শ্ৰেষ্ঠ মন্ত্রীঃ অমিত শ্বাহে পালে সৰ্বাধিক ভোট

758

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


যোৱা মাহৰ অপিনিয়ন প’লত আমি মোদী মন্ত্রীসভাৰ সকলোতকৈ সফল মন্ত্রীজন কোন সেয়া ৰাইজৰ পৰা জানিব বিচাৰিছিলো। ১ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ চলা অপিনিয়ন প’লত ৰাইজে অতি উৎসাহেৰে অংশগ্ৰহণ কৰে। সৰ্বাধিক ৪৭.১% ৰাইজৰ মতে গৃহমন্ত্রী অমিত শ্বাহ নৰেন্দ্ৰ মোদী মন্ত্রীসভাৰ শ্ৰেষ্ঠ মন্ত্রী। জন্মু-কাশ্মীৰৰ পৰা আৰ্টিকল ৩৭০ বাতিল কৰাৰ পিছৰে পৰা সোপন্থী সকলৰ ব্যাপক সমৰ্থন লাভ কৰিবলৈ আৰম্ভ কৰিছে অমিত শ্বাহে। সেয়েহে শ্ৰেষ্ঠ মন্ত্রীৰ তালিকাত ৰাইজৰ প্ৰথম পচন্দ অমিত শ্বাহ। এদিনতে সৰ্বাধিক ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কৰি গিনীজ বুকত স্থান লাভ কৰা মন্ত্রীজনেই হ’ল নিতিন গাডকাৰী। গাডকাৰীৰ আমোলতে ৰাইজে পৰিবহন বিভাগত ব্যাপক সংস্কাৰ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে। মুকলি হৈছে এটাৰ পিছত আনটো বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ। তিনিবছৰ আগত কৰা অপিনিয়ন প’লত মোদী মন্ত্রীসভা-১ৰ শ্ৰেষ্ঠ মন্ত্রীৰ খিতাপ দখল কৰিছিল গাডকাৰীয়ে। এইবাৰ গাডকাৰীৰ পক্ষত পৰে ২৯.৪% ভোট। তৃতীয় স্থান লাভ কৰে যুৱ মন্ত্রী তথা উত্তৰ পূৰ্বৰ গৌৰৱ কিৰেন ৰিজিজুৱে। ১৭.৬% ভোট লাভ কৰা জনজাতীয় মন্ত্রীজনে দিল্লীত সকলোৰে দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে। আইনৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰা ৰিজুজু মোদীৰো অতি প্ৰিয়। ৫.৯% ভোট লাভ কৰি তালিকাৰ চতুৰ্থ স্থানত থাকে প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং। উত্তৰ প্ৰদেশৰ ঠাকুৰ নেতাজনে আগন্তুক দিনত এই বিভাগটোত আৰু কিমান গতিশীলতা আনিব পাৰে সেয়া লক্ষণীয় হ’ব।