২০২৪ত কংগ্ৰেছে ২৪ খন আসনো নাপাব নেকি?

615

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


প্ৰশান্ত কিশোৰ কেতিয়া আহিব? প্ৰশান্ত কিশোৰ আহিবনে? প্ৰশান্ত কিশোৰ কিয় নাহে? বৰ্তমান ৰাষ্ট্ৰীয় ৰাজনীতিত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে প্ৰশান্ত কিশোৰ আৰু কংগ্ৰেছৰ মাজৰ আলোচনা। ৬০০ পাৱাৰ পইন্ট, ২০ ঘন্টাৰো অধিক আলোচনাৰ পিছত খৱৰ আহিল প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান নকৰে। প্ৰিয়াংকা গান্ধীকে আদি কৰি কেইজনমান কংগ্ৰেছৰ শীৰ্ষ নেতাই বিচাৰিছিল প্ৰশান্তে কংগ্ৰেছত যোগদান কৰক। কিন্তু ৰাহুল গান্ধীৰ বিশ্বস্ত অনুগত সকলে নিবিচাৰে তেওঁৰ দলত যোগদান। ছোনীয়া গান্ধীয়ে সকলোৰে লগত আলোচনা কৰি সিদ্ধান্ত ল’লে যে প্ৰশান্তক দলত যোগদান কৰিলেও অধিক ক্ষমতা দিয়া নহব। Empowerment  কমিতিৰ এজন সদস্য ৰূপে নিযুক্তি দিয়া হ’ব যত তেওঁ আন বহু নেতাৰ লগতে দলৰ পুনৰূদ্ধাৰৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিব। কিন্তু প্ৰশান্তৰ ইচ্ছা আছিল তেওঁ দলত লাভ কৰক এটা উচ্চ পদ। তেওঁ ৰিপোৰ্ট কৰিব বিচাৰে দলৰ সভাপতিক।  বংগত তেওঁৰ ২০২১ নিৰ্বাচনৰ আগত যি ভূমিকা আছিল তাৰ পুনৰাবৃত্তি বিচাৰিছিল তেওঁ কংগ্ৰেছ দলত। তেওঁ আন বহুতো পৰামৰ্শ দলক দিছিল। যেনে ৰাহুক গান্ধীক সংসদীয় দলৰ নেতাৰ দায়িত্ব দিয়া , গান্ধী পৰিয়ালৰ বাহিৰৰ এজনক কাৰ্য্যকৰী সভাপতি পদত নিযুক্তি দিয়া ইত্যাদি। কিন্তু ৰাহুল গান্ধীৰ অনুগত ৰনদীপ সুৰজেৱালা আদিয়ে নিবিচাৰে নিজৰ ক্ষমতা কৰ্তন হওক। ধাৰাবাহিক পৰাজয়ৰ পিছতো নিজৰ পদ খামুচি ধৰি থকা বহু নেতাৰ বাবে মূৰৰ কামোৰনি হৈ পৰিছিল প্ৰশান্ত কিশোৰৰ কংগ্ৰেছত যোগদান। প্ৰশান্তৰ যোগদানৰ পিছত যে বহু মুধাফটা নেতাই নিজৰ স্থান হেৰুৱাব সেয়া নিশ্চিত আছিল। সেয়েহে কংগ্ৰেছ আৰু প্ৰশান্তৰ মাজৰ বহু প্ৰত্যাশিত মিলন সম্ভব নহ’ল। ইয়াৰ ফলত সকলোতকৈ ক্ষতিগ্ৰস্ত হ’ব কংগ্ৰেছ দল। ভাৰতৰ ৰাজনীতিৰ চানক্য প্ৰশান্ত কিশোৰে বহু নেতাৰ ভাগ্য সলনি কৰিছে। তেনে ক্ষেত্রত কংগ্ৰেছ দলে এটা সুবৰ্ণ সুযোগ হেৰুৱালে। ইয়াৰ প্ৰভাব পৰিব ২০২৪ লোকসভা নিৰ্বাচনত। বিজেপিতকৈও কংগ্ৰেছৰ ডাঙৰ শত্ৰু  আপ আৰু তৃণমূল। এই দুটা দলে বিভিন্ন ৰাজ্যত মূৰ ডাঙি উঠাৰ ফলত কংগ্ৰেছ কিমান দিনলৈ প্ৰধান বিৰোধী দল হৈ থাকিব তাত সন্দেহ আছে। যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছে সৰ্বাধিক আসন দখল কৰিছিল কেৰেলা আৰু পঞ্জাবত। উত্তৰ আৰু পশ্চিম ভাৰত যেনে দিল্লী, হাৰিয়ানা, গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, মধ্যপ্ৰদেশ আদি যত বিজেপি আৰু কংগ্ৰেছৰ প্ৰত্যক্ষ যুঁজ হৈছিল তাত বিজেপি ৯০%ৰ অধিক আসনত জয়ী হৈছিল। ২০২৪ত ইয়াৰ কোনো পৰিবৰ্তন নহয়। বৃহৎ ৰাজ্য উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, তামিলনাডু আৰু অবিভক্ত অন্ধ্ৰত কংগ্ৰেছৰ কোনো অস্তিত্ব নাই। পঞ্জাৱত আপে লোকসভাৰ বেছিভাগ আসন দখল কৰিব। অসম তথা উত্তৰ পূবত কংগ্ৰেছ খাটা খুলিব নোৱাৰিবও পাৰে। কংগ্ৰেছৰ একমাত্র ভৰষা কেৰেলা আৰু কৰ্ণাটক। এইদুখন ৰাজ্যৰ পৰা সৰ্বাধিক ১৪ খন আসন দলটোৱে লাভ কৰিব পাৰে। ভাৰতৰ আন সকলো ৰাজ্য মিলি কংগ্ৰেছে আৰু ১০ খনতকৈ বেছি  আসন লাভ কৰাৰ সম্ভাবনা নাই। ফলত কংগ্ৰেছে ২০২৪ত ২৪ৰ দেওনা পাৰ হবনে নহয় তাত সন্দেহ আছে। আনফালে আপে পঞ্জাব, দিল্লী, গুজৰাট , হিমাচল আদিত ভাল প্ৰদৰ্শন কৰি কংগ্ৰেছৰ ওচৰ চপাৰ সম্ভাবনা আছে। তৃণমূল আৰু ডিমকেৰ মাজৰ এটা দলে নিজ ৰাজ্যত উন্নত প্ৰদৰ্শন কৰি বিৰোধী দলৰ মৰ্যাদা লাভ কৰিলেও আচৰিত হ’ব লগীয়া নাই। কংগ্ৰেছ নেতৃত্বই বুজা উচিত যে দলটো বৰ্তমান অস্তিত্বৰ সংকটত ভূগিছে। প্ৰশান্ত কিশোৰৰ ঔষধত দলটোৱে কিছু আৰোগ্য লাভ কৰাৰ সম্ভাবনা আছিল। এনেকৈ গৈ থাকিলে ২০২৪ৰ পিছত কোনো ডাক্তৰে দলটোক উদ্ধাৰ কৰিব নোৱাৰে।