বহু দশকলৈ বিজেপি থাকিবঃ প্ৰশান্ত কিশোৰ

810

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


BJP is going nowhere for decades, প্ৰশান্ত কিশোৰৰ শেহতীয়া বক্তব্যলৈ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে। ভবা হৈছিল যে ২০২৪ লোকসভা নিৰ্বাচনত প্ৰশান্তে কংগ্ৰেছক সহায় কৰিব। কিন্তু এটা মত বিনিময় অনুস্থানত তেওঁৰ এই মন্তব্যৰ পিছত ৰাজনৈতিক বিশ্লেষক সকলে ভাবিবলৈ বাধ্য হৈছে যে কংগ্ৰেছৰ লগত তেওঁৰ deal নহ’ল। প্ৰশান্ত কিশোৰে আন কেইবাটাও গুৰুত্বপূৰ্ণ কথা কয়। মোদী থাকক বা নাথাকক বিজেপি ভাৰতৰ  ৰাজনীতিত অহা বহু দশকজুৰি centre stage ত থাকিব। কংগ্ৰেছে যেনেকৈ স্বাধীনতাৰ ৪০ বছৰ পিছত ভাৰতৰ ৰাজনীতিত সকলোতকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল আছিল ঠিক তেনেকৈ অহা ৪০ বছৰ বিজেপিৰ দিন। তেওঁলোক নিৰ্বাচনত হাৰিব পাৰে বা জিকিব পাৰে কিন্তু তেওঁলোকৰ গুৰুত্ব কম নহয়। ৩০% ভোট লাভ কৰা দল এটা সোনকালে নোহোৱা হৈ নাযায়। তেওঁৰ মতে ৰাহুল গান্ধীয়ে ভুল কৰিছে। গান্ধীয়ে ভাবে যে সময়ত ৰাইজে নিজে মোদীক ওফৰাই কংগ্ৰেছক গাদীত বহুৱাব। মোদী ৰাইজৰ মাজত কিয় ইমান জনপ্ৰিয় সেয়া কংগ্ৰেছে পৰ্যালোচনা কৰি নিজৰ ৰণনীতি প্ৰস্তুত কৰা উচিত। তাকে নকৰি যদি ৰাইজে মোদীক অপচন্দ কৰাক লৈ অপেক্ষা কৰা যায় তেতিয়া হয়তো কংগ্ৰেছৰ লাভ নহ’ব। প্ৰশান্ত কিশোৰে  পশ্চিম বংগত মমতা, তামিলনাডুত ষ্টেলিন আৰু অন্ধ্ৰত জগনক জয়ী হোৱাত সহায় কৰিছে। সেয়েহে তেওঁৰ কথাৰ এক সুকীয়া মহত্ব আছে। কংগ্ৰেছ নেতৃত্বই এই কথাবিলাক যদি অনুধাবন কৰি যদি নিজকে সংশোধন কৰিব পাৰে তেন্তে তেওঁলোকৰেই মংগল। নহ’লে ২০২৪তো বিৰোধী দলৰ নেতা নিৰ্বাচিত কৰিব পৰা নাযাব।