হু ইজ নগেন শইকীয়া ?

1253
  • হৰকুমাৰ ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


বিদেশী বহিষ্কাৰ আন্দোলনে জন্ম দিয়া নেতা-পালিনেতাৰ মাজত নগেন শইকীয়াও এজন । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক শইকীয়া বুদ্ধিজীবী হোৱাৰ একে সময়তে এজন ৰাজনীতিবিদো যে সেই কথা অসমৰ নতুন প্ৰজন্মই জানিবলৈ ইচ্ছা কৰে । সাহিত্যিক হোৱাৰ লগতে তেওঁ সাংসদো আছিল আৰু নিৰ্বাচনত অৱতীৰ্ণও হৈছিল । অসম চুক্তিৰ ভিত্তি বৰ্ষকলৈ প্ৰফুল্ল কুমাৰ মহন্তক যিধৰণে সমালোচনা কৰা হয় সেই সমালোচনাত নগেন শইকীয়াৰ নামটো খুৱেই কম উচ্চাৰিত হয় । অসম আন্দোলনৰ পটভুমি লক্ষ্য কৰিলে আমি দেখো যে নিবাৰণ বৰাই দিল্লীত কেন্দ্রীয় চৰকাৰৰ আগত
ভাৰতীয় সংবিধানৰ আধাৰত ১৯৫১ভিত্তি বছৰ হিচাবে বিদেশী নাগৰিক বহিষ্কাৰ কৰিবলৈ যেতিয়া সবল যুক্তি দাঙি ধৰিছিল তেতিয়া বিপদত পৰিছিল সেই সময়ৰ কংগ্ৰেছ নেতৃত্বৰ কেন্দ্রীয় চৰকাৰ। চৰকাৰে  উপলব্ধি কৰিছিল নিবাৰণ বৰাৰ
ক্ষমতা; লাহে লাহে আৰম্ভ হয় নিবাৰণ বৰা , হিৰন্য ভট্টাচাৰ্য্যক আঁতৰােৱা কূট কৌশল।  আছু নেতৃত্বক বিভিন্ন টোপ প্ৰদান কৰি চৰকাৰে আলোচনা প্ৰক্ৰিয়াৰ পৰা আতৰ কৰে কেইজনমান বিশেষ ব্যক্তিক । কেন্দ্রীয় চৰকাৰৰ লগত আলােচনা কৰিবলৈ ‘আছু ক প্রয়ােজন হৈছিল দোভাষীৰ।  ইংৰাজীত আলোচনা প্ৰক্ৰিয়া চলাই নিবলৈ এই দোভাষী জন আছিল  কুমুদ
নাথ শর্মা। কিন্তু অসমীয়াৰ লগতে ইংৰাজী, হিন্দী, উর্দু গােটেই ভাষা সলসলীয়া কৈ ক’ব পৰা নিবাৰণ বৰাক আঁতৰাই ৰাখিলে কাৰণ নিবাৰণ বৰা থাকিলে ৰাজীৱ গান্ধীয়ে ১৯৭১ চন কৰিব নোৱাৰিব বুলি বুজি পাইছিল । অসম চুক্তি জন্মৰ
দুদিনমান পূর্বে জন্ম হৈছিল আব্দুল মুহিব মজুমদাৰে জন্ম দিয়া আই এম ডি টি আইন। আই এম ডি টি আইনৰ জৰিয়তে বাংলাদেশী মুছলমানৰ সুৰক্ষা নিশ্চিত হােৱাৰ পিছতহে কংগ্ৰেছে অসম চুক্তি স্বাক্ষৰ কৰিছিল।
১৯৭১ চন বাচি লােৱা হ’ল। ১৯৮৫ ৰ ১৫ আগষ্টত নিশা চুক্তি চাক্ষৰ হ’ল। অসম আন্দোলনৰ পিতামহজনক একাষৰীয়া কৰি ৰখা হ’ল। এটাই অপৰাধ তেওঁ ১৯৫১ টো এৰি দিবলৈ অমান্তি হৈছিল । ১৯৮৫ ৰ লােকসভা নির্বাচনত ডিব্ৰুগড় লােকসভা সমষ্টিত কংগ্ৰেছৰ হৰেন ভুমিজৰ হাতত পৰাস্ত হোৱা নগেন শইকীয়াই তেওঁৰ সাংসদ হোৱা বাসনা এৰি দিয়া নাছিল । ৰাইজে অগ্রাহ্য কৰা ব্যক্তি নগেন শইকীয়াক ৰাজ্যসভাৰ সাংসদ হিচাপে (১৯৮৬-৯২) পঠিওৱা হ’ল। ৰাজ্যসভাৰ ছয় বছৰীয়া কাৰ্যকালত অসম- অসমীয়াৰ কোনটো জ্বলন্ত সমস্যা সমাধানৰ বাবে কি পদক্ষেপ গ্রহণ কৰিলে সেইটো আজিৰ নতুন প্ৰজন্মৰ জনা আছে । সেয়ে বৰাকক নতুন ৰাজ্য বনোৱা যুক্তিৰে নগেন শইকীয়াই কাকতৰ শিৰোনামা দখল কৰিব পাৰে কিন্তু স্মাৰ্ট ফোন আৰু ডিজিটেল যুগত এনেকুৱা বুদ্ধিজীবীৰ কথাই শুন্যৰ সমানো প্ৰভাব নেপালায় ।