৪,৪,৬,৪,৬,১

272
  • দেৱজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


২০২৩ চনৰ আইপিএলত অসম সন্তান ৰিয়ান পৰাগৰ প্ৰদৰ্শন আছিল শোচনীয়। ৭ খন খেল খেলি তেওঁ মাত্র ৭৮ ৰান কৰিবলৈ সক্ষম হৈছিল। তেওঁক সামাজিক মাধ্যমত সাংঘাতিক ভাবে ট্ৰোল কৰা হৈছিল। হস্ৰা ভোগলেৰ নিচিনা নামী কমেনট্ৰেতৰে ঠাট্টা কৰি কৈছিল ৰাজস্তান ৰোয়লছত ৫জন বেটাৰ, ৫ জন বোলাৰ আৰু ৰিয়ান পৰাগে খেলে। ২২ বছৰীয়া ক্ৰিকেটাৰজনে নিৰাশ নহৈ কষ্ট অব্যাহত ৰাখে। ৰঞ্জী খেলত তেওঁ দুৰ্দান্ত ফৰ্মেৰে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰি বটা লাভ কৰে। ঘৰুৱা খেলত তেওঁ ৪ নম্বৰত বেটিং কৰে। আনহাটে আই.পি.এলত তেওঁক ৬ বা ৭ নম্বৰত বেটিং কৰিবলৈ দিয়া হৈছিল। ৰাজস্তানৰ কোচ সংঘাকাৰাই এইবাৰ ৰিয়ানক আইপিএলত ৪ নম্বৰত বেটিং কৰিবলৈ সুবিধা দিয়ে। প্ৰথম খেলত তেওঁ এল.এছ.জিৰ বিৰূদ্ধে ২৯টা বলত ৪৩ ৰাণ কৰে। দিল্লীৰ বিৰূদ্ধে ৰাজস্তানে খুব কম সময়ত ৩টা উইকেট হেৰুৱাই। ৰিয়ানে প্ৰথমতে খুব সাবধানেৰে দায়িত্বসহকাৰে খেলি ২৬ টা বলত ২৬ ৰাণ কৰে। শেষৰ ১৯টা বলত ৫৮ ৰাণ কৰি তেওঁ দিল্লীৰ বলাৰসকলৰ মাজত ত্রাসৰ সৃষ্টি কৰে। ইনিংছৰ অন্তিম অভাৰত নকিয়াক তেওঁ ৪, ৪, ৬,৪, ৬ ,১ কোবাই মুঠ ২৫ ৰান সংগ্ৰহ কৰে। তেওঁৰ সমালোচক সকলৰ মুখ বন্ধ কৰি তেওঁ ভাৰতীয় ক্ৰিকেটৰ নিৰ্বাচক সকলকো মেচেজ দিলে। মুম্বাইৰ বিৰূদ্ধে ১ এপ্ৰিলত ৰিয়ানে অপৰাজিত ৫৪ ৰান কৰি অৰেঞ্জ কেপ দখল কৰে। আইপিএলৰ বাকী খেলসমূহৰ যদি আৰু দুখন বা তিনিখনতো ৰিয়ানে ভাল খেলে তেন্তে প্ৰথম অসমীয়া হিচাবে তেওঁ ভাৰতীয় দলত স্থান লাভ কৰাটো প্ৰায় নিশ্চিত।  আমাৰ জিবিত কালত ভাৰতীয় ক্ৰিকেট দলত এজন অসমীয়াৰ খেল চোৱাৰ হেপাহ আছিল। সেই সপোন দিঠকত পৰিণত হ’বলৈ গৈ আছে।