আৰএছএছৰ পচন্দ সোণোৱাল নে?

3407
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে বিজেপিৰ হৈ অসমৰ ইমুৰৰ পৰা সিমুৰলৈ তীব্ৰ গতিৰে প্ৰচাৰ চলাই আছে। বৰ্তমানলৈ নিৰ্বাচনী ৰেহ ৰূপ চাই দেখা গৈছে যে বিজেপি কংগ্ৰেছতকৈ বহু গুণ আগবাঢ়ি আছে। কিন্তু প্ৰশ্ন হৈছে ২মেত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা পালে মুখ্যমন্ত্রী কোন হ’ব? প্ৰথম বাৰৰ বাবে বিজেপিয়ে নিজৰ মুখ্যমন্ত্রীজনৰ চেহেৰা আগত ৰাখি প্ৰচাৰ চলোৱা নাই। ইয়াৰ কাৰণ অসমৰ সকলো ৰাইজে সহজে বুজি পাইছে। ভাৰতৰ আগশাৰীৰ সাংবাদিক ৰাজদ্বীপ ছৰদেশাইয়ে ডিব্ৰুগড়ৰ ৰোদ শ্বোত হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছিল “Am I talking to the next chief minister of Assam?” উত্তৰত শৰ্মাই মিচিকিয়া হাঁহি মাৰি কৈছিল যে বিজেপিৰ সংসদীয় বোৰ্ডে এই ক্ষেত্রত সিদ্ধান্ত ল’ব। আমি পোৱা খৱৰ অনুসৰি শৰ্মাৰ মুখ্যমন্ত্রী হোৱাৰ প্ৰবল ইচ্ছা আছে যদিও তেওঁ ইয়াকলৈ কেন্দ্ৰীয় নেতৃত্বক কোনো হেছা প্ৰয়োগ কৰা নাই। প্ৰয়োজনত তেওঁ কেন্দ্ৰলৈ যাবলৈ সাজু আছে। কিন্তু কোনো কাৰণতে শৰ্মাই সোণোৱালৰ অধীনত পুণৰ মন্ত্রী হ’বলৈ বিচৰা নাই। অসমৰ মুখ্যমন্ত্রী কোন হ’ব তাৰ ক্ষেত্রত সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা ল’ব ৰাষ্ট্ৰীয় স্বয়ম স্বেৱক সংঘই। সংঘৰ প্ৰতিবেদনৰ ভিত্তিতে কেন্দ্ৰই এই ক্ষেত্রত চুৰান্ত সিদ্ধান্ত ল’ব। নাম প্ৰকাশত অনিচ্ছুক অসমৰ এজন শীৰ্ষ আৰ.এছ.এছ নেতাই আমাক জনোৱা মতে সংঘৰ প্ৰথম পচন্দ ড° হিমন্ত বিশ্ব শৰ্মা। এতিয়া প্ৰশ্ন হয় হিমন্ত বিশ্ব শৰ্মাত কৈ সৰ্বানন্দ সোণোবাল কম দক্ষ নেকি ? এনেবোৰ প্ৰশ্নৰ উত্তৰে দুয়োজন ব্যক্তিক প্ৰতিপক্ষ হিচাপে থিয় নকৰাব যদিহে দুয়োজন ব্যক্তিৰ ব্যক্তিত্বক সন্মান কৰিবলৈ শিকা যায় । আৰ.এছ.এছৰ নেতাৰ মতে এজন যদি জাতীয় নায়ক তেন্তে আন এজন হিন্দু হৃদয় সম্ৰাট । শৰ্মাই তেওঁৰ গ্ৰন্থ উন্মোচনী সভা এখনত স্পষ্ট ভাবেই কৈছে যে তেওঁৰ প্ৰথম পৰিচয় হিন্দু । ২০২১ ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সৰভোগ সমষ্টি ত্যাগ কৰি ৰঞ্জিত দাস পাটাছাৰকুছি পালে । দুবছৰ আগত ৰাহুল গান্ধীয়ে আমেঠিৰ লগতে কেৰেলাৰ ৱাইনাৰ্দ সমষ্টিৰ পৰাও নিৰ্বাচন খেলিছিল । কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধীয়ে মুছলমান সংখ্যাগৰিষ্ঠ সমষ্টিৰ পৰা জয়ী হৈছিল আৰু পৰিচিত আমেঠিত পৰাজিত হৈছিল । ৰঞ্জিত দাস সৰভোগ ত্যাগ কৰিবলৈ বাধ্য হ’ল কাৰণ  সৰভোগৰ জনগাঁঠনি সলনি হৈছে । অকল সৰভোগেই নহয় বৰপেটাৰ আন সমষ্টি সমুহো কংগ্ৰেছ – ইউডিএফ মিত্ৰজোঁটে জয়লাভ কৰিব বুলি তেওঁলোক নিশ্চিত  । ধুবুৰী , গোৱালপাৰা , বৰপেটাৰ গোটেই কেইটা সমষ্টিত বিজেপিয়ে শুন্য অতিক্ৰম কৰিব নোৱাৰে ।  একমাত্ৰ দুধনৈ সমষ্টিত কংগ্ৰেছ বা বিজেপিৰ পৰা অসংখ্যালঘু প্ৰাৰ্থী জয়ী হৈ আছে কাৰণ সেই সমষ্টিটো সংৰক্ষিত । বিজেপিৰ সংকল্প বা ইস্তাহাৰ পত্ৰত উল্লেখ থকা সমষ্টি পুনৰ নিৰ্ধাৰণ যদি ৰাষ্ট্ৰবাদৰ সপক্ষে কৰিব পৰা নাযায় তেন্তে ২০২৬ ত পুৰ্ব বংগীয় মুলৰ   ধৰ্মীয় সংখ্যালঘু বিধায়কে বিধান সভাৰ গৰিষ্ঠ সংখ্যক আসন দখল কৰিব । কাৰণ জনসংখ্যা বৃদ্ধি প্ৰক্ৰিয়াটোক ৰাজনৈতিক হাতিয়াৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে । লাভ জেহাদ  অৰ্থাৎ মিছা পৰিচয় ব্যৱহাৰ কৰি বিপৰীত ধৰ্মৰ ছোৱালীক  প্ৰেমৰ জালত ফচাই বিবাহ কৰি নিজৰ ধৰ্মৰ মানুহৰ সংখ্যাবৃদ্ধিৰ উদ্দেশ্য ৰূপায়ন কৰা প্ৰক্ৰিয়াক বন্ধ কৰি সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি কৰাটো আৰ.এছ.এছে মিছন হিচাপে লৈছে । ইয়াৰ উপৰিও আন এটা অসমাপ্ত কাম সমাপ্ত কৰিব লাগিব নাগৰিকত্ব সংশোধনী ২০২০ আইন খন অসমত বলবৎ কৰা ।সদৌ অসম ছাত্ৰ সন্থা ( আছু) , আমছু ৰ দৰে ছাত্ৰ সংগঠনে বিৰোধ কৰা আৰু কংগ্ৰেছ – ইউদিএফ দলে এই বিৰোধক সহযোগ কৰা কেব আন্দোলনৰ সময়ত  সমুজ্জ্বল ভট্টাচাৰ্য্য , লুৰিণ জ্যোতি গগৈ , আমিনুল ইছলাম আদি নেতাৰ দ্বাৰা সমালোচিত হৈছিল সৰ্বানন্দ সোণোৱাল। ৰাজপথত আছুৰ কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিছিল আৰু বিভিন্ন  ঠাইত নাটকীয় ভংগীমাত পুত্তলিকাক ফাঁচি পৰ্যন্ত দিয়া হৈছিল । শিল্পী , সাহিত্যিকৰ হাতত ধৰি আছুৰ মজিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ চকী খনত বহা সৰ্বানন্দ সোণোৱালৰ বাবে সেই সময়ছোৱা অতি কন্টকপুৰ্ণ আছিল । চেগ বুজি বিধায়ক আব্দুল খালেকে মন্তব্য কৰিছিল যে সৰ্বানন্দ সোণোৱাল ভাল মানুহ আৰু কংগ্ৰেছে  সোণোৱালৰ নেতৃত্বত অবিজেপি চৰকাৰ এখনক সমৰ্থন দিব । নেতা , শিল্পী সাহিত্যিকৰ সমালোচনাত দগ্ধ হৈ মুখ্যমন্ত্ৰী জনে সংবাদ মেল  অনুষ্ঠিত কৰি আবেগিক মন্তব্য কৰিছিল __” মোক এঘৰীয়া নকৰিব …………।” এনেকুৱা আবেগিক আত্মসমৰ্পণ অসমৰ ইতিহাসত হয়টো প্ৰথম ।আৰ.এছ.এছ ইয়াক লৈ খুব অসন্তুষ্ট হৈছিল।  হিতেশ্বৰ শইকীয়া , প্ৰফুল্ল মহন্ত , তৰুণ গগৈৰ মুখত এনেকুৱা আত্মসমৰ্পণ কথা অসমৰ মানুহে শুনা নাছিল । যিসকল শিল্পী , লেখক , বুদ্ধিজীবীয়ে বিজেপিক প্ৰতিহত কৰিবলৈ বদৰুদ্দিন আজমলৰ লগ লাগি সংবাদ পত্ৰত প্ৰচাৰ চলায় সেই মানুহ বিলাকৰ সমালোচনাত সৰ্বানন্দ সোণোবাল দুখী হোৱাটো আচৰিত । বিজেপি চৰকাৰ যদি পুনৰ অসমত হয় তেন্তে লাভ জেহাদ বিৰোধী আইন , ভুমিৰ অধিকাৰ , সমষ্টি পুনৰ নিৰ্ধাৰণ , কা আইন বলবৎ কৰিবলৈ আবেগ নহয় দৃঢ় পদক্ষেপৰ প্ৰয়োজন;  যিখিনি দৃঢ়তা হিমন্ত বিশ্ব শৰ্মাৰ পৰা আশা কৰিব পাৰি ।
অহা ৫ বছৰ অসমৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বুলি আৰ.এছ.এছে বিশ্বাস কৰে। বাংলাদেশী মুছলমানৰ আগ্ৰাসনত ভিতিগ্ৰস্ত হৈ থকা অসমৰ মানুহখিনিৰ হৈ যদি বিজেপি চৰকাৰে অহা ৫ বছৰত কোনো পদক্ষেপ নলয় তেন্তে ৰাইজৰ আস্থা বিজেপিৰ প্ৰতি নোহোৱা হৈ যাব। সেয়েহে তেওঁলোকে অসমত বিচাৰে এজন শক্তিশালী হিন্দুত্ববাদী নেতাক। অসমত বহু সংবাদ মাধ্যমত এতিয়া চৰ্চা চলি আছে আগন্তুক চৰকাৰ কাৰ হ’ব। হয়তো অহা ২ মেৰ পৰা আলোচনাৰ বিষয় সলনি হ’ব। জনজাতীয়-উজনি-নামনি- ব্ৰাহ্মণ  আদি শব্দৰে পৰবৰ্তী মুখ্যমন্ত্রীৰ বিষয়ে আলোচনা কৰিব অসমৰ বিশিষ্ট বুদ্ধীজীৱী সকলে।


ৰাজনীতি অসম আলোচনীখন সম্পূৰ্ণকৈ পঢ়িবলৈ ক্লিক কৰক: WWW.RAJNITIAXOM.COM