সুস্মিতাৰ লক্ষ্য ৰাজ্যসভা

1021

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


মাত্র দুদিন আগত তেওঁ ৰাহুল গান্ধীৰ সৈতে প্ৰথম শাৰীত বিজেপি চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদ কৰিছিল। তাৰ পিছত আহিল মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীৰ সৈতে তেওঁৰ ফটো। সন্তোষ মোহন দেৱৰ তনয়া আছিল কংগ্ৰেছৰ মহিলা মৰ্চাৰ সভানেত্রী। স্বাভাবিকতে তেওঁৰ দলত্যাগে দলত কপনি তুলিছে। কপিল চিব্বালৰ দৰে নেতাই হাই কামাণ্ডক প্ৰশ্ন কৰিছে। কংগ্ৰেছ দলে বহু দিছিল সন্তোষ মোহন দেৱক। সুস্মিতা দেৱকো বিৰোধী দলত থকা সময়ত কংগ্ৰেছে যথোচিত সন্মান প্ৰদান কৰিছিল। সেয়েহে দলত্যাগৰ পিছতো সুস্মিতাৰ কংগ্ৰেছ নেতৃত্বৰ ওপৰত কোনো অভিযোগ নাই। তেন্তে কি কাৰণত সুস্মিতাই কংগ্ৰেছ দল ত্যাগ কৰিলে? প্ৰাপ্ত খৱৰ অনুসৰি নিজৰ ৰাজনৈতিক ভবিষ্যতকলৈ চিন্তিত আছিল সুস্মিতা। কংগ্ৰেছ আৰু আজমল লগ হোৱাৰ লগে লগে বৰাকত ভোটাৰৰ মাজত স্পষ্ট বিভাজন দেখা গৈছে। হিন্দুসকলে বিজেপিৰ পক্ষ লোৱাৰ বিপৰিতে মুছলমান সকলে কংগ্ৰেছ-আজমলক সমৰ্থন কৰিছে। বৰাকত লোকসভাৰ আসন মাত্র দুখন। কৰিমগঞ্জ অনুসুচিত জাতিৰ বাবে সংৰক্ষিত। সুস্মিতাই প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আসন আছে মাত্র শিলচৰ। শিলচৰত যিহেতু হিন্দু সংখ্যাগৰিষ্ঠ তেনে ক্ষেত্রত ২০২৪তো তাত সুস্মিতা জয়ী হোৱাৰ কোনো সম্ভাবনা নাই। ২০২১ত কাছাৰ জিলাত থকা মুছলমান অধ্যুসিত সোনাইত নিৰ্বাচন খেলাৰ ইচ্ছা কৰিছিল সুস্মিতাই। কিন্তু সেয়া সম্ভব হৈ নুঠিল। ব্ৰহ্মপুত্র উপত্যকাত সুস্মিতাই নিৰ্বাচন নেখেলে বা খেলিলেও জিকাৰ সম্ভাবনা নাই। সেয়েহে নিজৰ ৰাজনৈতিক ভবিষ্যতৰ প্ৰতি সন্দিহান হৈ তেওঁ অবশেষত যোগ দিলে তৃণমূল কংগ্ৰেছত। উল্লেখ কৰা ভাল হ’ব যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত যঠেষ্ট ভাল সম্পৰ্ক আছে সুস্মিতাৰ। তৰুণ গগৈৰ বিৰূদ্ধে কৰা যুঁজখনত তেওঁ ড° শৰ্মাৰ অন্যতম সৈনিক আছিল। ভবা হৈছিল যে তেওঁ বিজেপিত যোগদান কৰিব কাৰণ অসমত কংগ্ৰেছৰ পৰা দল বাগৰি সাধাৰণতে নেতাবিলাক বিজেপিলৈ আহে। বৰাকতো কংগ্ৰেছ- আজমলৰ বাহিৰে আন শক্তিটো হ’ল বিজেপি। কিন্তু বিজেপিৰ লগত সুস্মিতাৰ দৰ দাম নিমিলিল। ৰাজদ্বীপ ৰয়ৰ টিকট কাটি সুস্মিতাক শিলচৰত সংস্হাপন কৰা একপ্ৰকাৰ অসম্ভব। বৰাকৰ কোনো বিজেপি নেতাই সুস্মিতাক বিচৰা নাই। সুস্মিতাৰ আগমতে বৰাক বিজেপিত বিদ্ৰোহৰ সৃষ্টি কৰিলেহেতেন। সেয়েহে উপায় নাপাই সুস্মিতাই যোগদান কৰিলে তৃণমূলত। বৰাকতে জন্মগ্ৰহণ কৰা মহুৱা মৈত্র এতিয়া তৃণমূলৰ ডাঙৰ নেত্রী। অসমত সুস্মিতাৰ বাবে নিৰ্বাচন খেলিবলৈ এখন আসন থকাৰ বিপৰীতে পশ্চিমবংগত বঙালীসকলৰ ৰাজত্ব ৪২খন আসনত। নিজে বঙালী হোৱাৰ সুত্রে মহুৱা মৈত্রৰ দ্বৰে যিকোনো এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰি অনায়াসে নিৰ্বাচনত জয়ী হৈ লোকসভাৰ আসন দখল কৰিব পাৰে সুস্মিতাই। মমতা বেনাৰ্জীয়ে যিহেতু মহিলাক প্ৰায় ৫০% আসনত প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ দিয়ে সেয়েহে নিজৰ ভবিষ্যতকলৈ অত্যন্ত উৎসাহী সুস্মিতা। আছানচোল আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ পাব পাৰে সুস্মিতাই। সেয়েহে সুস্মিতাৰ এই তৃণমূল যাত্রা। অবশ্যে সদনত প্ৰবেশ কৰিবলৈ উত্রাবল হৈ আছে তেওঁ। অহাবছৰ বংগৰ পৰা খালি হ’ব লগা ৰাজ্যসভাৰ এখন আসনৰ পৰা নিৰ্বাচিত কৰি নিয়াৰ প্ৰতিশ্ৰুতি দিছে মমতাই। পিছত ২০২৪ত লোকসভাত জয়ী হ’লে সেই আসনখন খালী কৰি দিব। সুস্মিতাৰ এই মনোকামনা পূৰ্ণ হ’লে অসমৰ ৰাজনীতিৰ পৰা বিদায় লব দেৱ পৰিয়ালে।