মিজোৰামৰ পৰা গৈ বাংগালোৰৰ চুপাৰ কপ

1118
  • দেবজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


চাংলিয়ানাৰ জন্ম হৈছিল মিজোৰামত কিন্তু তেওঁৰ জনপ্ৰিয়তা সকলোতকৈ বেছি বাংগালোৰতহে। ১৯৬৭ চনত আই.পি.এছ পৰীক্ষাত উত্তীৰ্ণ হৈ চাংলিয়ানাই বাংগালোৰত চাকৰিত যোগদান কৰে। নিজৰ কঠোৰ পৰিশ্ৰম আৰু নিয়মানুবৰ্তিতাৰ বাবে চাংলিয়ানা কৰ্ণাটক ৰাজ্যৰ ডি.জি.পি পদ পাবলৈ সক্ষম হয়। তেওঁ এজন নিকা পুলিছ অফিছাৰ বুলি সুনাম বুতলিবলৈ সক্ষম হয়। কুখ্যাত অপৰাধী বিৰাপ্পানক ধৰিবলৈ যি তাস্ক ফৰ্চ গঠন কৰে তাৰ মুৰব্বী পদো দিয়া হৈছিল চাংলিয়ানাক। ডি.জি.পি হৈ থকা কালত অপৰাধী সকলৰ ত্রাসৰ কাৰণ আছিল তেওঁ। আনকি নিজৰ পত্নীৰ বিৰূদ্ধেও কেছ ৰুজু কৰিছিল চাংলিয়ানাই। ইয়াৰ কাৰণ হ’ল পত্নীয়ে বজাৰত যাবলৈ ব্যবহাৰ কৰিছিল চৰকাৰী গাড়ী। ৰাইজৰ মাজত চাংলিয়ানা ইমানেই জনপ্ৰিয় আছিল যে তেওঁকলৈ কানাড়া ভাষাত তিনিখন ছবি নিৰ্মান কৰা হৈছে। ২০০৩ চনত চাকৰিৰ পৰা অবসৰ লৈ তেওঁ বিজেপি দলত যোগদান কৰে। ২০০৪ চনত বাংগালোৰ উত্তৰ লোকসভা আসনৰ পৰা আন ৩৩ জন নেতাক পিছ পেলাই তেওঁ টিকট পাবলৈ সক্ষম হয়। তেওঁৰ সন্মুখত আছিল সেইসময়ৰ কংগ্ৰেছৰ জনপ্ৰিয় নেতা আৰু প্ৰাক্তন ৰেলমন্ত্রী চি.কে জাফৰ শ্বৰিফ। চাংলিয়ানাই শ্বৰিফক পৰাজিত কৰি সেই বছৰ জায়েন্ট কিলাৰৰ খিতাপ লাভ কৰে। নিউক্লিয়াৰ বিলৰ ভোটদানৰ সময়ত তেওঁ কংগ্ৰেছৰ সপক্ষে ভোটদান কৰে তথা ২০০৯ চনত কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলে। কিন্ত তেওঁ  বিজেপিৰ সাংসদ পি.চি. মোহনৰ হাতত পৰাজিত হয়। বৰ্তমান বাংগালোৰত নিগাজিকৈ বাস কৰা চাংলিয়ানাৰ চাৰিজনী কন্যা সন্তান আছে।
চাংলিয়ানাৰ বিতৰ্কিত মন্তব্য
বিভিন্ন সময়ত বিভিন্ন  মন্তব্যৰে বিতৰ্কত সোমাই পৰে চাংলিয়ানা। পুলিছ হৈ থকা সময়ত মহিলাসকলক নখ দীঘল আৰু লগত জলকীয়া গুৰি লৈ থাকিবলৈ পৰামৰ্শ দিছিল। বিজেপিত যোগদান কৰিয়ে তেওঁ কৈছিল যে ভাৰতীয় জনতা পাৰ্টীক ভাৰতীয় জিচাছ পাৰ্টীলৈ পৰিবৰ্তন কৰিব। ইয়াকে লৈ দলৰ ভিতৰতে বহু অসন্তোষ হৈছিল। শেহতীয়াকৈ দিল্লীত বালাৎকাৰৰ চিকাৰ নিৰ্ভয়াৰ মাতৃক সাহসিকতাৰ বটা প্ৰদান অনুষ্ঠানত চাংলিয়ানাৰ কথা শুনি সকলোৰে চকু কপালত উঠে। তেওঁ কৈছিল নিৰ্ভয়াৰ মাতৃৰ চেহেৰা দেখি তেওঁ অনুমান কৰিব পাৰিছে যে নিৰ্ভয়া কিমান ধুনীয়া আছিল।
ভাল, বেয়াৰ মাজতো এটা কথা কব লাগিব কৰ্ণাটকত চাংলিয়ানাৰ ইমেজ এজন চুপাৰ cop ৰ। উত্তৰ পূৰ্বাঞ্চলৰ পৰা গৈ এজন ব্যক্তি ভাৰতৰ আই.টি ৰাজধানীত ইমান জনপ্ৰিয় হোৱাতো আমাৰ বাবে নিশ্চয় গৌৰৱৰ বিষয়।