা ভোট পাইছিল। এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী বাণী হাজৰিকা। ভৰালী আৰু হাজৰিকাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল যদিও ভৰালীৰ জয়ৰ সম্ভাবনাই অধিক।
ৰহাত মুল যুঁজ অগপৰ বিঞ্চু দাস আৰু কংগ্ৰেছৰ শশীকান্ত দাসৰ মাজত। ২০১৬ত শশীকান্ত ৩৩,০৭৪টা ভোটত পৰাজিত হৈছিল বিজেপিৰ ডিম্বেশ্বৰ দাসৰ হাতত। ২০১৯ত কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈয়ে ৮৫,৩০০ আৰু বিজেপিৰ ৰূপক শৰ্মাই ৮৩,৬৬০টা ভোট লাভ কৰিছিল। ২০১৯ৰ দৰে এ.আই.ইউ.দি.এফ অবিহনে যথেষ্ট শক্তিশালী স্থিতিত আছে কংগ্ৰেছ। জাতীয় পৰিষদৰ উৎপল বনিয়াই দুয়ো দলৰে কিছু ভোট কাঢ়িব যদিও বৰ্তমানলৈ কংগ্ৰেছ প্ৰাৰ্থীজন ভোটযুদ্ধত আগবাঢ়ি আছে।
নগাঁঅ সমষ্টিত মুল যুঁজ বিজেপিৰ ৰূপক শৰ্মা আৰু কংগ্ৰেছৰ শান্তনু শৰ্মাৰ মাজত। কিছু ভোট লাভ কৰিব জাতীয় পৰিষদৰ অনুপ লস্কৰে। ২০১৬ত শৰ্মাই তেতিয়াৰ কংগ্ৰেছ প্ৰাৰ্থী দুৰ্লভ চমুৱাক ১৩,২৬৪টা ভোটৰ ব্যবধানত পৰাস্ত কৰিছিল। ২০১৯ত কংগ্ৰেছে ৭১,৪১৯ আৰু বিজেপিয়ে ৭২,৮৪৪ টা ভোট লাভ কৰিছিল। স্বাভাবিকতে কংগ্ৰেছ লাভবান হৈছে এ.আই.ইউ.দি.এফৰ প্ৰাৰ্থী নথকাৰ বাবে। কিন্তু দুৰ্লভ চমুৱাই টিকট নোপোৱা বাবে দলৰ মুল যোদ্ধাখিনি আতৰি গৈছে। দুৰ্লভ চমুৱাই টিকট পালে কংগ্ৰেছৰ জয় নিশ্চিত আছিল। কংগ্ৰেছৰ প্ৰাৰ্থী বাচনিত হোৱা ভুলৰ বাবে বিজেপি জয়ী হোৱাৰ সম্ভাবনা প্ৰবল।
বহৰমপুৰত এইবাৰ প্ৰফুল্ল মহন্ত নাই। তেওঁৰ সলনি মিত্রজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামী। ২০১৬ত মহন্তই কংগ্ৰেছৰ সুৰেশ বৰাক ৫১৭৯ট ভোটৰ ব্যবধানত পৰাজিত কৰিছিল। ২০১৯ত বিজেপিয়ে ৮২,৩৩৬ আৰু কংগ্ৰেছে ৫২,৯৭৩টা ভোট লাভ কৰিছিল। ২০১৯ৰ ফলাফলৰ হিচাপত বিজেপিৰ বাবে এই আসনখনত জয়ী হোৱাতো সহজ হ’ব লাগিছিল। কিন্তু সুৰেশ বৰাই এই সমষ্টিটোত ২০ বছৰৰ পৰা কষ্ট কৰি আছে। সেইবাবে তেওঁ জিতু গোস্বামীক প্ৰবল প্ৰত্যহ্বান জনাইছে। ফলাফল কি হোৱা টান কিন্তু জিতু গোস্বামী কিছু আগবাঢ়ি আছে।
মধ্য অসমৰ মুঠ ১৯খন আসনৰ ভিতৰত বিজেপি আগবাঢ়ি আছে ৯ খনত। কংগ্ৰেছ ৫, অগপ ৩ আৰু এ.আই.ইউ.দি.এফ দুখনত আগবাঢ়ি আছে।