মমতা নে ৰাহুল? কোন হ’ব প্ৰধানমন্ত্রী প্ৰাৰ্থী?

915

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


ভাৰতৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে ২০২৪ত নৰেন্দ্ৰ মোদীক উৎখাত কৰাৰ কুচ-কাৱাজ। কেতিয়াবা যদি শাৰদ পাৱাৰৰ ঘৰত চাহৰ আয়োজন, কেতিয়াবা ৰাহুল গান্ধীৰ লগত ব্ৰেক ফাষ্ট। লক্ষ্য বিৰোধীৰ ঐক্য। ইতিমধ্যে ডিএমকে, শিৱসেনা, এন.চি.পি,তৃণমূল কংগ্ৰেছ, আৰজেদি, কমিউনিষ্ট দল আদিয়ে বিৰোধী ঐক্যৰ সপক্ষে মত পোষন কৰিছে। আবশ্যে এতিয়াও নিজৰ স্থিতি সম্পূৰ্ণ স্পষ্ট কৰা নাই সমাজবাদী পাৰ্টী, বহুজন সমাজ পাৰ্টী, বিজু জনতা দল আৰু আম আদমী পাৰ্টীয়ে। কিন্তু আন দল সকল একগোট হ’লেও বিজেপিৰ বাবে কিছু প্ৰত্যহ্বান হ’ব পাৰে। বিশেষকৈ পশ্চিমবংগ আৰু তামুলনাডু মিলি ৮০খনতকৈ অধিক লোকসভাৰ আসন আছে। বিৰোধীৰ এই সভাসমূহত তেওঁলোকে উপলব্ধি কৰিছে যে উমৈহতিয়াকৈ প্ৰধানমন্ত্রী প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে বিজেপিক পৰাভূত কৰা অসম্ভব। আনকি প্ৰশান্ত কিশোৰেও বিৰোধী দলবোৰক প্ৰধান মন্ত্রী প্ৰক্ষেপ কৰাৰ পৰামৰ্শ দিছে। কংগ্ৰেছক বাদ দি সৰহসংখ্যক বিৰোধী দলে মমতা বেনাৰ্জীক প্ৰধানমন্ত্রী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰে। মমতাৰ সমৰ্থনত আছে ডি.এম.কে, আৰজেদি, এন.চি.পি, নেছনেল কনফাৰেন্স আদি দল। কিন্তু কংগ্ৰেছ দলে কোনোপধ্যে এইক্ষেত্রত মান্তি হোৱা নাই। কমিউনিষ্ট দল মাত্র কংগ্ৰেছৰ লগত আছে। কমিউনিষ্ট দলবিলাকে মমতাক প্ৰধানমন্ত্রী ৰূপে নিবিচৰাৰ কাৰণ হ’ল পশ্চিমবংগত তেওঁলোকৰ লগত শত্ৰুতা। কংগ্ৰেছ আনকি প্ৰধানমন্ত্রী পদৰ প্ৰাৰ্থী নোহোৱাকৈ লোকসভাৰ নিৰ্বাচনলৈ যাবলৈ সাজু কিন্তু তেওঁলোকে কোনোপধ্যে মমতাক প্ৰধানমন্ত্রী পদৰ প্ৰাৰ্থীৰূপে মানি নলয়। ভাৰতীয় ৰাজনীতিত হাহিয়াতৰ পাত্র হ’বলৈ তেওঁলোকে বিচৰা নাই। কিন্ত্ত আন বিৰোধীদল বিলাকে ভাবে যে ৰাহুলক প্ৰধানমন্ত্রী পদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা মানে বিজেপি ৱাক অভাৰ দিয়াৰ নিচিনা হ’ব। বিকল্প হিচাবে বিৰোধীদল বিলাকে চিন্তা কৰিছে কংগ্ৰেছে এজন সৰ্বগ্ৰহণযোগ্য নেতাৰ কথা। বিবেচনাত আহিছে প্ৰাক্তন প্ৰধানমন্ত্রী মনমোহন সিং , অশোক গেহলট আৰু প্ৰিয়ংকা গান্ধীৰ নাম। এটা কথা ঠিক যে সময়ত প্ৰধানমন্ত্রী পদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰি সকলো বিৰোধী দল একগোট নহ’লে মোদীক পৰাজিত কৰা অসম্ভব।