অসম আকৌ এবাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামাত

522

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


২৮ এপ্ৰিল তাৰিখে বিবিচিয়ে প্ৰশান্ত কিশোৰৰ লগত এটা সাক্ষাৎকাৰ অনুষ্ঠান প্ৰচাৰ কৰে। সাক্ষাৎকাৰৰ শেষৰ পিনে প্ৰশান্তৰ লগত এটা ৰেপিদ ফায়াৰ ৰাউণ্ড হয়। তাত তেওঁক প্ৰশ্ন কৰা হয় যে বিজেপিৰ সকলোতকৈ সম্ভাবনাময় যুৱ নেতা কোন? বিকল্প হিচাপে দিয়া হয় যোগী অদিত্যনাথ, স্মৃতি ইৰাণী, হিমন্ত বিশ্ব শৰ্মা আৰু অনুৰাগ ঠাকুৰ। যদিও প্ৰশান্ত কিশোৰে প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে, ইয়াৰ পৰা এটা কথা স্পষ্টকৈ গম পোৱা যায় ৰাষ্ট্ৰীয় ৰাজনীতিত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্ব। নেতাৰে গিজগিজাই থকা পৃথিবীৰ সৰ্ববৃহৎ দল বিজেপিত অসমৰ দৰে সৰু ৰাজ্যৰ মুখ্যমন্ত্রীজনক যোগী আদিত্যনাথ আৰু স্মৃতি ইৰাণীৰ লগত একেলগে ৰখাটো সাধাৰণ কথা নহয়। সেইবাবেই হয়তো ভাৰতৰ গৃহমন্ত্রী অমিত শ্বাহৰ সকলোতকৈ বিশ্বাসভাজন অনুজ হৈ পৰিছে শৰ্মা। দলিত নেতা জিগনেশ মেৱানীয়ে বিভিন্ন সময়ত প্ৰধানমন্ত্রী মোদীৰ বিৰূদ্ধে আক্ৰমানাত্মক বক্তব্য ৰাখি আহিছে। মাজে মাজে তেওঁ শালীনতাৰ সকলো সীমা পাৰ হৈ যায়। যিকোনো দল বা নেতাৰ লগত কাৰোবাৰ মত বিৰোধ থাকিব পাৰে। কিন্ত বাক স্বাধীনতাৰ নামত সীমা চেৰাই কথা কোৱা অনুচিত। যোৱা গুজৰাট বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ আগত মেৱানীয়ে প্ৰধানমন্ত্রীৰ বিৰূদ্ধে অভদ্ৰ ভাষা প্ৰয়োগ কৰে। দলিত সকলৰ মাজত প্ৰভাব বিস্তাৰ কৰি গুজৰাট বিধানসভালৈ নিৰ্বাচিত হ’লেও ৰাজ্যত বা দেশত বিজেপিক উৎখাৎ কৰিবলৈ তিলমানো সক্ষম হোৱা নাই মেৱানী। তেওঁৰ বন্ধু আৰু মোদী বিৰোধী আন এজন অ’বিচি নেতা অলপেশ ঠাকুৰে বিজেপিত যোগ দিলে। হাৰ্দিক পেটেলেও কংগ্ৰেছ এৰাৰ কথা চলি আছে। ফলত হতাশ হৈছে মেৱানী। প্ৰধানমন্ত্রীৰ বিৰুদ্ধে পুণৰ অভদ্ৰ মন্তব্য কৰিলে তেওঁ । এইবাৰ সাঙোৰা হ’ল গোডছেক। প্ৰধানমন্ত্রীৰ আসনৰ এক সুকীয়া মৰ্যাদা আছে। দেশৰ প্ৰধানমন্ত্রী এজনৰ বিৰূদ্ধে এনে মন্তব্য যিকোনো বিবেকবান মানুহে কাম্য নকৰে। প্ৰধানমন্ত্রীজনৰ দল যিয়ে নহওক কিয়। এই ভুল কামৰ বাবে মেৱানীৰ শাস্তি প্ৰাপ্য। কিন্তু গুজৰাটত গ্ৰেপ্তাৰ কৰিলে সমাগত বিধানসভা নিৰ্বাচনত কিছু লোকৰ সহানুভূতি আদায় কৰিলেহেতেন জিগনেছে। তেওঁৰ উদ্দেশ্যও আছিল সেয়া। এনে পৰিস্থিতিত অমিত শ্বাহে আস্তাত ল’লে হিমন্ত বিশ্ব শৰ্মাক। নহ’লে বিটিএদিৰ অৰুপ দে জিগনেছক ভালদৰে জানে নে নাজানে তাত সন্দেহ আছে। মহিলা কনিষ্টবলক অশালীন ব্যবহাৰ কৰাৰ বাবে দ্বিতীয়বাৰ গ্ৰেপ্তাৰ হ’ল জিগনেছ। কৰ্টে ২৯ এপ্ৰিলত তেওঁৰ জামিন মঞ্জুৰ কৰিলে যদিও ৮ দিন জেলৰ ভাত খাবলগীয়া হ’ল। তেওঁক গ্ৰেপ্তাৰৰ বাবে বিজেপিৰ বাবে অসমতকৈ ভাল প্ৰদেশ নাছিল। উত্তৰ প্ৰদেশ বা মধ্যপ্ৰদেশত হ’লে বিৰোধী নেতাসকলে আন্দোলন , ধৰ্না আদিৰ বাবে সুযোগ পালেহেতেন। কিন্তু বিৰোধী শুন্য অসমত এইবোৰ চিন্তা নাই। জিগনেশ মুক্ত হৈ গুজৰাট নিৰ্বাচনত কি প্ৰভাব পেলায় সেয়া পিছৰ কথা কিন্তু এই ঘটনাটোৰ বাবে অসমে আকৌ এবাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিলে।