ৰাহুল গান্ধীৰ প্ৰিয় লুৰিণ জ্যোতি গগৈ

900

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


সদৌ অসম ছাত্ৰ সন্থা( আছু) ই জন্ম দিয়া অসম জাতীয় পৰিষদ ( অজাপ) দলে যোৱা বিধান সভা নিৰ্বাচনত এটা সমষ্টিও জিকিব নোৱাৰিলে । প্ৰথম অৱস্থাত খৱৰটো অজাপৰ বাবে বেয়া আৰু বিজেপি- অগপৰ বাবে ভাল যেন লাগে । কিন্তু জনতাই পাহৰি যাব নালাগিব যে আজি বিশ্বৰ সৰ্ব বৃহৎ দল বিজেপিৰ এসময়ত সংসদত দুজনহে সাংসদ আছিল ।
সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোকৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈক নতুন দায়িত্ব প্ৰদান কৰি অজাপৰ সভাপতি পাতে আৰু সভাপতি হৈ বিভিন্ন বিৰোধী দলৰ লগত আলোচনাত বহে । বদৰুদ্দিন আজমলৰ লগতো তেওঁ কথা পাতে , একমাত্ৰ এটাই ইচ্ছুত । দুয়োজন নেতাই বিজেপিৰ হিন্দুত্ববাদক বিৰোধ কৰে আৰু ‘ কা ‘আইনখন আছু আৰু এআইইউদিএফে বিৰোধ কৰে । সময় তাকৰ আৰু ৰাজনৈতিক পৰিপক্কতাৰ অভাবত অজাপৰ লগত কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলৰ মিত্ৰতা নহ’ল । মিত্ৰতা নোহোৱাৰ পুৰ্ণ সুযোগ বিজেপি মিত্ৰজোঁটে পালে । যদিও কংগ্ৰেছ আৰু আজমলৰ মিত্ৰতাই বিজেপিক একক সংখ্যাহৰিষ্ঠ দল হিচাপে স্কোৰ কৰিবলৈ নিদিলে । যদিহে কংগ্ৰেছৰ লগত সদৌ অসম ছাত্ৰ সন্থাই জন্ম দিয়া দল অজাপৰ মিত্ৰতা হ’লহেঁতেন তেন্তে উজনি আৰু মধ্য অসমত বিজেপিৰ মুখ থেকেচে নিশ্চিত আছিল ।
 এইবাৰ উপনিৰ্বাচনত লুৰিন জ্যোতি গগৈয়ে পুৰ্বৰ ভুলৰ শিক্ষা লৈছে । ভৱানীপুৰ__যিখন ঠাইৰ নাম শ্বহীদ  খৰ্গেশ্বৰ তালুকদাৰৰ লগত জড়িত সেই ঠাইখনত আছুৰ ঔৰসত জন্ম লোৱা অজাপ দলৰ সভাপতি লুৰিন জ্যোতি গগৈয়ে কংগ্ৰেছৰ হৈ  প্ৰচাৰ চলাব গৈছে । ৮৩’ নিৰ্বাচনত ভৱানীপুৰ চকত কংগ্ৰেছ প্ৰাৰ্থী ফকৰুদ্দিন আলি আহমেদৰ পত্নী বেগম আবিদাৰ লগত আছু কৰ্মীৰ সংঘাতৰ কথা আজিও ভৱানীপুৰৰ চুকে কোণে সজীৱ হৈ আছে । তৎস্বত্তেও লুৰিন জ্যোতি গগৈয়ে কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাবলৈ বাধ্য কাৰণ কংগ্ৰেছৰ প্ৰাৰ্থীজনে সংখ্যাগৰিষ্ঠ হিন্দুৰ ভোট কিছু নষ্ট কৰিব পাৰিলে এআইইউদিএফৰ জয় সম্ভৱ । আগন্তুক মাজুলিৰ উপ নিৰ্বাচনত অজাপক কংগ্ৰেছে মাজুলি এৰি দিব আৰু অজাপৰ পৰা প্ৰথমজন বিধায়ক জিকি অহাৰ সুযোগ এটা লুৰিন জ্যোতি গগৈয়ে ল’ব পাৰিব । এক বিশেষ সুত্ৰই দাবী কৰা মতে কংগ্ৰেছৰ যুবৰাজ ৰাহুল গান্ধীয়ে অজাপ দলক  বিশ্বাস কৰে । কেবৰ সময়ত আছুৰ লগত হোৱা বিভিন্ন লানি আলোচনাত ৰাহুল গান্ধীয়ে সমুজ্জল ভট্টাচাৰ্য্য , লুৰিন জ্যোতি গগৈ ,দিপাংকৰ নাথৰ লগত এক বিশেষ বুজাপৰাত উপনীত হৈছিল । কিন্তু কংগ্ৰছৰ ৰাজ্যিক নেতৃত্বৰ গ্ৰিণ চিগনেল নোপোৱাত সেই পৰিকল্পনা বিশেষ আগ বঢ়া নাছিল ।  অসম চুক্তিৰ সময়তো ৰাজীৱ গান্ধীৰ লগত আছু নেতৃত্বৰ এক বিশেষ সুসম্পৰ্কক ভেটি হিচাপে লৈয়েই ৰাহুল গান্ধী আগবাঢ়িছিল । অনাগত নিৰ্বাচনত অজাপ আৰু কংগ্ৰেছৰ মুক্ত মিত্ৰতা আৰু বদৰুদ্দিন আজমলৰ লগত গোপন মিত্ৰতাই বিজেপিক দলক বিপদত পেলাব । নামনি অসমত  আছুৰ ৰাজনৈতিক দল অজাপৰ ধৰ্মীয় সংখ্যালঘু ৰাজনীতি আৰু উজনিত অসমীয়াভাষিক জাতীয়তাবাদী ৰাজনীতিক বিজেপিয়ে কিদৰে মোকাবিলা কৰিব সেইয়া সময়লৈ এৰিলোঁ ।