গাখীৰ নিদিয়া গৰুৰ দানা

768

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


উপনিৰ্বাচনৰ সময়ত অসমৰ বিভিন্ন ৰাজনেতাৰ সৈতে পুনৰ মুখামুখি হ’ল অসমৰ এজন বিশিষ্ট সাংবাদিকঃ
(১)
কতনু ভূঞাঃ আপোনালোকে গো সুৰক্ষাৰ কথা কৈ থাকে। তেনে স্থলত গাখীৰ নিদিয়া গৰুক দানা নিদিলে বাচি থাকিব কেনেদৰে?
বিমন্ত বিশ্বঃ মই দানা দিবহে মানা কৰিছো। খানা দিবলৈ মানা কৰা নাই নহয়। গাখীৰ দিয়া গৰুক চাপৰ, পূৰবী আদি খাব দি , গাখীৰ নিদিয়া বোৰক পথাৰত চৰিব দিলেই লেথা খটম। অবশ্যে অলপ ৰৈ যোৱা দানা দিলে বেয়া নহয়।
কতনু ভূঞাঃ কঞ্জিত দাসক সকলোৰে সন্মুখত ইমান গালি দিলে, কাৰণটো কি?
বিমন্ত বিশ্বঃ আপোনাৰ কাৰণে ইমান, ৰাইজে মোক কৈছে বোলে কম হৈছে। মানুহজনৰ কাম কেবল নকলবাজি। চিধা হৈ যাব, চিন্তা নাই।
কতনু ভূঞাঃ কলিতাইয়ো আবোল তাবোল বকি আছে, তেওঁ কেতিয়া চিধা হ’ব?
বিমন্ত বিশ্বঃ মানুহজনক পাণ দোকানী যেন লাগে। দেখিলেই কিবা গাটো পিৰপিৰাই যায়। তেওঁ চিধা হোৱা বিধৰ নহয়। ভগবানৰো সাধ্য নাই।
কতনু ভূঞাঃ উপ নিৰ্বাচনত কেইখন আসন পাব?
বিমন্ত বিশ্বঃ ৬ খন। এখনত বিৰোধীৰ দিপোজিট যাব।
কতনু ভূঞাঃ জিকাৰ ইমানেই নিশ্চয়তা আছে যদি এটা সমষ্টিত আপুনি ১৫-২০ খন মিটিং কৰিবলগীয়া হৈছে কিয়?
বিমন্ত বিশ্বঃ পৰিবাৰৰ পৰা যিমান দূৰত থাকিব পাৰি সিমানে ভাল। আপোনাৰ সমস্যাটো নাই নেকি?
কতনু ভূঞাঃ আজিলৈ হ’ব নেকি?
  (২)
কতনু ভূঞাঃ অপুনি কংগ্ৰেছৰ লগত মিত্রতা কিয় কৰিলে?
কুলিন গগৈঃ এয়া মিত্রতা নহয়, এক বুজা পৰা। সকলো দল বিজেপিৰ বিৰূদ্ধে একত্রিত হৈ এজন প্ৰাৰ্থী দিব লাগে।
কতনু ভূঞাঃ দুটা দল লগ হৈ এজন ঐমহতিয়া প্ৰাৰ্থী দিলেই তাক মিত্রতা বুলি কয়। আপোনাৰ মতে মিত্রতাৰ সংজ্ঞা কি?
কুলিন গগৈঃ মিত্রতা মানে দুটা দলৰ প্ৰধানৰ মাজত আলিংগন হ’ব লাগিব, মৰম হ’ব লাগিব। যেতিয়ালৈকে সেইবোৰ নহয় মিত্রতা কেনেদৰে হ’ব? আমিতো এইবোৰ একো কৰা নাই।
কতনু ভূঞাঃ ভবানীপুৰত আপুনি কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাবলৈ গৈছে। এয়া মিত্রতা নহয় যদি কি?
কুলিন গগৈঃ শ্যামা প্ৰসাদ মুখাৰ্জী মুছলিম লীগৰ লগত আছিল। কমিউনিষ্ট বিজেপিৰ লগত আছিল। প্ৰফুল্ল আৰু ভৃগু বন্ধু আছিল। ১৯৪৭ চনত ভাৰত স্বাধীন হৈছিল। চাদুল্লা অসমৰ মুখ্যমন্ত্রী আছিল। জয় আই অসম।
কতনু ভূঞাঃ আপুনি কি কৈছে মই হলে একো বুজা নাই।
কুলিন গগৈঃ মই নিজেই বুজা নাই, আপুনি আৰু কৰ পৰা বুজি পাব?
(৩)
কতনু ভূঞাঃ জোনদা ইমান গুণ্ডা কিয়?
কুপেন বৰাঃ মই কি জানিম? জোনদাক সোধক, কিয় ইমান গুণ্ডা?
কতনু ভূঞাঃ আপোনালোকে মুল্যবৃদ্ধিক লৈ ইমান চিঞৰি থাকে, তেন্তে যোগান মন্ত্রীক গালি দিলে কিহৰ ইমান আপত্তি?
কুপেন বৰাঃ এয়া cheating, এনেকৈ হ’লে কিন্তু মই নেখেলো। আমি ক’ব লগা কথাবোৰ জোনদাই কিয় ক’ব?
কতনু ভূঞাঃ দলটো শক্তিশালী কৰিবলৈ কি কৰিছে?
কুপেন বৰাঃ কি কৰিম আৰু ভগবানক প্ৰাৰ্থনা কৰিছো। তুমি চিত্ত…