অখিলে লওঁক কংগ্ৰেছৰ নেতৃত্ব

1398
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


মই কংগ্ৰেছৰ সদস্য নহয় বা হবলৈ মনো নাই। তথাপিও মই ভাৰতবৰ্ষত কংগ্ৰেছ শক্তিশালী হোৱাটো বিচাৰো। স্বাৰ্থ এটাই_ জনবিৰোধী নীতি বিলাক লোৱাৰ পৰা চৰকাৰক বিৰত ৰখা। স্বাধীনতাৰ পিছৰে পৰাই ২০১৪ চনলৈ বাজপেয়ী চৰকাৰৰ ৬ বছৰ বাদ দিলে ভাৰতত কংগ্ৰেছৰ প্ৰায় একচত্রী শাসন আছিল। এতিয়া ৰামো নাই সেই অযোধ্যাও নাই। দুটা লোকসভা নিৰ্বাচনত কংগ্ৰেছে আনকি বিৰোধী দলৰ দলপতিৰ আসনখনো পাবলৈ সক্ষম হোৱা নাই, অহা নিৰ্বাচনতো পোৱাৰ সম্ভাবনা নাই। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি বিজেপিয়ে ৰাইজক মূল্যবৃদ্ধিৰ ৰামটাঙোন সোধাইছে। পেট্ৰল, ডিজেল, ৰন্ধন গেছ তথা আন নিত্য ব্যবহাৰ্য্য সামগ্ৰীৰ মূল্যই দৈনিক নতুন ৰেকৰ্ড গঢ়িছে। ৰজাঘৰীয়াৰ কোনো কানসাৰ নাই। “মোদীক ভোট নিদি কাক দিবি?” এনে চিন্তাৰে আগবাঢ়িছে বিজেপি চৰকাৰ। অটল বিহাৰী বাজপেয়ী চৰকাৰেও পেট্ৰলৰ মুল্যবৃদ্ধি কৰাৰ আগতে এশবাৰ চিন্তা কৰিছিল। পিয়াজৰ মুল্যবৃদ্ধিৰ বাবে বিজেপি দিল্লী, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ বিধানসভা নিৰ্বাচনত পৰাজিত হৈছিল। কাৰণ সেইসময়ত কংগ্ৰেছ শক্তিশালী আছিল, বিৰোধীক চৰকাৰে সন্মান কৰিছিল।
বহু কংগ্ৰেছীৰ বাবে অপ্ৰিয় হ’লেও সত্য যে ড° হিমন্ত বিশ্ব শৰ্মা অসমৰ এজন অতিকে জনপ্ৰিয় মুখ্যমন্ত্রী। হিমন্ত বিশ্বৰ ওচৰে পাজৰেও কংগ্ৰেছৰ কোনো নেতা নাই। দক্ষতা, বাকপটুতাৰ ফালৰ পৰা শৰ্মাক যদি ১০ৰ ভিতৰত ৮ নম্বৰ দিয়া যায় তেন্তে কংগ্ৰেছৰ কোনো এজন নেতা নাই যিয়ে আনকি ৪ নম্বৰো লাভ কৰিব পাৰে। চেহেৰাক লৈ হোৱা আজিকালিৰ ভাৰতীয় নিৰ্বাচনত সেয়েহে কংগ্ৰেছৰ সুদিন ঘুৰি আহিব বুলি ভবা অবাস্তব। আগত যেতিয়া টি.ভি বা চচিয়েল মিডিয়াৰ প্ৰভাব নাছিল তেতিয়া বহু ক্ষেত্রত ভাল কাম কৰিলেও প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবে শাসক দল পৰাজিত হৈছিল। এতিয়া শাসক দলৰ একো একোজন কৰিজমেটিক নেতাই প্ৰতি দিনে চচিয়েল মিডিয়াৰ যোগেদি ৰাইজৰ লগত বাৰ্তালাপ কৰি থাকে। সেয়েহে হিমন্ত বিশ্ব শৰ্মাক অনাগত দিনত পৰাজিত কৰা কংগ্ৰেছৰ বাবে অসম্ভব। বিৰোধীৰ সকলোতকৈ শক্তিশালী চেহেৰা হ’ল অখিল গগৈ। ৰাজনীতি অসমৰ অ’পিনিয়ন প’লটো এয়া প্ৰমাণিত হৈছে। অখিল গগৈ আৰু কংগ্ৰেছ যদি লগ লাগে তেতিয়াহে হিমন্ত বিশ্বক প্ৰত্যাহ্বান জনাব পৰা যাব। কিন্তু কংগ্ৰেছে অসমত অখিলক জাগা দিব বিচৰা নাই। দিল্লী বিধানসভাত  আম আদমী পাৰ্টীয়ে কংগ্ৰেছৰ ভোটবিলাক দখল কৰি দলটোক মষিমুৰ কৰি পেলাইছে। তেনে এক আশংকাই কংগ্ৰেছক খেদি ফুৰিছে। অসম আৰু দিল্লীৰ জনগাঠনিৰ তুলনা নহয়। অসমত কংগ্ৰেছৰ ভেটি আছে , সেয়েহে অখিলৰ পক্ষে দল এটা গঠন কৰি কংগ্ৰেছৰ ভোটাৰবিলাকক নিজৰ ফলীয়া কৰি লোৱা ইমান সহজ নহয়। হয়তো ইয়াৰ বাবে অখিলক বহু বছৰ লাগিব। বৰ্তমান অসমৰ ৰাজনৈতিক প্ৰেক্ষাপতত কংগ্ৰেছ আৰু অখিল গগৈ এটা আনটোৰ পৰিপূৰক। অখিলক এটা দল লাগে যাৰ বুথ পৰ্য্যায়ত কৰ্মী আছে আৰু কংগ্ৰেছক এজন নেতা লাগে যিজনে হিমন্ত বিশ্ব শৰ্মাৰ লগত যুদ্ধ দিব পাৰে। অকলে যুঁজি ভাগৰি পৰি কানহাইয়া কুমাৰে যোৱা মাহত কংগ্ৰেছত যোগদান কৰিছে। পেটেল আন্দোলনক নেতৃত্ব দিয়া হাৰ্দিক পেটেল আজি গুজৰাট কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি। অসমতো বিজেপিয়ে ১৯৯৯ চন মানৰ পৰাই লোকসভা নিৰ্বাচনত যঠেষ্ট ভোট লাভ কৰি আহিছিল। কিন্তু নেতৃত্বৰ অভাবত বিধানসভাত ভাল ফলাফল প্ৰদৰ্শন কৰিব পৰা নাছিল। সোণোৱাল আৰু শৰ্মাৰ যোগদানৰ পিছতে দলৰ আসন বৃদ্ধি পালে ৫ ৰ পৰা ৬০ খনলৈ। দলত যোগদান কৰাৰ এবছৰ মানৰ ভিতৰতে সোণোৱালক সভাপতিৰ দায়িত্ব দিয়া হয়। সেয়েহে যিমানে কংগ্ৰেছ আৰু অখিল দূৰে দূৰে থাকে সিমানে বিজেপিৰ লাভ। সময় থাকোতে অখিল গগৈ কংগ্ৰেছত যোগদান কৰি দলটোৰ নেতৃত্ব লব লাগে।