৩৩% ৰাইজৰ মতে অখিল শ্ৰেষ্ঠ বিৰোধী নেতা

1153

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


ৰাজনীতি অসমৰ আগষ্ট ২০২১ৰ অ’পিনিয়ন প’লত আমি প্ৰশ্ন কৰিছিলো_ কোন অসমৰ শ্ৰেষ্ঠ বিৰোধী নেতা। আমাৰ অপিনিয়ন প’লৰ ফলাফলত সৰ্বাধিক ৩৩.৩% লোকৰ সমৰ্থন লাভ কৰিলে অখিল গগৈয়ে। জেলৰ পৰা ওলাই অখিল গগৈ চৰকাৰৰ বিভিন্ন কাম কাজৰ বিৰূদ্ধে সৰব হৈছে। দুজন বিধায়ক ত্যাগ কৰাৰ পিছত কংগ্ৰেছ আৰু দুৰ্বল হৈছে। সেই সুযোগতে অখিলে নিজকে অসমৰ মুখ্য বিৰোধী নেতা ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ২৬.৭% ভোট লাভ কৰি দ্বিতীয় স্থানত আছে। বিধানসভা নিৰ্বাচনৰ পিছতে যেন হঠাৎ অন্তৰ্ধান হৈছে গগৈ। যোৱা দুবছৰ আগতে শীৰ্ষ স্থানত আছিল তৰুণ গগৈৰ পুত্র। কিন্তু এইবাৰ দ্বিতীয় স্থানলৈ অবনমিত হ’ল তেওঁ। আমাৰ অ’পিনিয়ন প’লত তৃতীয় স্থান লাভ কৰিছে কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ভূপেন বৰাই। ভূপেন বৰাই কাৰ্য্যভাৰ গ্ৰহণ কৰা বেছি দিন হোৱা নাই। ৰাইজৰ দৃষ্টি নিবদ্ধ থাকিব অনাগত দিনত তেওঁৰ কাৰ্য্যকলাপৰ ওপৰত। বৰাই লাভ কৰে ২০% ভোট। ১৩.৩% ভোটেৰে চতুৰ্থ স্থান দখল কৰে লুৰিণজ্যোতি গগৈয়ে। অতিকৈ সম্ভাবনাময় যুৱক লুৰিণে যেন নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত কিছু হতাশ হৈছে। কংগ্ৰেছৰ লগত যাবনে অকলে থাকিব তাকলৈ দ্বিধাগ্ৰস্থতাত আছে যেন অনুমান হয়। ৬.৭%  লোকে অন্যৰ সপক্ষে ভোটদান কৰে। আমাৰ অ’পিনিয়ন প’লৰ পৰা স্পষ্ট হ’ল যে অখিল গগৈয়ে জনপ্ৰিয়তাৰ ক্ষেত্রত কংগ্ৰেছ নেতাসকলক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ভূপেন বৰা আৰু গৌৰৱ গগৈৰ ভোট যোগ দিলেও হয় ৪৬.৭%। অখিলে অকলেই লাভ কৰিছে ৩৩.৩%। সেয়েহে উজনিৰ যিকোনো নিৰ্বাচনত অখিল গগৈ অবিহনে কংগ্ৰেছে মৰ্যাদা সহকাৰে দ্বিতীয় স্থান পোৱাটোৱো কঠিন হ’ব।