আৰয়ান, সমীৰ, গোছাভী, প্ৰভাকৰ আদি

759

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


‍শ্বাহৰুখ তনয় আৰয়ান খানৰ হৈ ওকালতি কৰে প্ৰাক্তন এটৰ্নী জেনেৰেল মুকুল ৰহটোগীয়ে। আৰয়ন খানে জামিল লাভ কৰে যদিও তেওঁ গ্ৰেপ্তাৰ হোৱা দিনৰ পৰা আজিলৈকে যিবোৰ ঘটনা পোহৰলৈ আহিছে সেইবোৰ কোনো হিন্দী থ্ৰীলাৰ চিনেমাতকৈ কম ৰহস্যঘন নহয়। সেয়েহে এই চিনেমা(?) খনৰ প্ৰতিটো পাত্র পাত্রীৰ চিনাকি দি, ঘটনা বিলাক জোৰা লগাবলৈ চেষ্টা কৰিছো।
আৰয়ান খানঃ চুপাৰ স্তাৰ স্বাহৰুখ খানৰ পুত্র আৰয়ান খানৰ বয়স ২০ বছৰ। কডেলিয়া ক্ৰুজৰ পাৰ্টীলৈ যাওতে তেওঁক গ্ৰেপ্তাৰ কৰা হয় সেই পাৰ্টীৰে অন্য সদস্যৰ পৰা ড্ৰাগছ পোৱাৰ অভিযোগত। আৰয়ানৰ বন্ধু মুনমুন ধমেছা আৰু আৰবাজ মাৰ্চেন্টৰ পৰা ড্ৰাগছ বৰামত হৈছে বুলি এন.চি.বি এ জনাইছে। পৰিমান ৬ গ্ৰাম।
সমীৰ ৱানখেৰেঃ এই কেছটোৰ তদন্তকাৰী বিষয়া সমীৰ। ৰিয়া-সুশান্তৰ কেছটোত তেওঁ এন.চি.বিৰ কাম কৰিছিল। তাৰ আগতে কাস্তম অফিছাৰ আৰু ৰেভিনিউ অফিছাৰ হিচাপে তেওঁ বহুতৰ পৰা চৰকাৰক কঁৰ গ্ৰহণত সহায় কৰিছে। তেওঁৰ ইমেজ এজন সৎ বিষয়াৰ।
প্ৰভাকৰ চেলঃ প্ৰভাকৰ এজন পেছাগত বাউন্সাৰ। তেওঁ ভি.আই.পিৰ ব্যক্তিগত সুৰক্ষাৰ দায়িত্বত থাকে। বৰ্তমান সময়ত তেওঁ কে.পি গোছাভীৰ দেহৰক্ষী। এই কেছটোৰ এজন সাক্ষী প্ৰভাকৰ। এন.চি.বিৰ হৈ কোৰ্টত সাক্ষ্য প্ৰদান কৰাৰ কথা আছিল তেওঁৰ।
কে.পি গোছাভীঃ পুনেৰ এজন ব্যবসায়ী গোছাভীৰ ওপৰত ইতিমধ্যে ৪২০ কেছ এটা ৰুজু হৈ আছে। এন.চি.বিৰ সাক্ষী গোছাভী আৰু তেওঁৰ দেহৰক্ষী প্ৰভাকৰ।
নবাব মালিকঃ এন.চি.পিৰ বিধায়ক তথা উদ্ধৱ থাকৰে মন্ত্রীসভাৰ কেবিনেট মন্ত্রী।
এতিয়া আহো আছল ঘটনালৈ। এন.চি.বিৰ সাক্ষী প্ৰভাকৰ চেলে বিদ্ৰোহ আৰম্ভ কৰে। প্ৰভাকৰৰ মতে এন.চি.বিৰ কেছটো ভুৱা। তেওঁক হেনো বগা কাগজত চহী কৰিবলৈ দিয়া হৈছিল। প্ৰভাকৰৰ মতে তেওঁৰ বছ গোছাভীয়ে চাম ডিছুজা নামৰ ব্যক্তি এজনৰ লগত কথা পাতি থাকোতে তেওঁ কিছু কথা শুনা পাইছিল। গোছাভী আৰু ছামে শ্বাহৰুখৰ পৰা ২৫ কৌটি টকা লৈ সমীৰ ৱানখেৰেক  ৮ কৌটি টকা দিয়াৰ পৰিকল্পনা কৰিছিল। নিজৰ সমৰ্থনত প্ৰভাকৰে এটা ভিডিঅ’ জাৰী কৰে যত গোছাভীয়ে নিজৰ মবাইলটো আৰয়নক দি কিবা কবলৈ নিৰ্দেশ দি আছে। ভিডিঅ’ত প্ৰকৃত কথোপকথন খিনি নাই যদিও ছবিখিনিয়ে বুজিবৰ বাবে যঠেষ্ট। এন.চি.বিৰ কাষ্টদীত থকা ব্যক্তি এজনক কিদৰে গোছাভীয়ে লগ কৰিব পাৰে আৰু নিজৰ মোবাইল ফোন দিব পাৰে তাক লৈও প্ৰশ্ন উদয় হৈছে। আনহাতে মহাৰাষ্ট্ৰৰ মন্ত্রী নবাব মালিকেও সমীৰ ৱানখেৰেৰ বিৰূদ্ধে যুঁজ আৰম্ভ কৰিছে। নবাব মালিকৰ জোঁৱাই সমীৰ খানক এন.চি.বিৰ সমীৰ ৱানখেৰেই ড্ৰাগছৰ কেছত ১০ মাহ জেলৰ ভাত খুৱাইছিল। সেয়েহে নবাবৰ সমীৰ ৱানখেৰেৰ ওপৰত খং উঠাটো স্বাভাবিক। নবাব মালিকে অভিযোগ কৰা মতে সমীৰ ৱানখেৰে প্ৰকৃততে মুছলমান। তেওঁৰ আচল নাম হেনো ডাউদ ৱানখেৰে।  কিন্তু অনুসুচিত জাতিৰ সুবিধা গ্ৰহণ কৰি আই.আৰ.এছ পাবলৈ হিন্দুৰ ভেশ ধৰিছিল। সমীৰ ৱানখেৰেৰ মাতৃ মুছলমান আৰু পিতৃ হিন্দু আছিল। ৱানখেৰেৰ প্ৰথমা পত্নী মুছলমান আৰু বৰ্তমানৰ পত্নীজন হিন্দু। পত্নীৰ মতে তেওঁ আৰু পতি সমীৰ দুয়ো হিন্দু ধৰ্ম পালন কৰে।
প্ৰভাকৰে আৰু কৈছে যে তেওঁ শ্বাহৰুখনৰ চেক্ৰেটাৰীৰ পৰা ৫০ লাখ টকা আহৰণ কৰি গোছাভীক দিছে। তাৰ পিছৰে পৰা গোছাভী নিৰুদ্ধেশ। ২৮ অক্টোবৰ তাৰিখে পুলিছে গোছাভীক গ্ৰেপ্তাৰ কৰিছে।
সচাকৈয়ে মায়াবীনী মুম্বাই মহানগৰী। কেইদিনমান আগতে মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত আৰ.দি.এক্স ৰখা ঘটনাৰ আচল ৰহস্য উদঘাটন হৈছে। এতিয়া আৰয়ন খানৰ কেছটোৱে আৰু কি নতুন তথ্য পোহৰলৈ আনে সেয়া লক্ষণীয় হ’ব।