কেজৰীৱালৰ গ্ৰেপ্তাৰৰ পিছত

177
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


দিল্লীৰ মুখ্যমন্ত্রী গ্ৰেপ্তাৰ হ’ল। এয়া দেশৰ এক নজীৰবিহীন ঘটনা। ইয়াৰ আগতে কোনোৱে মুখ্যমন্ত্রীৰ চকীত বহি থকাৰ সময়ত গ্ৰেপ্তাৰ হোৱা নাছিল। হেমন্ত চোৰেনেও মুখ্যমন্ত্রীৰ পদ ত্যাগ কৰাৰ পিছতহে আটক হৈছিল। অৰবিন্দ কেজৰিবালক ই.ডিয়ে আটক কৰাৰ পিছত মুলতঃ দুটা প্ৰশ্নৰ উদয় হৈছে।

সচাকৈয়ে কেজৰীৱাল দুৰ্নীতিত নিমজ্জিত হৈছিল নেকি?
আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰভাব কি হ’ব?

দিল্লীৰ আম আদমী চৰকাৰে নতুন সুৰা নীতি প্ৰবৰ্তন কৰি কিছুমাহ পিছত ইয়াক উঠাই লয়। অভিযোগ মতে কিছু মধ্যভোগী ইয়াৰ দ্বাৰা উপকৃত হয়। আম আদমী দলে এই টকাৰে পঞ্জাৱত নিৰ্বাচন খেলে। মনীষ চিচোদীয়া আৰু সঞ্জয় সিং ইতিমধ্যে একে কেচত জেলত আছে। কেজৰীৱালে দুৰ্নীতি কৰিছিল নে নাই সেয়া আদালতে নিৰ্ণয় কৰিব। কিন্তু এটা কথা লক্ষণীয় যে কিছু মাহৰ পৰা তেওঁৰ কথা-কামৰ পৰিবৰ্তন হৈছে। কংগ্ৰেছক ভ্ৰষ্টাচাৰী বুলি গালি পৰা কেজৰীৱালে আজি তেওঁলোকৰ লগত লগ লাগি নিৰ্বাচন খেলিছে। সাক্ষাৎকাৰত তেওঁক দুৰ্নীতিৰ কথা সুধিলে তেওঁ হিমন্ত বিশ্ব আৰু নাৰায়ন ৰাণেৰ উদাহৰণ দিয়ে। ‘বিজেপিৰ বোৰে পাৰিলে আমাৰ বোৰে কিয় নোৱাৰে?’ মনোভাব লৈছে যেন অনুমান হয়। আন্না আন্দোলনৰ পৰা জন্ম পোৱা , দুৰ্নীতিক প্ৰথম শত্ৰু বুলি ভবা কেজৰিৱালে বুজি উঠিলে নেকি যে নিৰ্বাচনী ৰাজনীতিত তিস্তি থাকিবলৈ দুৰ্নীতি কৰিবই লাগিব? অমিত শ্বাহৰ হাতত শক্তিশালী তথ্য নাথাকিলে নিশ্চয় তেওঁক গ্ৰেপ্তাৰ নকৰিলে হেতেন। আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰভাব পৰাৰ সম্ভাবনা খুব কম। আপ কেবল দিল্লী আৰু পঞ্জাৱত শক্তিশালী। এই দুখন ৰাজ্যক বাদ দি আন ৰাজ্যত ইয়াৰ কোনো প্ৰভাব নপৰে।