৫১% ৰাইজৰ মতে বিদেশী সমস্যা সমাধান প্ৰাথমিকতা

837

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


ৰাজনীতি অসমৰ অক্টোবৰ ২০২১ৰ অ’পিনিয়ন প’লত আমি প্ৰশ্ন কৰিছিলো_ ৫ বছৰত হিমন্ত বিশ্ব শৰ্মাই অসমৰ কোনটো সমস্যা সমাধান কৰিব লাগে? বিকল্প হিচাপে আছিল
  • বিদেশী অনুপ্ৰবেশকাৰী চিনাক্ত আৰু বিতাৰন
  • নিবনুৱা সমস্যা
  • মুল্যবৃদ্ধি সমস্যা
  • বানপানী সমস্যা
  • চৰকাৰী কাৰ্য্যালয়ত দুৰ্নীতি
  • চৰকাৰী ভূমি বেদখল
  • অন্য
ৰাইজে ইয়াৰ মাজৰ যিকোনো এটা বিকল্পৰ সপক্ষে ভোটদান কৰিব পাৰে। আমাৰ অ’পিনিয়ন প’ল চলিছিল ১ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ। সৰ্বাধিক ৫১.১% ৰাইজৰ মতে হিমন্ত বিশ্ব চৰকাৰৰ প্ৰাথমিকতা হ’ল বিদেশী সমস্যা সমাধান। অসমে বহু বছৰ এই বিষয়লৈ আন্দোলন কৰিলে। বহু নেতাৰ সৃষ্টি হ’ল যদিও সমস্যা সমাধান নহ’ল। ৰাইজে স্থায়ী সমাধানকলৈ ড° হিমন্ত বিশ্ব চৰকাৰৰ ওপৰত আশা ৰাখিছে। ১৫.৬% ৰাইজে মুল্যবৃদ্ধি সমস্যা সমাধান হোৱাটো বিচাৰিছে। বৰ্তমান পেট্ৰল, ডিজেল তথা নৈত্য ব্যবহাৰ্য্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিকলৈ ৰাইজ খুব অসন্ত্তষ্ট। চৰকাৰী কাৰ্য্যালয়ত দুৰ্নীতি ৰোধ কৰাটো বিচাৰে ১৩.৩% ৰাইজে। চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ পৰা দালালৰ গ্ৰেপ্তাৰে ৰাইজৰ মনত আশাৰ সঞ্চাৰ কৰিছে। ৮.৯% ৰাইজৰ মতে বানপানী সমস্যা সমাধান হ’ব লাগে। সম পৰিমানৰ ৪.৪% ৰাইজৰ মতে নিবনুৱা সমস্যা আৰু চৰকাৰী ভূমি বেদখল অসমৰ প্ৰধান সমস্যা আৰু মুখ্যমন্ত্রীয়ে এয়া সমাধান কৰাটো বিচাৰিছে। অন্যৰ সপক্ষে ভোটদান কৰিছে ২.২% ৰাইজে। এতিয়া লক্ষণীয় হ’ব মুখ্যমন্ত্রীয়ে কোনটো সমস্যা সমাধান কৰিবলৈ সক্ষম হয়।