চৰকাৰত থকা নেতা- মন্ত্ৰীৰ পলায়নবাদী চৰিত্ৰৰ বাবেই জন্ম হ’ল নতুন দল

1107
  • ৰাজেন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


বিজেপিৰ একাংশ নেতাৰ মৌনতাৰ ফলতেই নতুন দলৰ জন্ম হৈছে । হয় নাগৰিকত্ব সংশোধনী বিলৰ সময়ত অসমৰ অধিকাংশ বিজেপি নেতাই মৌনব্ৰত ধাৰণ কৰিছিল । সংযুক্ত সংসদীয় কমিটিয়ে যেতিয়া অসমলৈ আহিছিল কেবৰ কাৰণে জনমত সংগ্ৰহৰ বাবে আৰু সেই কথা আজি সকলোৰে মনত আছে । “জেপিচি অহা মানেই নাগৰিকত্ব বিল আহিব বুলি কি নিশ্চিতি আছে ” __এনেকুৱা মন্তব্য দিয়া ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আজিও মিডিয়াৰ আৰ্কাইভত নথকা নহয় ।  আছু , অগপৰ দৰে সংগঠনে নিজৰ নীতিত বাহাল থাকি জেপিচিৰ সমিতিৰ আগত কেবক বিৰোধীতা কৰি পত্ৰ দিছিল , যদিও অগপৰ একমাত্ৰ সাংসদজনে ৰাজ্যসভাত নিজৰ স্থিতি সলনি কৰে ।  বিজেপিৰ সভাপতি , অসম চৰকাৰৰ মুখ্যমন্ত্ৰীজনে নিৰৱতা অৱলম্বন কৰাৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ বিজেপিৰ টিকটত বিধায়ক হোৱা বা সাংসদ হোৱা নেতাসকলো মৌন হৈ থাকিল । বিজেপিৰ এই বৃহৎ সংখ্যক নেতাগণৰ পলায়নবাদী স্থিতিক ভিত্তি কৰি আছুৱে আক্ৰমণৰ লক্ষ্য কৰি ল’লে সৰ্বানন্দ সোণোবালক । হিতেশ্বৰ শইকীয়াৰ পিছতেই আছুৰ সৰ্বস্ব ৰোষত পৰিল একালৰ প্ৰাক্তণ সতীৰ্থ সৰ্বানন্দ সোণোৱাল । সৰ্বানন্দ সোণোৱালৰ স্থিতিক ব্যৱহাৰ কৰিলে কংগ্ৰেছেও । বৰ্তমানৰ সাংসদ আব্দুল খালেকে সংবাদ মাধ্যমত এই পৰ্যন্ত প্ৰচাৰ কৰিলে যে __সৰ্বানন্দ সোণোৱালে যদি বিজেপি ত্যাগ কৰে তেন্তে কংগ্ৰেছে অগপৰ লগত মিত্ৰতা কৰি চৰকাৰ গঠন কৰিবলৈ ইচ্ছুক আৰু  সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে কংগ্ৰেছে সমৰ্থন দিব । অগপৰ সময়ত হোৱা গুপ্তহত্যাৰ সময়ত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিজৰ স্থিতিৰ পৰা এধাপো পিছুৱাই অহা নাছিল । হিতেশ্বৰ শইকীয়াৰ সময়ত হোৱা অসম আন্দোলন বা তৰুণ গগৈৰ সময়ত ব্যৰ্থ হোৱা এন আৰ চিৰ পায়লত প্ৰজেক্টৰ বিফলতা স্বত্তেও আছুৱে ৰাইজৰ কান্ধত বন্দুক থৈ তেওঁলোকক ব্যক্তিগত আক্ৰমণ কৰাৰ সুযোগ পোৱা নাছিল ।  কিন্তু সৰহ সংখ্যক জনগণৰ সমৰ্থন থকা নাগৰিকত্ব বিল খনৰ সময়ত একমাত্ৰ নেতাৰ নিজৰ মৌনতা আৰু পলায়নবাদী নীতিৰ বাবে ছাত্ৰ সংগঠনে ৰাজপথত মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ পুত্তলিকাক দাহ কৰাই নহয় , নাটকীয় ফাঁচী কাঠো বনাইছিল । অকল অসমীয়াভাষী ছাত্ৰ সংগঠনেই নহয় মৌলবাদী দল বিলাকেও  মুক্ত ভাবে ব্যক্তিগত আক্ৰমণ কৰি গ’ল । এনেকুৱা এক  ব্যক্তিগত শ্লিলতাহানী পৰিবেশত কেব সমৰ্থক জনতাৰ মাজত সন্দেহৰ ভাব সৃষ্টি হয় ____বিজেপি নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাব কৰা  কেবক হয়টো মুখ্যমন্ত্ৰীয়ে সমৰ্থন নকৰে , আৰু উপায়হীন শান্ত প্ৰকৃতিৰ বিবেকবান সৰ্বানন্দ সোণোৱালে মৌনব্ৰত ধাৰণ কৰিছে । সেই সময়ত সৰ্বানন্দ সোণোৱালে মিডিয়াৰ আগত দিয়া ,” মোক একঘৰীয়া নকৰিব……..” ধৰণৰ মন্তব্যই সাধাৰণ অসমীয়াভাষী ৰাইজৰ আবেগক উদ্দেলিত কৰিছিল । একে সময়তে লুৰিণ জ্যোতি গগৈ আৰু দিপাংকৰ নাথৰ আপচবিহীন স্থিতিত সমুজ্জ্বল ভট্টাচাৰ্য্য বিবুধিত পৰা বুলিও বিভিন্ন সুত্ৰই দাবী কৰে । পুৰ্বৰ প্ৰবীণ বড়ো , তপন গগৈ , শংকৰ প্ৰসাদ ৰায়ৰ ওপৰত থকা সমুজ্জ্বল ভট্টাচাৰ্য্যৰ নিয়ন্ত্ৰণ লুৰিণ- দিপাংকৰৰ ওপৰত নচলা হ’ল । আছুৰ ভিতৰচৰাত ওলোৱা খৱৰ মতে সৰ্বানন্দ সোণোবাল আৰু আছু নেতৃত্বৰ মাজৰ ব্যৱধান বৃদ্ধিত মুখ্যমন্ত্ৰীৰ উপদেষ্টা মণ্ডলীৰ এজন বিশেষ ব্যক্তিৰ উপদেশো কাৰণ হৈছিল । সম্পৰ্ক , আবেগ সকলোকে নতুন গতি প্ৰদান কৰি সময়ৰ শৰ সময়ত মাৰিলে লুৰিণ জ্যোতি গগৈয়ে । আছুৰ প্ৰত্যক্ষ সহযোগত ৰাজনৈতিক দল গঠন প্ৰক্ৰিয়াই নতুন যুগৰ সুচঁনা কৰে । নিখিল বড়ো ছাত্ৰ সন্থাৰ দৰেই সদৌ অসম ছাত্ৰ সন্থাইও নিজৰ দল জন্ম দিলে অজাপ । কেবৰ সময়ত বিজেপি মিত্ৰজোঁট চৰকাৰ ভংগ কৰাৰ কৌশল ( আব্দুল খালেকৰ সমীকৰণ ) বিফল হয়  হিমন্ত বিশ্ব শৰ্মা  আৰু হাগ্ৰামা মহিলাৰীৰ স্থিতিয়ে । মহিলাৰীৰ দৰে এজন জনজাতীয় নেতাৰ মুখত কেব সমৰ্থনৰ বক্তব্যই নামনি আৰু মধ্য অসমৰ বৰ্ণ হিন্দু অসমীয়া ভাষী ৰাইজক কেব সম্পৰ্কে ধাৰণা সৃষ্টিত সহায় কৰে আৰু নতুন সমীকৰণ অপ্ৰাসংগিক হৈ যায় ।  তৎস্বত্তেই উজনি অসম ( পুৰ্ব বংগীয় অনুপ্ৰবেশকাৰীৰ উমান কম পোৱা ) ৰ অঞ্চল বিলাকত লুৰিণ জ্যোতি গগৈৰ প্ৰভাব বৃদ্ধি হৈ থাকিল । অজাপ , ৰাইজৰ দল , কংগ্ৰেছ , ইউডিএফৰ মহাজোঁটে অসমৰ নিৰ্বাচনক নতুনত্ব প্ৰদান কৰাৰ লগতে অসমৰ সমাজিক পৰিবেশো সলনি কৰিব ।