- পাৰ্থ সাৰথি দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
২৮ এপ্ৰিলত প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদী আহি অসমত ৭খন কৰ্কট ৰোগৰ হাস্পতালৰ শুভাৰাম্ভ কৰাৰ লগতে আন ৭খনৰ আধাৰশিলা স্থাপন কৰিলে। এই ঐতিহাসিক ক্ষণত উপস্থিত থাকে অসম বৈভব ৰতন টাটা। ৰতন টাটা, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ প্ৰচেষ্টাত সম্ভব হ’ল ইমান কেইখন কৰ্কট ৰোগৰ চিকিৎসালয়। অসম তথা ভাৰত চৰকাৰ ৰাইজৰ সেৱা কৰিবলৈ বাধ্য যদিও টাটা গ্ৰুপে সম্পূৰ্ণ নিস্বাৰ্থ ভাবে সহায় আগবঢ়াইছে। এই মনিষীজনক অসমৰ ৰাইজে যিমানে সন্মান দিয়ে সিমানে কম। লগতে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰো শলাগ ল’ব লাগিব। অসমৰ লগতে আন কেইখনমান ৰাজ্যক ৰতন টাটাই টকা দিয়াৰ কথা কৈছিল। কিন্তু সকলোৰে আগতে পাৰদৰ্শীতাৰে ৭খন হাস্পতাল খুলি চমক দেখুৱাবলৈ সক্ষম হ’ল ড° শৰ্মা। অসমৰ দৰে ৰাজ্য যাৰ ১২ মাহ কৰ্মচাৰীক দৰমহা দিবলৈ সামৰ্থ নাই তেনে এখন চৰকাৰে মাহে মাহে অৰুণোদয় দিছে, স্কুটি দিছে, ক্ষীপ্ৰ গতিত ৰাস্তা নিৰ্মান কৰিছে। এয়া সম্ভব হৈছে নৰেন্দ্ৰ মোদীৰ বাবে। অসমৰ ৰাইজ ৰতন টাটা আৰু নৰেন্দ্ৰ মোদীক হৰ্ষোল্লাসেৰে আদৰণী জনোৱা উচিত। কিন্তু আমাৰ নিউজ চেনেলত দিনটো বাজি থাকিল চিটি বাছৰ প্ৰসংগ। কিছুমানে প্ৰশ্ন কৰিলে ইমান জাক জমকতা কিয়? আন কিছুমানে আকৌ ৰতন টাটাক কৃতিত্ব দিব বিচাৰে কিন্তু মোদী- শৰ্মাক নহয়। এয়া কোনো বিবেচনা থকা মানুহে কৰিব নোৱাৰে। যাৰ ঘৰত কৰ্কট ৰোগী আছে তেওঁলোকে জানে জীৱনত কিমান কষ্ট সহ্য কৰিছে। মুম্বাইলৈ যাবলৈ কিমান খৰছ হয়, কিমানে মাটি বিক্ৰী কৰিব লাগে, সোণ বন্ধকত থব লাগে। অসমত ১৭খন কৰ্কট ৰোগৰ হাস্পতাল স্থাপন কৰা কোনো মামুলি কথা নহয়। তাৰ বাবে দুদিন চিটি বাছৰ অসুবিধা হাঁহিমূখে পাৰ কৰিব পৰা যায়। মোদী আৰু ৰতন টাটাৰ প্ৰাপ্য অসমবাসীৰ পৰা ডাঙৰ চেলুট। ৰতন টাটাই যেতিয়া নিজৰ ভাষনৰ শেষৰ পিনে ক’লে যে তেওঁ জীৱনৰ শেষ বেলা অসমৰ হিতৰ বাবে কাম কৰিব বিচাৰে মই মোৰ চকুলো ৰখাব নোৱাৰিলো। হে মহাত্মা আপোনাক শত শত প্ৰণাম।