জম্মু কাশ্মীৰত পৰৱৰ্তী চৰকাৰ আৰু ফাৰুক আব্দুল্লাৰ ভাৰত মাতা কি জয় ……

2573
  • কালিচৰণ পুলক

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


ফাৰুক আব্দুল্লা শ্ৰীনগৰ সমষ্টিৰ পৰা সাংসদ আৰু জম্মু -কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী । অটল বিহাৰী বাজপায়ী দেৱৰ স্মৃতি সভাত উদাত্ত ভাষণ দি সংবাদ পত্ৰত শিৰোনমা  দখল    কৰিছে । ভাৰত মাতা কি জয় শ্লোগানেৰে মিটিং হ’ল কপাই তুলিছিল ।  ৰিপাব্লিক টিভিত ৰাষ্ট্ৰবাদী অৰ্নব গোস্বামীয়ে আব্দুলাৰ সৈতে  মুখামুখি আলোচনাত বহে । ইনটাৰভিউটোত  অৰ্নবে বহুবাৰ ধন্যবাদেৰে ওপচাই পেলালে আব্দুল্লাক । কিন্তু পৰবৰ্তী সময়ত ঈদৰ দিনাখন কাশ্মীৰৰ হজৰত বল মচজিদত নামাজৰ সময়ত ফাৰুক চাহাবক মুকুলিকৈ অপমান কৰা হ’ল । ফাৰুক আব্দুল্লা গ’ বেক আনকি জোতা পৰ্য্যন্ত দেখুৱালে উপস্থিত একাংশই । ‘ ভাৰত মাতা কি জয় ‘ কোৱাৰ এইয়া আছিল প্ৰতিক্ৰিয়া । কিন্তু প্ৰশ্ন হয় ফাৰুক আব্দুল্লাৰ আদৰ্শৰ পৰিবৰ্তন হ’ল নেকি ? নে তেওঁ ক্ষমতালোভী আদৰ্শবিহীন ৰাজনেতা ?

  ভাৰতীয় সেনাৰ প্ৰতি কটু মন্তব্য দিয়া , পাকিস্তান দখলিকৃত কাশ্মীৰত ভাৰতৰ অধিকাৰ নাই বুলি  বিভিন্ন মন্তব্য দিয়া ব্যক্তি এজনৰ মুখত ‘ভাৰত মাতা কি জয় ‘অতি আচৰিত । ফাৰুক আব্দুল্লাৰ পিতৃ শেইখ আব্দুল্লা  আছিল জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী । পাকিস্তানৰ লগত মিলি  ৰাষ্ট্ৰ বিৰোধী ( Kashmir Conspiracy Case 1958)কৰ্মকাণ্ডৰ বাবে  প্ৰায় এঘাৰ বছৰ জেল খাতিব লগা হৈছিল ফাৰুক আব্দুল্লাৰ পিতৃয়ে । নেচনেল কন্ফাৰেন্স দল জন্ম দিয়াৰ আগতে তেওঁ নেতৃত্ব দিছিল  প্লেবিচাইট ফ্ৰন্ট , যাৰ উদ্দেশ্য ভাৰত বিদ্বেষী  আছিল । কিন্তু ১৯৭১ ৰ ভাৰত -পাকিস্তান যুদ্ধত পাকিস্তানৰ পৰাজয় আৰু বাংলাদেশ গঠনে তেওঁক শংকিত কৰে আৰু শেষত ১৯৭৫ ত প্লেবিচাইট ফ্ৰন্ট ভংগ হয় । শ্বেইখ আব্দুল্লাৰ ৰাজনৈতিক জীৱনো উঠন পতনৰ ব্যতিক্ৰম নহয় । কেতিয়াবা যদি ভাৰতে দণ্ডিত কৰিছে আৰু কেতিয়াবা পাকিস্তানে শত্ৰু ঘোষনা কৰিছে ।  ৰাষ্ট্ৰসংঘত ভাৰতৰহৈ পাকিস্তানক সমালোচনা কৰিছে আৰু অন্যহাতে প্লেবিচাইট ফ্ৰন্টও গঠন কৰিছে । ফাৰুক আব্দুল্লা আৰু তেওঁৰ পিতৃ শ্বেইখ চাহাবৰ মুল উদ্দেশ্য  ক্ষমতা দখল । সময় – সুবিধা অনুসৰি আদৰ্শ ( সুবিধাবাদ) সলনি কৰে । জম্মু-কাশ্মীৰ তথা গোটেই ভাৰতৰ  ৰাজনৈতিক আৰু  সামাজিক পৰিবৰ্তনে তেওঁক বাধ্য কৰিছে নৰেন্দ্ৰ মোদীৰ  ওচৰ চাপিবলৈ । কাৰণ ফাৰুক আব্দুল্লাই উপলব্ধি কৰিছে যে জম্মু- কাশ্মীৰত এতিয়া বিজেপিৰ সমৰ্থন অবিহনে কোনো দলেই চৰকাৰ গঠন কৰিব নোৱাৰে । তাতে আকৌ আগৰ বিজেপি -পিডিপিৰ মিত্ৰতা ভংগ হোৱাৰ পিছত ৰাজ্যখনত ৰাজ্যপালৰ শাসন চলি আছে , সেয়ে নতুন সমীকৰণো অসম্ভৱ নহয় ।সাধাৰণ কাশ্মিৰী মানুহৰ মাজত বিজেপি দল এতিয়া অস্পৃশ্য নহয়  কাৰণ পিডিপি আৰু বিজেপিৰ মিত্ৰতা হৈছিল । মুলত: কথা এটাই যে ভাৰত পাকিস্তান বিভাজনৰ পৰা আৰম্ভ কৰি ফাৰুক আব্দুল্লাৰ ভাৰত মাতা কি জয় , অখিলেশ যাদবৰ বিষ্ণু নগৰ ,সুব্ৰমনিয়াম স্বামীৰ ৰাম মন্দিৰ, ৰাহুল গান্ধীৰ মন্দিৰ দৰ্শন
লৈ সকলো কৰ্মৰে গন্তব্য স্থান কিন্তু এটাই ___ ক্ষমতা ।