আমেৰিকান কুকুৰৰ ভাগ্য

1127
  • নৱজিত ডেকা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


স্কুলত পঢ়ি থকা সময়ত ৰাজাক আমি ঘৰলৈ আনিছিলো। বগা ৰঙৰ ভুতীয়া কুকুৰৰ পোৱালিটো অহাৰ পিছত আমাৰ ঘৰৰ প্ৰতিজন সদস্যৰ ব্যস্ততা বৃদ্ধি পাইছিল। দেউতাই প্ৰাতঃ ভ্ৰমণৰ বাবে লৈ যোৱা, মায়ে তাক খোৱাৰ যোগান ধৰা, মই আৰু ভাইটিয়ে তাৰ মনোৰঞ্জন কৰা; সকলোৰে বিধে বিধে কাম। তাক পিঠিত মৰম কৰি দিলে ভৰি দুখন উপৰলৈ উঠাই মজিয়াত শুই যায়। তাৰ বুকুত হাত ফুৰাই দিলে খুব আমেজ পায়। ঘৰত মাছ মাংস বনালে সি তাৰ ভাগ পোৱাৰ উপৰিও আমি এৰি যোৱা হাড়, কাইটবোৰো খায়। সেইদিনা তাৰ মনত বিৰাট তৃপ্তি। লাহে লাহে সি আমাৰ পৰিয়ালৰ সদস্যৰ নিচিনা হৈ পৰিল। কুকুৰ থকা সকলো পৰিয়ালৰে তেনেকুৱাই হয়। অবশ্যে আমেৰিকাৰ কথা অলপ বেলেগ। যোৱা পাছ বছৰ আমেৰিকাত থাকি বুজিব পাৰিছো কুকুৰক আৰু কিমান যে সুবিধা দিব পৰা যায়। আমেৰিকাৰ প্ৰতিখন ষ্টেটত কুকুৰৰ বাবে সুকীয়া নিয়ম আছে। কেলিফৰ্নিয়াত কুকুৰৰ সুবিধাৰ কথাই সুকীয়া। ইয়াৰ প্ৰতিটো চুবুৰিত এখত শিশু উদ্যান থকাৰ লগতে আছে একোখন কুকুৰৰ উদ্যান। কুকুৰ বিলাকে ইয়াত অন্য কুকুৰৰ লগত দৌৰে, খেলে। মানুহে যেনেকৈ সামাজিক ভাবে মিলা মিচা কৰে , তেনেকৈয়ে কুকুৰবিলাকেও এই উদ্যানবোৰত তেনে সুবিধা লাভ কৰে। চৰকাৰখনো ইয়াত কুকুৰৰ প্ৰতি খুব সংবেদনশীল। মানুহে পাতত এৰি যোৱা মাছ, মাংস কুকুৰক দিব নোৱাৰে। কোনোৱাই তেনে কৰা গম পালে গৃহস্থৰ ওপৰত কেছ ৰুজু হ’ব। সকলোতকৈ আচৰিত কথাটো হ’ল ইয়াত কুকুৰৰ বাবে মনোবিজ্ঞানী ( dog psychiatric ) আছে। প্ৰতি মাহত এবাৰ তালৈ নিয়াতো বাধ্যতামূলক। কিছুমান কুকুৰ হতাশাত ভুগিব পাৰে। সেয়হে সিহতক চেক আপ কৰি থাকি চিকিৎসা কৰিবলৈ গৃহস্থ বাধ্য। কুকুৰবোৰ ইয়াৰ মানুহৰ খুব প্ৰিয়। নিজৰ পৰিয়ালৰ আন বাকী সদস্যতকৈও কুকুৰটোক এওলোকে বেছি ভাল পায়। সেয়েহে ঘৰৰ মানুহ এজন মৰিলে যিমান কান্দে কুকুৰ এটা মৰিলে মানুহবোৰে বেছিকৈ কান্দে। প্ৰায়ে দেখা যায় কুকুৰৰ funeral ।কুকুৰৰ নামত গৃহস্থই মন খুলি খৰছ কৰে। বিধে বিধে কাপোৰ, চাবোন, চেম্পু, খাদ্যৰ উপৰিও ঔষধৰ নামতো বহু খৰছ হয়। খৱৰ কাকতৰ এটা বাতৰি মতে এজন আমেৰিকানে ঘৰচীয়া জন্তুৰ নামত বছৰি প্ৰায় ৬৬২ ডলাৰ ( ৫০ হাজাৰ) টকা খৰছ কৰে।  এইবোৰ দেখি আমাৰ ৰাজালৈ বৰকৈ মনত পৰে। আজি কেইবছৰমান আগতে তাৰ মৃত্যু হৈছে। তাক চাগৈ আমি আৰু ভালকৈ যত্ন ল’ব পাৰিলোহেতেন।