ৰাজনীতিৰ অদ্ভুত প্ৰশ্ন 

2472

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)

  • হৃষিকেশ মামা 

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


নৰেন মাষ্টৰক ছাত্র বিলাকে নাম দিছে হিটলাৰ। পাঠদানৰ সময়ত কথা পাতি থাকিলে বেতৰ কোঁব, হম ৱৰ্ক নকৰিলে কাণত ধৰি উঠা বহা, মাৰ পিট কৰিলে বাৰান্দাত আঠু কঢ়া আদি অপৰাধ ভেদে শাস্তিও নিৰ্দিষ্ট কৰা আছিল। দোকানীয়ে যেনেকৈ ভগবানক পূজা কৰি দোকানৰ বিক্ৰী আৰম্ভ কৰে তেনেকৈ চাৰেও এচাৰি ডালৰে দুই কোব মান লগাইহে নিজৰ পাঠদান আৰম্ভ কৰে।  চাৰৰ দৈনিক পূজাৰ ভাগ পোৱা সলকৰ ভিতৰত অন্যতম আছিল আমাৰ বাপুকণ। অংক- বিজ্ঞানৰ মায়াজালত সি ত্রাহিমাম কৰিছিল।

   চাৰৰ বেটৰ কোব খাই খাই তাৰ আমনি লাগিছিল। বাপুকণে ভাবিলে যে সন্ধিৰ বাঁহ বুদ্ধিৰে কাতিব লাগে। সি নৰেন মাষ্টৰক অ’ফিচ ৰুমত লগ ধৰি পাচটা প্ৰশ্ন সুধিলে। প্ৰশ্ন কেইটা শুনাৰ পিছত নৰেন মাষ্টৰে ১ মাহৰ sick leave ললে। sick leaveৰ পিছত স্কুললৈ আহি ছাত্রবিলাকক শাস্তি বিহাও সম্পূৰ্ণ ৰুপে বন্ধ কৰি দিলে। কি আছিল এই প্ৰশ্নকেইটা যাৰ বাবে হিটলাৰৰ ইমান পৰিবৰ্তন হ’ল?  ‘ৰাজনীতি অসম’ৰ হাতত আহি পৰিছে বাপুকণে নৰেণ মাষ্টৰক কৰা পাচটা প্ৰশ্নঃ
১) মুখ্যমন্ত্রীয়ে কৈছে যে তেখেতে অসমৰ ৰাইজে বেয়া পোৱা কোনো কাম নকৰে? তাৰ আচল অৰ্থ কি? তেখেতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰে নে বিৰোধীতা কৰে? চাত্র বিলাকেও পৰীক্ষাত এনেদৰে উত্তৰ দিলে নম্বৰ পাবনে?
২)এন আৰ চি কোৰ্টৰ দ্বাৰা হ’ল , মতা মাইকিৰ সংজ্ঞা কোৰ্টে বিচাৰ কৰিলে তেন্তে ইমান বিলাক ৰাইজৰ প্ৰতিনিধি আমাক কিয় লাগে ?
৩) মন্ত্রীয়ে কৈছে যে ভুল বুজা বুজিৰ বাবে তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ ৰুজু হৈছিল। ভুল বুজাবুজিৰ এই যুক্তিটো শিক্ষক আৰু ছাত্রৰ ক্ষেত্রতো প্ৰযোজ্য হ’ব লাগে। ছাত্রয়ো ভূলতে হ’ম ৱৰ্ক নকৰিলে বা আমাৰ মাজত ভুল বুজা বুজিৰ বাবে মাৰপিট হ’লে আমাক শাস্তি বিহা উচিত নহয়।
৪) আমি এদিন স্কুল ক্ষতি কৰিলে আমাক চাৰে কোবায় , কিন্তু ৰাহুলে চোন এদিনো স্কুলত যোৱা নাছিল ।
৫) দুবাৰ এটা শ্ৰেণীত ফেল কৰিলে আমাক স্কুলৰ পৰা বাহিৰ কৰি দিয়ে । কিন্তু ছাত্ৰৰ লিডাৰবোৰে যে বহু বছৰ ধৰি এটা শ্ৰেণীতে পঢ়ি থাকে তেওঁলোকক কিয় একো নকয় ? আমি ফেল কৰিলে দোষ আৰু একে ছাত্ৰ তেওঁলোক ফেল কৰিলে মন্ত্ৰী?