অসমত বিজেপিৰ নাই এজনো সফল সাংসদ !

10286

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২০১৪ লোকসভা নিৰ্বাচনত অসমৰ পৰা বিজেপিৰ ৭ জনকৈ সাংসদ নিৰ্বাচিত হৈছিল। এই সাতজন সাংসদৰ কোনোজনে বিগত ৪.৫ বছৰত কোনো উল্লেখযোগ্য কাম কৰা নাই যাৰ বাবে সমষ্টিবাসী বা অসমবাসীয়ে গৌৰৱ কৰিব পাৰে। কিছুমান নিত্য নৈমিত্তিক প্ৰশ্ন এওঁলোকে সংসদত উত্থাপন কৰিছে হয় কিন্তু অসমবাসীয়ে এওঁলোকৰ পৰা বহু বেছি আশা কৰিছিল। কব গ’লে ৭ জনৰ পৰা এজনো সফল সাংসদ আমি নাপালো। এতিয়া আকৌ ভূতৰ ওপৰত দানহ পৰা দি বিভিন্ন কেলেংকাৰীত এওঁলোকৰ নাম সংযুক্ত হৈছে। এজনৰ ওপৰত ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল, আন এজনৰ নাম এপিএছচি কেলেংকাৰীত সাঙোৰ খাইছে ।

পৰিতাপৰ কথা যে মোডীৰ মন্ত্ৰীসভাত এজনো সাংসদে কেবিনেট স্থান নাপালে । বৰ্তমান ৰেল ৰাজ্য মন্ত্রী হিচাপে অসমক প্ৰতিনিধিত্ব কৰি আছে ৰাজেন গোহাঁইয়ে। ইয়াৰ আগতে স্বতন্ত্ৰ ৰাজ্যিক মন্ত্রী হিচাপে দায়িত্ব পাইছিল সৰ্বানন্দ সোনোৱালে। হিমাচল প্ৰদেশৰ দ্বৰে ক্ষুদ্ৰ ৰাজ্য যত মাত্র ৪ খন আসন আছে, জে.পি নদ্দা সেই ৰাজ্যৰ পৰা স্বাস্হ্যৰ নিচিনা গুৰুত্বপূৰ্ণ কেবিনেট মন্ত্রী হৈছে। দিল্লীতো মাত্র ৭ খন আসন ‍আছে , হৰ্ষবৰ্দ্ধনে কিন্তু কেবিনেট মন্ত্রীৰ মৰ্য্যাদা পাইছে । এইটোৱে প্ৰমাণ কৰে যে মোডী ডাঙৰীয়াই অসমৰ পৰা নিৰ্বাচিত ৭ জনৰ এজনকো কেবিনেটৰ বাবে যোগ্য বুলি নাভাবিলে । এই ৭ জনৰ ভিতৰত ৪ জন প্ৰথম বাৰৰ বাবে সাংসদ নিৰ্বাচিত হৈছিল । আনহাতে ৰাজেন গোহাঁই চতুৰ্থ বাৰ, বিজয়া চক্ৰৱৰ্তী তৃতীয় বাৰ তথা ৰমেন ডেকা দ্বিতীয় বাৰ জয়ী হৈ সংসদৰ মজিয়া পাইছে । এই তিনিজনৰ এজনো মোডী ডাঙৰীয়াৰ তুলাচনীত নুঠাতো অসমৰ বাবে দুৰ্ভাগ্যৰ বিষয় । কেবিনেটত দেশৰ বহুতো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হয়। ইয়াত চৰকাৰৰ নতুন পৰিকল্পনাৰ ওপৰত আলোচনা  হয় তথা চলি থকা প্ৰকল্পবোৰৰ খতিয়ান লোৱা হয় । এই আলোচনা বোৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দৃষ্টিকোনৰ পৰা কথা কবলৈ কোনো নাই । ৰাজ্যিক মন্ত্রীৰ ক্ষমতা তেনেই সীমিত । ৰেল ৰাজ্যিক মন্ত্রীয়ো দুজন (আনজন মনোজ সিনহা), তাৰে এজন আমাৰ গোহাঁই । এনে লাগে যেন কোনোমতে তেখেতক তাত অসমৰ কোটাত ফিট কৰা হৈছে ।

ৰাজনীতি অসমৰ অ’পিনিয়ন প’লতো এটা কথা স্পষ্ট হৈছে যে অসমৰ ৰাইজ বিজেপিৰ সাংসদ সকলৰ প্ৰদৰ্শনত সন্তুষ্ট  নহয় । আগষ্ট মাহত প্ৰকাশ পোৱা এই অ’পিনিয়ন প’লত বিজেপিৰ সাংসদ সকলৰ প্ৰদৰ্শন পুতৌ লগা । একমাত্ৰ আৰ.পি শৰ্মাই অলপ মান ৰক্ষা কৰিছে।

কিয় বিফল হৈছে অসমৰ বিজেপি সাংসদ?

সাংসদ হবলৈ প্ৰধানত দুটা গুনৰ দৰকাৰ । প্ৰথমতে হিন্দী বা ইংৰাজীত যিকোনো এটা ভাষাৰ ওপৰত দখল থাকিব লাগিব । দ্বিতীয়তে আলোচনাৰ বিষয় বিলাকৰ ওপৰত জ্ঞান তথা অধ্যয়ন দৰকাৰ । আমি ভাবো বিজেপিৰ সাংসদ কেইজনৰ এই দুয়োটা বস্তুৰে অভাব । তুলনামূলক ভাবে বিশ্বজিৎ দৈমাৰী, গৌৰৱ গগৈ, সুস্মীতা দেৱ আৰু বদৰুদ্দিন আজমল সংসদত কিছু পৰিমাণে সফল হৈছে । গৌৰৱৰ ইংৰাজী, সুস্মীতা আৰু আজমলৰ হিন্দী  ভাল আৰু দৈমাৰী দেৱৰ জ্ঞানৰ পৰিসীমা বহু বহল আৰু হিন্দী বা ইংৰাজী ক’ব পাৰে ।

২০১৯ত কি হব?

এটা কথা ঠিক যে একমাত্ৰ প্ৰদৰ্শনৰ ভিত্তিত জয় পৰাজয় নিৰ্ভৰ নকৰে । কৰাহেতেন দীপ গগৈ বা মনি কুমাৰ চুব্বা একাধিকবাৰ বিজয়ী নহ’লহেতেন । নিৰ্বাচনৰ সময়ত সৃষ্টি হোৱা সমীকৰণ বোৰেহে জয় পৰাজয় নিৰ্ণয় কৰে । ২০১৪ত সাংগঠনিক দুৰ্বলতা থকা স্বত্তেও মোডী ঢৌৱে বিজেপিক অসমৰ পৰা সাত খন অাসন দিলে । ২০১৯ ত কি পৰিস্হিতি হয় এতিয়াই কোৱা টান। অগপ আৰু বিপিএফৰ লগত মিত্রতা হ’লে বিজেপিয়ে অকলে ১০ খন আসনত প্ৰতিদ্বন্দ্বীতা কৰাৰ সম্ভাবনা আছে । যদিও মঙ্গলদৈ আৰু তেজপুৰ মিত্ৰ দলে ওপৰঞ্চি বিচাৰিব পাৰে । কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী আৰু  বিসম্বাদ নাথাকিলে  অসমত বিজেপিৰ অমিত শ্বাহে দিয়া টাৰ্গেত পূৰণ কৰাতো কিন্ত্ত সহজসাধ্য নহব । বিজেপিয়ে বহু কেইখন মুখ সলনি কৰিব লগীয়া হব পাৰে । নহলে কিন্তু বিপদ সমাগত ।