অসমক বচাই মুখ্যমন্ত্রী হ’বলৈ সাজু ৫ নেতা

1119
  • দে‍ৱজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


গণতন্ত্ৰত বিৰোধী দললৈ ৰাজনৈতিক বিশ্লেষক সকলৰ কিছু দৰদ থাকে। ই নিতান্তই স্বাভাবিক কাৰণ শাসকীয় দলে ক্ষমতাত থকাৰ বাবে বহু সুবিধা লাভ কৰে। সংবাদ মাধ্যমে বিচাৰে নিৰ্বাচনী যুঁজ তীব্ৰ হওক। বাতৰিৰ টি.আৰ.পি তেতিয়াহে আহে যেতিয়া বিৰোধীয়ে শক্তিশালী ভাবে প্ৰত্যহ্বান জনাব পাৰে। ২০১৬ চনত ৫ ৰাজ্যত বিধানসভা নিৰ্বাচন হৈছিল যদিও ৰাষ্ট্ৰীয় মাধ্যমৰ চকু আছিল অসমত। ইয়াত প্ৰথমবাৰৰ বাবে বিজেপিয়ে  নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল। দুই ৰাষ্ট্ৰীয় দলৰ মাজৰ যুদ্ধ আছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাবে গৰম খৱৰ। এইবাৰ সকলো সংবাদ মাধ্যমৰ চকু পশ্চিম বংগত। মমতা বেনাৰ্জী বিজেপিৰ পৰা প্ৰবল প্ৰত্যহ্বানৰ সন্মুখীন হৈছে। অসমৰ নিৰ্বাচনকলৈ এই পৰ্য্যন্ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বিশেষ কোনো গুৰুত্ব দিয়া নাই। ইয়াৰ কাৰণ হ’ল কংগ্ৰেছ কিছুদিন আগলৈ সম্পূৰ্ণ বেকফুটত আছিল। বিশেষকৈ অজন্তা নেওগ আৰু ৰাজদীপ গোৱালাৰ বিজেপি গমনৰ পিছত এনে লাগিছিল যেন কংগ্ৰেছ এইবাৰ প্ৰতিদ্বন্দ্বিতাত নাই। কিন্তু বদৰুদ্দিন আজমলৰ লগত মিত্রতা কৰাৰ পিছত কংগ্ৰেছ দলৰ আত্মবিশ্বাস বৃদ্ধি পোৱা যেন অনুমান হয়। জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলে অসম কংগ্ৰেছক মন্ত্রণা দি আছে। কংগ্ৰেছৰ ‘অসম বচাও’ অভিযান আৰু কা বিৰোধী শ্লোগানেৰে ৰাইজৰ কাষ চাপিব চেষ্টা কৰিছে। কংগ্ৰেছ নেতাসকলে ৰাইজৰ মাজত ঘুৰিছে, দুখীয়াৰ ঘৰত ভাত খাইছে, সৰস্বতী পূজাত চেল্ফি উঠিছে। ৰিপুণ বৰা, প্ৰদ্যুত বৰদলৈ, দেবব্ৰত শইকীয়া, ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈক সন্মুখত ৰাখি কংগ্ৰেছে নিৰ্বাচনত জয়ী হোৱাৰ পৰিকল্পনা কৰিছে। কিন্তু এয়া যানো সম্ভব? বিজেপিৰ ৯০ লাখ হিতাধিকাৰী তথা স্বাস্হ্য, শিক্ষা আৰু লোকনিৰ্মান বিভাগত হোৱা কামবোৰ ৰাইজক পাহৰাই এই ৫ জন নেতাই কংগ্ৰেছৰ সপক্ষে বতাহ বলাবলৈ সক্ষম হ’বনে? এয়া সময়ে নিশ্চয় কব। কিন্তু কংগ্ৰেছৰ বৰ্তমান সকলোতকৈ ডাঙৰ সমস্যা যে ইয়াত সৰ্বগ্ৰহণ যোগ্য নেতাৰ অভাব। তৰুণ গগৈৰ উত্তৰসুৰী হ’ব পৰা কোনো নেতা দলত নাই। সেয়েহে ‘অসম বচাও’ অভিযানতো ব্যবহাৰ কৰা হৈছে তৰুণ গগৈৰ ফটো। সভাপতি ৰিপুণ বৰাৰ তীহাৰ জেলৰ বদনাম ৰ বাবে দলে তেওঁক আগত ৰাখিব খোজা নাই। মন্ত্রী হিচাপে সফল নাছিল ৰকিবুল হুছেইন আৰু প্ৰদ্যুত বৰদলৈ। দেবব্ৰত শইকীয়াৰ ৰাজনৈতিক দৃঢ়তাৰ অভাব। গৌৰৱ গগৈয়েতো ভালকৈ অসমীয়া কবই নাজানে। সেয়েহে উপাই নাপাই ভাগে ভাগে দায়িত্ব দি ৫ নেতাক নিৰ্বাচনী কামত লগাই দিছে হাইকামাণ্ডে। এই ৫ জন নেতাৰ ভিতৰত তুলনামুলক ভাবে প্ৰদ্যুত বৰদলৈৰ ৰাইজৰ মাজত গ্ৰহণযোগ্যতা বেছি। এই কথা প্ৰমাণ কৰিছে ৰাজনীতি অসমৰ অপিনিয়ন প’লেও। কংগ্ৰেছে বৰদলৈৰ ইমেজ গঢ়াৰ ক্ষেত্রত যদি যোৱা এবছৰ মানৰ পৰা কিছু পদক্ষেপ ল’লেহেতেন তেন্তে ই দলটোক নিৰ্বাচনত সহায় কৰিলেহেতেন। বৰ্তমান হিতাধিকাৰীৰে গিজগিজাই থকা অসমৰ জনসাধাৰণৰ দুঃচিন্তা যদি কংগ্ৰেছ আহিলে সুবিধাবোৰ নোহোৱা হৈ যায়। ৰাইজে এজন শক্তিশালী নেতা বিচাৰে যাৰ কথাক তেওঁলোকে বিশ্বাস কৰিব পাৰে। যিয়ে মুখ্যমন্ত্রী হ’লে নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰ পালন কৰে। ৫ জন নেতাক সন্মুখত ৰখাৰ ফলত ৰাইজ কিছু দ্বিধাগ্ৰস্থ হোৱা যেন অনুমান হয়। নিৰ্বাচনলৈ এতিয়া মাত্র ২৫ দিন। কংগ্ৰেছৰ ৫ মহাৰথীয়ে ৰাইজক কেনেকৈ পতিয়ন নিয়াই সেয়া লক্ষণীয় হ’ব। এই ৫ জন নেতাই হয়তো আশা কৰি আছে যে পৰবৰ্তী মুখ্যমন্ত্রী তেওঁ হ’ব।