ট্ৰাক চালকৰ দৰমহা ৫ লাখলৈ বৃদ্ধি

1067
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


এজন ট্ৰাক চালকৰ দৰমহা কিমান হ’ব পাৰে? মাহিলি ২০ হাজাৰ, ৩০ হাজাৰ বা ৪০ হাজাৰ টকা। কিন্তু শুনি আচৰিত হ’ব যে ব্ৰিটেইনত এতিয়া ট্ৰাক চালক এজনক মাহিলি ৫ লাখ টকালৈকে আগবঢ়োৱা হৈছে। ইয়াৰ কাৰণ হ’ল Lorry চালকৰ নাটনি। অক্টোবৰৰ প্ৰথম সপ্তাহত লণ্ডনৰ বহু পেট্ৰল ডিপোত গ্ৰাহকে তেল নাপাই উভতি যাব লগা হৈছিল। চুপাৰ মাৰ্কেট বোৰত যোগান ব্যাহত হৈছিল। ইয়াৰ একমাত্র কাৰণ দেশত পৰ্যাপ্ত পৰিমাণে ট্ৰাক চালক নাই। খ্ৰীচমাছৰ সময়ত বয় বস্তুৰ চাহিদা বহুত বৃদ্ধি পাব। সেয়েহে চৰকাৰে যুদ্ধগতিৰে এই সমস্যা সমাধানৰ বাবে উঠি পৰি লাগিছে। সাময়িক ভাবে মিলিটাৰীৰ সহায়ত যোগান অব্যাহত ৰখাৰ ব্যবস্থা কৰা হৈছে।
ট্ৰাক চালকৰ নাটনিৰ কাৰণ
ব্ৰিটেইনৰ বেছিভাগ ট্ৰাক চালকেই আছিল ইউৰোপৰ অন্য দেশৰ পৰা অহা। ব্ৰেকছিতৰ আগত তেওঁলোকে নিজৰ দেশ আৰু ব্ৰিটেইনৰ মাজত ইচ্ছা অনুসৰি অহা যোৱা কৰিব পাৰিছিল। কিন্তু ব্ৰেকছিতে সকলো সলনি কৰিলে। বহু ট্ৰাক চালক নিজৰ দেশলৈ গৈ উভতি নাহিল। কৰোনাৰ প্ৰভাবৰ বাবেও যাতায়ত সুচল নাছিল। ট্ৰাক চালকৰ নাটনি আগৰ পৰাই কিছু আছিল যদিও ব্ৰেকছিত আৰু কৰোণাই ইয়াক নতুন মাত্রা দিলে। ইয়াৰ সৰ্ব সাধাৰণৰ জীবন যাত্রা প্ৰভাবিত হ’ল। খৱৰ মতে বৰ্তমান ব্ৰিটেইনত ১ লাখ ট্ৰাক চালকৰ চাকৰি আছে। সাধাৰণতে ট্ৰাক চালক এজনৰ দৰমহা ভাৰতীয় মুদ্ৰাৰ হিচাপত ২ লাখ টকা মান হয় যদিও বৰ্তমানৰ সময়ত ই ৫ লাখলৈ বৃদ্ধি পাইছে। চৰকাৰে আনকি দেশৰ বাহিৰৰ চালকক ভিছা দি আমন্ত্রণ জনাইছে। দেশৰ ভিতৰতো ব্যাপক ভাবে প্ৰশিক্ষণ দি নতুন চালক তৈয়াৰ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে। গুগলৰ যুগত আজিকালি সকলো খবৰ মানুহৰ মোবাইলতে উপলব্ধ। অসমৰ পৰা কোনো ট্ৰাক চালক অধিক উপাৰ্জনৰ বাবে ইয়ালৈ আহিব বিচাৰিলে নিশ্চয় নিজে ৰাস্তা বিচাৰি ল’ব।