মংগলদৈত দিলীপ শইকীয়াৰ মিছন ৮

1377

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


মংগলদৈ লোকসভাৰ অধীনস্থ ১০টা বিধানসভা সমষ্টিৰ নিৰ্বাচন ১ এপ্ৰিলত অনুস্থিত হ’ব। ২০১৬ত ইয়াত বিজেপিয়ে ৪টাত, বিপিএফ ৪টাত, কংগ্ৰেছ আৰু অগপই এটাকৈ সমষ্টিত বিজয়ী হৈছিল। এইবাৰ কংগ্ৰেছ-এ.আই.ইউ.দি.এফৰ মিত্রতাৰ ফলত সমীকৰণ সলনি হ’ব নেকি? ‍এই সম্পৰ্কে আমাৰ এক গ্ৰাউণ্ড জিৰো ৰিপোৰ্ট।
৫৯ নম্বৰ সন্মানীয় নলবাৰী সমষ্টি বহু দিশৰ পৰা বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ। নলবাৰীক অসমৰ নাগপুৰ বুলিও কোৱা হয়। ফণী শৰ্মা, বশিষ্ঠ বুজৰবৰুৱা, উমেশ চক্ৰবৰ্তী আদি অনেক শীৰ্ষ আৰ.এছ.এছ নেতাৰ ঘৰ নলবাৰীত। এসময়ত আঞ্চলিকতাবাদী ৰাজনীতিক নেতৃত্ব দিয়া নলবাৰী বৰ্তমান সম্পূৰ্ণভাবে গেৰুৱা হৈ পৰিছে। যোৱা চাৰিটা লোকসভা নিৰ্বাচনত মংগলদৈ লোকসভাত বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ মূল কাৰণ নলবাৰীত বিজেপিৰ প্ৰতি ভৰপূৰ সমৰ্থন। ২০১৬ চনত বিজেপিৰ অশোক শৰ্মাই কংগ্ৰেছৰ প্ৰদ্যুত ভূঞাক ৫৩,০৪৪টা ভোটৰ বিশাল ব্যবধানত পৰাজিত কৰিছিল। এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীজন একেই আছে যদিও বিজেপিয়ে জয়ন্ত মল্ল বৰুৱাক প্ৰাৰ্থীত্ব দিয়ে। প্ৰথম অবস্থাত অশোক শৰ্মাৰ অনুগত সকলৰ ইয়াক লৈ তীব্ৰ অসন্ত্তষ্টি আছিল যদিও সময়ৰ লগে লগে সকলো সলনি হৈছে। ২০১৯ লোকসভাত বিজেপিয়ে ১,০৫,৬২৩টা আৰু কংগ্ৰেছে ৫৪,৯৯৪টা ভোট লাভ কৰিছিল। যোৱা ২-৩ সপ্তাহৰ বিজেপিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ সন্মুখত কংগ্ৰেছ প্ৰায় নিস্তেজ। জাতীয় পৰিষদৰ নগেন ডেকাই ৫০০০তকৈ বেছি ভোট পোৱাৰ সম্ভাবনা ক্ষীণ। নলবাৰীত বিজেপিৰ বিজয়ৰ ব্যবধান পুনৰ ৫০ হাজাৰৰ অধিক হ’ব বুলি সৰ্বসাধাৰণ ৰাইজে ধাৰণা কৰিছে।
  কমলপুৰত ২০১৬ত অগপৰ সত্যব্ৰত কলিতাই কংগ্ৰেছৰ প্ৰাণজিত চৌধুৰীক পৰাজিত কৰিছিল। ভোটৰ ব্যবধান আছিল ৩৬,৯০৯ টা। ২০১৯ত বিজেপি আৰু কংগ্ৰেছৰ ভোটৰ পৰিমান আছিল ক্ৰমে ৮৭,১৫৯ আৰু ৪৯,০৮০। এইবাৰ বিজেপিয়ে অগপৰ পৰা সমষ্টিটো লৈ টিকট দিছে দিগন্ত কলিতাক। আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্য্য। দিগন্ত কলিতাক লৈ সাধাৰণ ভোটাৰৰ মাজত বিশেষ উৎসাহ নাই। মনোনয়ন দাখিলৰ দিনাই সুৰক্ষা কৰ্মীৰ লগত বেয়া ব্যবহাৰ কৰি তেওঁ নিজৰ ইমেজ নষ্ট কৰিছে। কংগ্ৰেছৰ কিশোৰ ভট্টাচাৰ্য্য এই সমষ্টিত বহু দিনৰ পৰা কাম কৰি আছে আৰু সাধাৰণ জনতাৰ খুব প্ৰিয়। কিন্তু তথাপিও ভট্টাচাৰ্য্য পৰাজিত হ’ব আৰু ইয়াৰ কাৰণ হ’ল কংগ্ৰেছ-আজমলৰ মিত্রতা। কংগ্ৰেছৰ এই মিত্রতাই নামনিৰ মুছলমান অধ্যুসিত সমষ্টিত সম্ভাবনাৰ দুৱাৰ মুকলি কৰিছে যদিও  হিন্দু সমষ্টিত কংগ্ৰেছৰ প্ৰতি সৃষ্টি হৈছে তীব্ৰ বিদ্বেষৰ।
ৰঙিয়াত বিজেপিৰ মন্ত্রী ভবেশ কলিতাৰ সন্মুখত আছে কমিউনিষ্ট নেতা ভগবান দেৱ মিশ্ৰ। ২০১৬ত ইয়াত বিজেপি জয়ী হৈছিল ৩২,০৬৭টা ভোটৰ ব্যবধানত। ২০১৯ত বিজেপিয়ে ৮২,৭৫৬ আৰু কংগ্ৰেছে ৫৫,১৫৭টা ভোট লাভ কৰিছিল। এই সমষ্টিত কমিউনিষ্টৰ কিছু প্ৰভাব আছে। ২০০৬ত ইয়াৰ পৰা চি.পি.এমৰ অনন্ত ডেকা বিজয়ী হৈছিল। বড়ো ভোটাৰে যঠেষ্ট প্ৰাধান্য বিস্তাৰ কৰা সমষ্টিটোত বিজেপি আগবাঢ়ি আছে। বড়ো ভোটাৰৰ লগতে বৰ্ণ হিন্দুৰ সমৰ্থন আদায় কৰিবলৈ ভবেশ কলিতা সমৰ্থ হৈছে।
৬৭ নম্বৰ মংগলদৈ সমষ্টিত যোৱাবাৰ গুৰুজ্যোতি দাস জয়ী হোৱাৰ কাৰণ আছিল মুছলমান ভোটৰ বিভাজন। ১০১৬ত বিজেপি, কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফে পোৱা ভোটৰ পৰিমাণ আছিল ক্ৰমে ৭৩,৪২৩ , ৫১,৩৭৮ আৰু ৪৮,৪১৭। ২০১৯ লোকসভাত এ.আই.ইউ.দি.এফে প্ৰাৰ্থীত্ব নিদিয়াত সমীকৰণ সলনি হয়। কংগ্ৰেছে ১,০৩,১৩২ আৰু বিজেপিয়ে ৮০,২৫৩টা ভোট পাইছিল। এইবাৰ নিৰ্বাচনতো ২০১৬ৰ নিচিনা মুল প্ৰতিদ্বন্দ্বিতা গুৰুজ্যোতি দাস আৰু বসন্ত দাসৰ মাজতে হৈছে। প্ৰায় ৬০% মুছলনান ভোটাৰ থকা সমষ্টিত গুৰুজ্যোতিয়ে তেওঁলোকক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে যদিও সফল হোৱা নাই। ইয়াৰ পৰা বসন্ত দাসৰ বিজয় নিশ্চিত।
২০১৬ত চিপাঝাৰৰ পৰা বিনন্দ শইকীয়া ১২,১৭৫টা ভোটত জয়ী হৈছিল। ২০১৯ত বিজেপিয়ে ৭৮,৯২৬টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছে পাইছিল ৬০,৫৩৫ ভোট। এইবাৰ বিজেপিৰ প্ৰাৰ্থী প্ৰাক্তন অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী। কংগ্ৰেছে টিকট দিছে কুলদীপ বৰুৱাক।এটা ৰাতিৰ ভিতৰত পৰমানন্দক অগপৰ আনি গেৰুৱা বসন পিন্ধাই টিকট দিয়া হ’ল । ছিপাঝাৰ, কমলপুৰত পদুমৰ চিহ্নক ইভিএমত স্থান দিয়াটো আছিল সাংসদ দিলীপ শইকীয়াৰ চেলেঞ্জ । ২০১৬ত কংগ্ৰেছে জয়নাথ শৰ্মাক প্ৰাৰ্থীত্ব দিয়াৰ বাবে কিছু প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিছিল। এইবাৰ অবশ্যে বিজেপিৰ বাবে বিশেষ সমস্যা নাই। সদায় ভাগ্যই সহায় কৰা ৰাজবংশী এইবাৰ বিধায়ক হ’ব।
বি.টি.আৰৰ অন্তৰ্গত পানেৰীত ২০১৬ত বিপিএফৰ কমলী বসুমতাৰীয়ে নন্দৰাম বড়োক ১৫,৮০২টা ভোটত পৰাস্ত কৰিছিল। ২০১৯ত বিজেপিয়ে ৭০,৩৩৪ আৰু কংগ্ৰেছে ১৭,৪২০টা ভোট লাভ কৰিছিল। এইবাৰ ইয়াৰ সমীকৰণ সলনি হৈছে। বিজেপিৰ শক্তিশালী প্ৰাৰ্থী ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীক প্ৰত্যহ্বান জনাইছে বিপিএফৰ কৰুণা কান্ত স্বৰ্গীয়াৰীয়ে। ইতিমধ্যে পাৰিষদীয় নিৰ্বাচনত পানেৰীত বিজেপিয়ে নিজৰ শক্তিৰ উমান দিছে। বিশ্বজিত দৈমাৰী ইয়াৰ পৰা বৃহৎ ব্যবধানত জয়ী হোৱাতো ইতিমধ্যে নিশ্চিত হৈছে।
৬৫ নম্বৰ কলাইগাওঁত মুল যুঁজ বিজেপিৰ মধুৰাম ডেকা আৰু বিপিএফৰ দুৰ্গাদাস বড়োৰ মাজত। ২০১৬ত বিপিএফৰ মহেশ্বৰ বড়োৱে এ.আই.ইউ.দি.এফৰ নাথু ৰাম বড়োক ১৭,৬২১টা ভোটৰ ব্যবধানত পৰাজিত কৰিছিল। ২০১৯ত বিজেপিয়ে ৭৯,৫২৯ আৰু কংগ্ৰেছে ৪৬,৯০৯ ভোট পাইছিল।এই সমষ্টিৰ বিশেষত্ব হ’ল যে ইয়াত বড়ো, অসমীয়া আৰু মুছলমান ভোটাৰ প্ৰায় সমান সমান। ভবা হৈছিল যে ইয়াত বিপিএফে সম্পূৰ্ণ মুছলমান ভোট আৰু অধিকাংশ বড়ো ভোট পাই বিজয়ী হ’ব। কিন্তু ইউ.পি.পি.এলে মুছলমান প্ৰাৰ্থী দিয়াৰ লগে লগে সমীকৰণ সলনি হৈছে। এতিয়া ইয়াৰ পৰা বিজেপি জয়ী হোৱাৰ সম্ভাবনা বেছি।
দলগাওঁত মুল যুঁজ কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফৰ মাজত। ২০১৬ত কংগ্ৰেছৰ ইলিয়াছ আলিয়ে এ.আই.ইউ.দি.এফৰ মজিবুৰ ৰহমানক ২৩২০টা ভোটত পৰাজিত কৰিছিল। এইবাৰো দুয়োজন নেতাৰ মাজতেই খেলা হ’ব। অগপৰ প্ৰাৰ্থী হবিবুৰ ৰহমান তৃতীয় স্থনানতেই থাকিব। ইলিয়াছ আলিৰ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবে মজিবুৰ ৰহমানৰ জয় হোৱাৰ সম্ভাবনা অধিক
৬৯ নম্বৰ ওদালগুৰীত প্ৰতিদ্বন্দ্বিতা হৈছে দুই শক্তিশালী বড়ো নেতা বিপিএফৰ ৰিহণ দৈমাৰী আৰু ইউ.পি.পিএলৰ গোবিন্দ বসুমতাৰীৰ মাজত। ২০১৬ত দৈমাৰী ২৪,৩৭৪টা ভোটত জয়ী হৈছিল। ২০২১ত বিজেপিয়ে ৫৬,২২৫ আৰু কংগ্ৰেছে ১৭,৪৬৭টা ভোট লাভ কৰিছিল। ৰিহণ দৈমাৰী আৰু গোবিন্দ বসুমতাৰী দুয়ো শক্তিশালী প্ৰাৰ্থী যদিও গোবিন্দ বসুমতাৰীৰ জয়ৰ সম্ভাবনা অধিক।
২০১৬চনত মাজবাটত বিপিএফৰ চৰণ বড়োৱে এ.আই.ইউ.দি এফৰ তেহৰু গৌড়ক ২৬,২১৮টা ভোটত পৰাজিত কৰিছিল। ২০১৯ত বিজেপি আৰু কংগ্ৰেছে লাভ কৰা ভোটৰ পৰিমান আছিল  ৫৪,২০১ আৰু ৩৯,৬৬১। এই সমষ্টিত বুজন সংখ্যক বড়ো, মুছলমান আৰু চাহ বাগানৰ ভোটাৰ আছে। এইবাৰ বিপিএফৰ চৰণ বড়োক প্ৰত্যাহ্বান জনাইছে বিজেপিৰ জিতু কিষানে। বড়ো ভোটৰ বিভাজন কৰিবলৈ ইতিমধ্যে ইউ.পি.পি.এলে প্ৰাৰ্থী দিছে। সমষ্টিটোত প্ৰতিদ্বন্দ্বীতা তীব্ৰ হৈছে যদিও শেষত বিজেপি জয়ী হোৱাৰ সম্ভাবনাই বেছি।
এয়া আছিল আমাৰ মংগলদৈৰ ১০টা সমষ্টিৰ ওপৰত বিশ্লেষণ। বিজেপি ৭টা, কংগ্ৰেছ ২টা আৰু ইউ.পি.পিএল ১টা  সমষ্টিত আগবাঢ়ি আছে। মন কৰিবলগীয়া কথা যে বিজেপি -অগপ মিলি ২০১৬ত নলবাৰী, ৰঙিয়া, কমলপুৰ আৰু চিপাঝাৰত জয়ী হৈছিল আৰু এইবাৰো দলটো এই চাৰিটা সমষ্টিত অত্যন্ত শক্তিশালী। বৰাক আৰু নামনিত বিজেপিৰ হ’ব পৰা লোকচান পূৰণ কৰিবলৈ বিজেপিয়ে টাৰ্গেট কৰিছে পানেৰী, মাজবাট আৰু কলাইগাওঁ সমষ্টি তিনিটা আৰু ইয়াৰ বাবে দায়িত্ব দিছে লোকসভাৰ  সাংসদ আৰু বিজেপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক। শইকীয়াই দিন-ৰাতি একাকাৰ কৰি এই তিনিটা সমষ্টি দখল কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। লগতে ওদালগুৰিত মিত্র দল ইউ.পি.পি.এলৰ গোবিন্দ বসুমতাৰীক জয়ী কৰি আনিবলৈ বেহু ৰচনা কৰিছে। ২০১৬ত মংগলদৈ লোকসভাৰ অধীনত থকা চাৰিটা বিধানসভা সমষ্টি দখল কৰা বিপিএফে যদি এইবাৰ এখনো আসন নাপায় তেন্তে ই দলটোৰ বাবে হ’ব এক মোক্ষম আঘাত। আনহাতে দিলীপ শইকীয়াৰ বাবে এয়া সুবৰ্ণ সুযোগ নিজৰ সাংগঠনিক দক্ষতা প্ৰতিপন্ন কৰাৰ বাবে।ভালেকেইজন বিধায়কৰ মুৰৰ ওপৰৰ হাত খন দিলীপ শইকীয়া হবলৈ গৈ আছে আগন্তুক সময়ত । সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ পিছত অসমত সংঘ আৰু দলৰ মাজত বেলেঞ্চ ৰক্ষা কৰি নিজৰ ভেটি গঢ়িবলৈ সক্ষম হৈছে তেওঁ ।দিলীপ শইকীয়াই দহ বছৰ পিছত অসমৰ ৰাজনীতিত শক্তিশালী ভুমিকা লব বুলি ধাৰণা হয় ।