গুৱাহাটীত বিজেপিক ৱাক অভাৰ

1323

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


তৃতীয় পৰ্য্যায়ত অহা ৬ এপ্ৰিলত ভোটদান কৰিব গুৱাহাটী লোকসভাৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিৰ ৰাইজে । ইয়াৰ ভিতৰত চাৰিটাই গুৱাহাটী মহানগৰৰ জনসাধাৰণক স্পৰ্শ কৰে। এই চাৰিটাত অসমৰ বিভিন্ন জিলাৰ পৰা মানুহ আহি বসবাস কৰে। গোটেই অসমৰ ৰাইজৰ মত জানিব বিচাৰিলে গুৱাহাটী মহানগৰীতে ইয়াৰ কিছু আভাস পোৱা যায়। প্ৰধান বিৰোধী দল হিচাপে শক্তিশালী প্ৰাৰ্থী দি কংগ্ৰেছে ইয়াৰ পৰা লাভ আদায় কৰিব পাৰিলেহেতেন। কিন্তু কংগ্ৰেছৰ কোনো ডাঙৰ নেতাই ইয়াৰ পৰা নিৰ্বাচন খেলাৰ সাহস নকৰিলে। জালুকবাৰীৰ পৰা যেতিয়া ৰমেন বৰঠাকুৰে মনোনয়ন পত্র দাখিল কৰিবলৈ যায় তেতিয়া লগত মাত্র কেইজনমান আঙুলিৰ মূৰত গনিব পৰা সমৰ্থক। ৰাইজৰ মনত প্ৰশ্ন হৈছে কিয় কংগ্ৰেছৰ শীৰ্ষ নেতাই ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নকৰিলে? গৌৰৱ গগৈ জালুকবাৰী আৰু প্ৰদ্যুত বৰদলৈয়ে দিছপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে খেলখন অলপ জমিলহেতেন। কিন্তু এতিয়া এনে লাগিছে কংগ্ৰেছে যেন বিজেপিক ৱাক অভাৰ দি দিছে। ২০১৬ আৰু ২০১৯ত কংগ্ৰেছ আৰু বিজেপিয়ে ইয়াত পোৱা ভোট লাভৰ সংখ্যা দেখিলেই গম পোৱা যায় বিজেপি ইয়াত কিমান শক্তিশালী।
২০১৬:  বিজেপি বনাম কংগ্ৰেছ
দিছপুৰ: ১,৯৮,৩৭৮ – ৬৮,১৮১
পূৱ গুৱাহাটীঃ ১,২৭,৬০২- ৩০,৬৬৫
পশ্চিম গুৱাহাটীঃ ১,৩২,১৮৪- ৪২,২৭৪
জালুকবাৰীঃ ১,১৮,৩৯০- ৩২,৪৫৫
২০১৯: বিজেপি বনাম কংগ্ৰেছ
দিছপুৰঃ ১,৯৭,৫৫৫ – ৭৮,০০৪
পূৱ গুৱাহাটীঃ ১,১৭,২৩৮ – ৩৯,৫৫৭
পশ্চিম গুৱাহাটীঃ ১,৫৫,৯২১ – ৫১,৩৭৯
জালুকবাৰীঃ ১,১১,৫৩৪- ৪১,৩৮১
জালুকবাৰীৰ প্ৰাৰ্থীজনৰ অৰ্হতাৰ কথা কোৱাৰ প্ৰয়োজন নাই। তেওঁৰ মনোনয়ন পত্র দাখিলৰ সময়ত হোৱা মানুহৰ সংখ্যাই প্ৰমাণ কৰে অসমৰ ৰাজনীতিৰ কিং কোন। অবশ্যে একে কথাই ক’ব নোৱাৰি অতুল বৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আৰু ৰমেন কলিতাৰ বিষয়ে। তিনিও জনৰ বিপক্ষে আছিল প্ৰচণ্ড প্ৰতিষ্ঠান বিৰোধী ঢৌ। কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থীৰ পৰা এওঁলোক কিছু অসুবিধাত পৰিলহেতেন।  কংগ্ৰেছ যিহেতু তেওঁলোকৰ বিৰূদ্ধে মনজিত মহন্ত, অসীমা বৰদলৈ আৰু মীৰা বৰঠাকুৰক ঠিয় কৰালে প্ৰতিজনৰ বৃহৎ ব্যবধানত বিজয় নিশ্চিত হ’ল। ২০১৬ৰ নিচিনা অতুল,ৰমেন আৰু সিদ্ধাৰ্থ যে বিধানসভালৈ যাব তাত কাৰো মনত সন্দেহ নাই।
৩৬ নম্বৰ দুধনৈ সমষ্টিত ২০১৬ত বিজেপি মিত্রজোঁটে ৭৯,৯৯৩ আৰু কংগ্ৰেছে ৫১,৩১৬টা ভোট লাভ কৰিছিল। ২০১৯ত বিজেপি  আৰু কংগ্ৰেছে ইয়াত লাভ কৰা ভোটৰ পৰিমাণ আছিল ক্ৰমে ৮৭,০৮২ আৰু ৭২,০৪১। যোৱাবাৰৰ বিধায়ক দীপক ৰাভাৰ বিৰূদ্ধে ৰাইজৰ আছিল তীব্ৰ অসন্ত্তষ্টি সেয়েহে ৰাভা যৌথ মঞ্চই এইবাৰ প্ৰাৰ্থী সলনি কৰি দিছে শ্যামজিত ৰাভাক। তেওঁৰ বিপক্ষে আছে কংগ্ৰেছৰ যাদব স্বৰ্গীয়াৰী। বিজেপি মিত্রজোটৰ বাবে এইবাৰ আসনখন সিমান সহজ হৈ থকা নাই। তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত খুব কম ভোটত জয়ী হৈ যাব পাৰে শ্যামজিত।
৪৮ নম্বৰ বকো সমষ্টিত পুনৰ ২০১৬ চনৰে দুই প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ নন্দিতা দাস আৰু অগপৰ জ্যোতি প্ৰসাদ দাস। ২০১৬ত নন্দিতা দাসে জ্যোতি প্ৰসাদ দাসক ১৭,৫৯৪টা ভোটত পৰাজিত কৰিছিল। ২০১৯ৰ লোকসভাত বিজেপি আৰু কংগ্ৰেছে লাভ কৰা ভোটৰ পৰিমাণ আছিল ক্ৰমে ৬৯,৪০১ আৰু ১,০৭,০৪২। নন্দিতা দাসৰ বিৰূদ্ধে কিছু প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে যদিও মুছলমান ভোটাৰৰ প্ৰাধান্য থকা সমষ্টিটোত তেওঁৰ জয়ৰ সম্ভাবনাই অধিক।
ছয়গাওঁত পুনৰ ৰেকিবুদ্দিন বনাম কমলা। একেৰাহে দুবাৰ পৰাজিত হোৱাৰ পিছত কমলা কলিতাই এইবাৰ পলাশবাৰীত নিৰ্বাচন খেলিব বিচাৰিছিল। কিন্তু বিজেপিয়ে সমষ্টি এৰি নিদিলে। উপায় নাপাই পুনৰ ছয়গাওঁত নিজৰ ভাগ্য পৰীক্ষা কৰিব বিচাৰিছে কমলা কলিতাই। ২০১১ত কমলা কলিতা পৰাজিত হৈছিল প্ৰায় ১৬ হাজাৰ ভোটৰ ব্যবধানত। ২০১৬ত পৰাজয়ৰ ব্যবধান হ্ৰাস পায় ৭৮২১লৈ। ২০১৯ত বিজেপিয়ে ৫৪,৮৫৬ ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছে পায় ৮৭,২৩১ ভোট । জনসংখ্যা বিস্ফোৰনৰ ফলত মুছলমান ভোটাৰ বাঢ়ি প্ৰায় ৬০% হৈছে। ইয়ে বিপদ মাতিছে হিন্দুত্বৰ ৰাজনীতি কৰা বিজেপিৰ বন্ধু অগপক। যোৱাবাৰ এ.আই.ইউ.দি.এফে ৫ হাজাৰ মান ভোট নিছিল। এইবাৰ কমলাক সহায় কৰিবলৈ তেওঁলোকৰ প্ৰাৰ্থীও নাই। এইবাৰ পৰাজিত হোৱাৰ পিছত কমলা কলিতাৰ ৰাজনৈতিক জীৱন অন্ধকাৰ হৈ পৰিব।
১৯৮৩ চনৰ পৰা পলাশবাৰীত কংগ্ৰেছ জয়ী হোৱা নাই। ২০১৬ত বিজেপিৰ প্ৰণৱ কলিতা ৪৮,৭৪২টা ভোটৰ ব্যবধানত জয়ী হৈছিল। ২০১৯ত বিজেপি আৰু কংগ্ৰেছে লাভ কৰা ভোটৰ পৰিমাণ আছিল ক্ৰমে ৮০,৬৬৪ আৰু ৩২,৪৯২। ২০২১ বিধানসভাত বিজেপিৰ হেমাংগ ঠাকুৰীয়াৰ সন্মুখত আছে কংগ্ৰেছৰ যতীন মালী। যোৱাবাৰ যতীন মালীয়ে নিৰ্দলীয় খেলি ১৫ হেজাৰ ভোট লাভ কৰিছিল। দলীয় টিকট নাপাই কিছুমানে নিৰ্দলীয় খেলিছে যদিও মুল যুঁজ বিজেপি আৰু কংগ্ৰেছৰ মাজত হ’ব। হেমাংগ ঠাকুৰীয়া বৰ্তমানলৈ বহু ভোটত আগবাঢ়ি আছে।
৫৫ নম্বৰ হাজো সমষ্টিৰ নিৰ্বাচন সকলোতকৈ আকৰ্ষনীয় হ’ব। যোৱাবাৰ বিজেপিৰ সুমন হৰিপ্ৰিয়া , কংগ্ৰেছেৰ দুলু আহমেদ আৰু অগপৰ নুৰুল হুছেইনে লাভ কৰা ভোটৰ পৰিমাণ আছিল ক্ৰমে ৫৫,০৯৬, ৪৬,১৮৮ আৰু ১৬,৬০২। যোৱাৱাৰ বিজেপি-অগপৰ বন্ধুত্বপূৰ্ণ মিত্রতাই বিজেপিক সহায় কৰিছিল। ২০১৯ লোকসভাত বিজেপিয়ে ৬৫,৮৮৩ আৰু কংগ্ৰেছে ৬৯,৪৭৭ টা ভোট লাভ কৰিছিল। এইবাৰ দুলু আহমেদ জাতীয় পৰিষদৰ প্ৰাৰ্থী। গোটেই অসমৰ ভিতৰত যদি জাতীয় পৰিষদে কোনো আসন দখল কৰে সেইখন হ’ব হাজো। অবশ্যে কংগ্ৰেছে ইয়াৰ পৰা আনোৱাৰ হুছেইনক প্ৰাৰ্থীত্ব দি দুলু আহমেদক বিপদত পেলোৱাৰ চেষ্টা কৰিছে। দুলু আহমেদৰ জয়-পৰাজয় নিৰ্ভৰ কৰিব আনোৱাৰ হুছেইনে লাভ কৰা ভোটৰ পৰিমাণৰ ওপৰত। আনোৱাৰ-দুলুৰ মাজত মুছলমান ভোটৰ বিভাজনে সুমনৰ দিছপুৰ যাত্রা পুনৰ সুগম কৰিব বুলি ৰাইজে ধাৰণা কৰিছে। সুমন জয়ী হ’লেও ব্যবধান খুব কম হ’ব।
গুৱাহাটী লোকসভাৰ শেষৰটো সমষ্টি হ’ল বৰক্ষেত্রী। প্ৰায় ৬০% মুছলমান ভোটাৰ থকা সমষ্টিটোত আপাত দৃষ্টিত বিজেপিৰ জয় অসম্ভব। ২০১৬ত বিজেপিৰ নাৰায়ণ ডেকা আৰু কংগ্ৰেছৰ দিগন্ত বৰ্মনে লাভ কৰা ভোটৰ পৰিমাণ আছিল ক্ৰমে ৬৯,২২৩ আৰু ৬০,৬১০। সেইবাৰ এ.আই.ইউ.দি.এফে এজন দুৰ্বল প্ৰাৰ্থী দিছিল যাৰ নাম আছিল আক্ৰম হুছেইন তালুকদাৰ। তালুকদাৰে পাইছিল ৯৯৫০টা ভোট। ২০১৯ত কংগ্ৰেছে ৮৪,১৭২ আৰু বিজেপিয়ে ৬৭,০২২টা ভোট লাভ কৰিছিল। ২০১৬ত নাৰায়ণ ডেকাৰ জয়ৰ প্ৰধান কাৰণ আছিল বংগদেশীয় মূলৰ মুছলমানৰ মাজত তেওঁৰ জনপ্ৰিয়তা যাৰ বাবে তেওঁ এক অসম্ভবকো সম্ভব কৰিছিল। জাতীয় পৰিষদৰ পুলকেশ বৰুৱা আৰু এ.আই.ইউ.দি.এফৰ চম্পক কলিতা নিৰ্বাচনত প্ৰাৰ্থী হোৱাৰ লগে লগে খেলখন জমি উঠিছে। পুলকেশে নাৰায়ণ ডেকাৰ ভোট কাটিব কিন্তু চম্পকে কংগ্ৰেছক ক্ষতি কৰিব। চম্পক কলিতাই বন্ধুত্বমূলত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগে লগে নিদ্ৰা হৰণ হৈছে দিগন্ত বৰ্মনৰ। তেওঁ আনকি চম্পক কলিতাৰ টিকট অবৈধ বুলি নিৰ্বাচন আয়োগক অভিযোগ কৰিছিল। ইয়াৰ বাবে কলিতাৰ মনোনয়ন পৰীক্ষাত কিছু বিলম্ব হয়। অবশেষত আজমলে বক্তব্য ৰাখিলে যে চম্পক কলিতা তেওঁলোকৰ প্ৰাৰ্থী। ইয়ে বৰভাগৰ সমীকৰণ সলনি কৰি দিছে। নিৰ্বাচনী দৃশ্য সঘনে সলনি হৈছে। এদিন যদি নাৰায়ণ ডেকা ‍আগবাঢ়ি থকা যেন লাগে পিছদিনা দিগন্ত বৰ্মন জয়ী হ’ব যেন লাগে। নিৰ্বাচনী ফলাফলৰ দিনা আমাৰ দৃষ্টি নিবদ্ধ থাকিব এই সমষ্টিত।
এয়া আছিল গুৱাহাটীৰ ১০টা বিধানসভাৰ নিৰ্বাচনী ফলাফলকলৈ আমাৰ এক পৰ্যালোচনা। বিজেপি মিত্রজোঁট এই পৰ্য্যন্ত ৭টা আৰু কংগ্ৰেছ ৩টাত আগবাঢ়ি আছে।