ৰেল গোহাঁইৰ ভুল বুজা বুজি আৰু বলিউড

6217

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)

  • চবিন বসুমতাৰী

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


ভুল বুজাবুজি… এইটো এটা সাংঘাতিক বস্ত্ত । এই ভুল বুজাবুজিৰ বাবে এই জগতত বহুতো ডাঙৰ ঘটনা সংঘটিত হৈছে। উৰা জাহাজৰ বা ৰেলৰ দুৰ্ঘটনা বিলাকো সংঘাতিত হয় চালকৰ ভুল বুজাবুজিৰ বাবে। এই ভুল বুজাবুজিৰ বাবেই পতি-পত্নী, প্ৰেমিক-প্ৰেমিকা, ভাই-ককাই  , পিতা-পুত্রৰ মাজত কাজিয়া লাগে। এই বস্ত্তটোৰ উৎপত্তি যে কলি যুগত হৈছে তেনে নহয়, দ্বাপৰ আৰু ত্রেতা যুগতো বহু ভুল বুজাবুজি হৈছিল। ভুল বুজাবুজিৰ বাবেই প্ৰভু ৰামচন্দ্ৰই সীতামাতাক বনলৈ পঠাই দিছিল। ‘অশ্বত্থামা হত কিন্তু এটা গজ’,এই ভুল বুজাবুজিৰ বাবে দ্ৰোণাচাৰ্য্যই নিজৰ জীবন ত্যাগ কৰিবলগীয়া হৈছিল।

       ৰাজনীতিতো ভুল বুজাবুজিৰ বহুতো উদাহৰণ আছে। পাছোৱানৰ দৰে নেতাই প্ৰতি নিৰ্বাচনৰ আগতে নিজৰ ভুল বুজাবুজিৰ কথা স্বীকাৰ কৰি এটা বিপৰীত মেৰুত থকা দলৰ লগত যোট বন্ধন কৰে। ভুল বুজাবুজিৰ বাবে আদৱানীয়ে জিন্নাক চেকুলাৰ বুলি কৈছিল। অসমতো ডঃ শৰ্মাৰ দৰে নেতা কেবল ভুল বুজাবুজিৰ বাবে ২৪ বছৰ কংগ্ৰেছত আছিল। যোৱা মাহত আকৌ এটা ডাঙৰ ভুল বুজাবুজি হ’ল। ভুল বুজাবুজিৰ বাবে দুগৰাকী মহিলাই অসমৰ এজন মুধা ফুটা নেতা ৰেল গোহাঁইৰ ওঁপৰত ধৰ্ষণৰ অভিযোগ আনিলে। ভুল বুজাবুজিৰে ধৰ্ষণৰ দৰে ঘটনা সংঘাতিত হোৱা অকল অসমতে নহয় গোটেই বিশ্বৰ ভিতৰতে বিৰল। বলিউডতো এই ঘটনাতোৱে আলোৰণৰ সৃষ্টি কৰিছে। বহু অভিনেতা অভিনেত্রীয়ে ইয়াক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। টুইটাৰৰ যোগেদি (#গোহাঁইৰ খেল বলিউড ফেল) মত প্ৰকাশ কৰা কেইটামান এনে প্ৰতিক্ৰিয়া আমি ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰিলো।
  • গোহাঁইৰ বয়স হ’ল নাতি-নাতিনীৰ সৈতে খেলা কৰা। তেখেতে এইবিলাক কি খেল খেলি আছে? তেখেত এইবাৰো কিন্তু  বাচি গ’ল, নিৰ্বাচনতো জিকি যাব। এনে লাগিছে গোহাঁইক পৰাজিত কৰা মস্কিলে নহয় অসম্ভব হৈ পৰিছে। @ অমিতা বচন
  • মই মহাভাৰতৰ কাহিনীৰ আধাৰত এখন ছবি নিৰ্মাণ কৰি আছো। দুঃশাসনৰ চৰিত্ৰৰ বাবে অভিনেতা বিচাৰি হাবাথুৰি খাই আছো। i think my search ends here @হৰণ জোহৰ 
  • গোহাঁইৰ ঘটনাতোৱা মোৰ অন্তৰত বৰ আঘাত দিলে। সংস্কাৰ, সৎ বিচাৰ, আদৰ্শ আদি মোৰ তেজত প্ৰবাহিত হৈ আছে। মই জন্ম হৈয়ে মোৰ পিতা মাতাৰ ভৰিত ধৰি সেৱা কৰিছিলো। জীবনত ময়ো মানুহৰ পৰা কেবল সন্মান আৰু সেৱাই পালো। @অলক নাথ
  • ডাঙৰ ডাঙৰ দেশত এনে সৰু ঘটনা হৈয়ে থাকে। DDLJ ত ইউৰোপত মদ্য পান কৰাৰ পিছত চিমৰান আৰু মই যেতিয়া এটা ৰুমত থাকিবলগীয়া হয়, ৰাতিপুৱা চিমৰানে উঠি মোক ভুল বুজিছিল। ঠিক তেকেকুৱা চাগে ৰেল গোহাঁইৰ লগতো হৈছিল। By the way…ৰেল মই খুব ভাল পাও ..চইয়া চইয়া মনত আছে নহয়? @চাৰকুক খান
  • গোহাঁইৰ মাতত কিবা এটা যাদু আছে। তেখেতৰ ‘বে’ কোৱাৰ ষ্টাইলটো মোৰ বৰ ভাল লাগিছে। @ মানি লিওনি
  • এনে লাগিছে যেন জীবনত মই একোৱে কৰিব নোৱাৰিলো। মই বলিউদৰ পৰা অবসৰ লোৱাৰ কথা ভাবিছো। @ কিমৰান হাচমি
  • কেবল মাত্র অসম পৰ্যটনক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ নিমিত্তে মই নিকুৰ লগত বিয়া হ’লো। কিন্ত্ত গোহাঁইৰ এনে কাৰ্য্যত মোৰ এতৰাজ আছে। @ নিয়ংকা চোপ্ৰা
  • মই বলিউদত ৪০ বছৰ চাকৰি কৰিলো। মোৰ ভয়ত সকলো হিৰোইন কম্পমান। গাভৰু ছোৱালী থকা যিকোনো ঘৰতে মোৰ প্ৰবেশ নিষিদ্ধ। মই ভাবি আছিলো মই এই ভাৰতবৰ্ষৰ  অঘোষিত কামদেব। কিন্ত্ত ৬৭ বছৰীয়া গোহাঁইৰ কথা শুনি মই….ভাষা নাই , আবেগিক হৈ গ’লো। আজিৰ পৰা তেখেতে মোৰ গুৰু। @ভক্তি কাপুৰ